দৰ পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৰ-পূজা হৈছে একপ্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পূজন। নাট্যসমল যুক্ত দৰ-পূজা, ‘শস্ত্ৰ -পূজন’ পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহকৰূপে গণ্য কৰা হয়। পুৰণি কালত কোচ-ৰজাসকলে ৰণ-যাত্ৰাৰ প্ৰাক মুহূৰ্তত দৰ পূজা উদযাপন কৰিছিল। কিন্তু ইয়াৰ দৰে বৰ্তমান দৰঙী ৰজাৰ বংশধৰসকলে দৰ-পূজা নকৰে। দৰ-পূজাৰ জৰিয়তে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱী নাইবা ৰণচণ্ডীক শাস্ত্ৰীয় পদ্ধতিৰে পূজা নিবেদন কৰা হয়। ৰজা দিনীয়া অস্ত্ৰ-শস্ত্ৰ, যাঠি-জোং, পতাকা-নিচান আদি পূজাস্থলীলৈ উলিয়াই আনে। দৰঙী ৰজাসকলৰ বংশধৰসকলে সেই অস্ত্ৰ-শস্ত্ৰবোৰ হাতত লৈ শাৰী পাতি ৰণ যাত্ৰা কৰাৰ নিচিনাকৈ থিয় হয় আৰু যুদ্ধত প্ৰবৃত্ত হোৱাৰ ভাও প্ৰদৰ্শন কৰে। যুদ্ধ-বাদ্য ঢেপা ঢোল, বৰতাল, বৰকাঁহ, শিঙা, শংখ, নাগাৰা আদিৰ বাদ্য-বাজনাত সমগ্ৰ পূজাস্থলীখনত যুদ্ধৰ পৰিৱেশ এটাৰ সৃষ্টি হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা, ড⁰ নবীন চন্দ্ৰ শৰ্মা