সমললৈ যাওক

ধৰাসন সত্যাগ্ৰহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯৩০ চনৰ লোণ আইন অমান্য আন্দোলনৰ সময়ত, লোণ সত্যাগ্ৰহৰ নেতা,মহাত্মা গান্ধী। গান্ধীক ধৰাসন সত্যাগ্ৰহৰ অভিপ্ৰায় ঘোষণা কৰাৰ পিছত ৪ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল। গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাসকল গ্ৰেপ্তাৰ হোৱা বাবে, অভিযানটো সৰোজিনী নাইডু আৰু মৌলানা আবুল কালাম আজাদে নেতৃত্ব দিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলন
তাৰিখ ২১ মে', ১৯৩০
অৱস্থান ধৰাসন, গুজৰাট, ব্ৰিটিছ ৰাজ (বৰ্তমান ভাৰত)
ফলাফল বৃহৎ আন্তৰ্জাতিক মনোযোগ আৰু সমৰ্থন আদায়
যুজাৰু
ভাৰতীয় জাতীয় কংগ্ৰেছ ইণ্ডিয়ান ইম্পেৰিয়েল পুলিচঅ
কমাণ্ডাৰ আৰু দলপতিসকল
সৰোজিনী নাইডু

মৌলানা আবুল কালাম আজাদ

ব্ৰিটিছ বিষয়া (নাম উল্লেখ নাই)
সৈন্য শক্তি
২,৫০০ ৪০০ (৬ জন ব্ৰিটিছ বিষয়াক ধৰি লৈ)
ক্ষয়ক্ষতিৰ পৰিমাণ
২ জনৰ মৃত্যু

৩২০ জন আঘাতপ্ৰাপ্ত (সাংবাদিক ৱেব মিলাৰৰ মতে)

নাই

ধৰাসন সত্যাগ্ৰহ (ইংৰাজী: Dharasana Satyagraha) হ’ল, ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰা নিমখ কৰৰ বিৰুদ্ধে ১৯৩০ চনৰ মে’ মাহত ভাৰত উপমহাদেশত হোৱা এক প্ৰতিবাদী আন্দোলন। লোণ আইন অমান্য আন্দোলনৰ অংশ ৰূপে দাণ্ডিলৈ হোৱা পদযাত্ৰা সমাপ্ত হোৱাৰ পিছত, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰতিবাদ ৰূপে মহাত্মা গান্ধীয়ে গুজৰাটত ধৰাসন নিমখ আন্দোলনৰ ৰূপত এক অহিংস প্ৰতিবাদ আৰম্ভ কৰে। ধৰাশন সত্যাগ্ৰহত শ শ সত্যাগ্ৰহীয়ে অংশগ্ৰহণ কৰিছিল, যাক ব্ৰিটিছ কমাণ্ডৰ অধীনত সৈন্যৰ দ্বাৰা মাৰ-পিত কৰি অত্যাচাৰ কৰা হৈছিল। এই প্ৰচাৰে ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰতি বিশ্বৰ মনোযোগ আকৰ্ষণ কৰে আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বৈধতা সম্পৰ্কে প্ৰশ্ন উত্থাপন হয়। আন্তৰ্জাতিক মনোযোগৰ লগতে, ধৰাসনত ব্ৰিটিছ বিষয়াসকলৰ হিংসাত্মক আচৰণৰ বাবে ঔপনিৱেশিক চৰকাৰৰ প্ৰতি সাধাৰণ ঘৃণাৰ সৈতে, ভাৰতীয় স্বাধীনতা আন্দোলনে ভাৰতীয় জনসাধাৰণৰ পৰাও ব্যাপক সমৰ্থন লাভ কৰিছিল।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

গান্ধী আৰু জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯৩০ চনৰ ২৬ জানুৱাৰীত ৰাজহুৱাভাৱে স্বাধীনতা ঘোষণা বা পূৰ্ণ স্বৰাজ জাৰি কৰে।[1] ১৯৩০ চনৰ ৬ এপ্ৰিলত গান্ধীয়ে দাণ্ডিলৈ কৰা লোণ মাৰ্চৰ লগে লগে ব্ৰিটিছ লোণ কৰৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আৰম্ভ হয়। ১৯৩০ চনৰ ৪ মে’ত গান্ধীয়ে ভাৰতৰ ভাইচৰয় লৰ্ড ইৰউইনলৈ পত্ৰ লিখি ধৰাসন লোণ কাৰখানাত অভিযান চলোৱাৰ উদ্দেশ্যৰ বিষয়ে বুজাই দিয়ে। লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰস্তাৱিত কাৰ্য পৰিকল্পনাক অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। পৰিকল্পিত দিনটোৰ আগতেই নেহৰু আৰু চৰ্দাৰ বল্লভভাই পেটেলকে ধৰি বহু কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰা হয় ৷

ধৰাসন মাৰ্চ

[সম্পাদনা কৰক]

পৰিকল্পনা অনুসৰি এই পদযাত্ৰা আগবাঢ়িল, ৭৬ বছৰীয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আব্বাছ ত্যবজীয়ে গান্ধীৰ পত্নী কস্তুৰবাক কাষত লৈ পদযাত্ৰাৰ নেতৃত্ব দিয়ে। ধৰাসন পোৱাৰ পূৰ্বে দুয়োকে গ্ৰেপ্তাৰ কৰি তিনি মাহৰ কাৰাদণ্ড বিহা হয়।[2] গ্ৰেপ্তাৰ হোৱাৰ পিছতো সৰোজিনী নাইডু আৰু মৌলানা আবুল কালাম আজাদৰ নেতৃত্বত শান্তিপূৰ্ণ আন্দোলন অব্যাহত থাকে ৷ এই পদযাত্ৰাৰ নেতৃত্ব দিবলৈ গান্ধীয়ে এগৰাকী মহিলাক পদোন্নতি দিয়াৰ কথাত একাংশ কংগ্ৰেছ নেতাৰ মতানৈক্য প্ৰকাশ পায়।[3] ভাৰতীয় জাতীয় কংগ্ৰেছৰ শতাধিক স্বেচ্ছাসেৱকে ধৰাসন লোণ কৰ্মস্থলীৰ দিশে পদযাত্ৰা আৰম্ভ কৰে। কেইবাবাৰো নাইডু আৰু সত্যাগ্ৰহীসকলে নিমখৰ কামৰ কাষ চাপিছিল, তাৰ পিছত আৰক্ষীয়ে তেওঁলোকক ঘূৰাই পঠিয়াইছিল। এটা সময়ত তেওঁলোকে বহি লৈ আঠাইশ ঘণ্টা অপেক্ষা কৰিলে। এই আন্দোলনত শ শ লোকক গ্ৰেপ্তাৰ হৈছিল।[4]

নোটসমূহ

[সম্পাদনা কৰক]
  1. "The pledge was taken publicly on January 26, 1929, thereafter celebrated annually as Purna Swaraj Day." Wolpert, 2001, p. 141.
  2. Ackerman & DuVall, p. 89.
  3. Tanejs, p. 128.
  4. Ackerman & DuVall, p. 89

তথ্যসূত্ৰ

[সম্পাদনা কৰক]