সমললৈ যাওক

নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়
{{{Name}}}
{{{Name}}}
অৱস্থান
নকছাৰি, অসম  ভাৰত, ৭৮৫৬৩৫,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ ৰাজহুৱা
নীতি সা বিদ্যা যা বিমুক্তয়ে
প্ৰতিষ্ঠাকাল ১৯৩৫ চন
বিদ্যালয়ৰ বিভাগ যোৰহাট
অধ্যক্ষ তোলন গগৈ (ভাৰপ্ৰাপ্ত)
ছাত্ৰৰ সংখ্যা প্ৰায় তেৰশ
মাধ্যম অসমীয়া
ভাষা অসমীয়া
কেম্পাছ গ্ৰাম্য অঞ্চল
অন্তৰ্ভূক্তিসমূহ SEBA আৰু AHSEC

নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Nakachaari Higher Secondary School) নকছাৰিত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৫ চনত স্থাপিত হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ই নকছাৰিৰ দৰকিয়াল গাঁও,তিৰুৱাল গাঁও আৰু তিৰুৱাল চাহ বাগিছাৰ মধ্যৱৰ্তী অঞ্চলত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৪০জন শিক্ষক-শিক্ষয়িত্ৰী আৰু তেৰশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াৰে শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

মাইনৰ স্কুল

[সম্পাদনা কৰক]

১৯৩৫ চনত অঞ্চলটোৰ শিক্ষানুৰাগী লোকৰ উদ্যোগত এখন মাইনৰ স্কুল প্ৰতিষ্ঠা কৰিলে। মাটি ঠিক কৰি স্থানীয় ৰাইজৰ সহযোগত হাবি জংঘ্ল কাটি, বাহেঁৰে বেঞ্চ-ডেস্ক,চকী-মেজ সাজি এক ইতিহাস গঢ়িলে। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল ৺সোণেশ্বৰ হাজৰিকা। ১৯৩৯ চনত প্ৰথমটি দলৰ পৰীক্ষাৰ্থী হিচাপে ৩জন ছাত্ৰই M.E.Final পৰীক্ষা দিছিল।[1]

হাইস্কুল

[সম্পাদনা কৰক]

১৯৫২ চনত মাইনৰ স্কুলৰ আলমতে নকছাৰি হাইস্কুল প্ৰতিষ্ঠা হ’ল। শিক্ষক বিছাৰি আনিলে,ৰাইজেও ধনে-জনে সহায় কৰিলে। একেলগে সপ্তম আৰু অষ্টম শ্ৰেণী আৰম্ভ কৰিলে। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৺শ্ৰীনাথ শৰ্মা। ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। ১৯৫৯ চনত বিদ্যালয় খনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰে।[2]

এম ই স্কুল আৰু হাইস্কুল একত্ৰীকৰণ ও প্ৰাদেশীকৰণ

[সম্পাদনা কৰক]

১৯৬২ চনৰ ১ মাৰ্চত এম ই স্কুল আৰু হাইস্কুলৰ একত্ৰীকৰণ হয়। ১৯৬৪ চনত নকছাৰি হাইস্কুলে চৰকাৰী সাহায্যপ্ৰাপ্ত হিচাপে পৰিগণিত হয়। ১৯৭৭চনৰ ১অক্টোবৰত বিদ্যালয়খন প্ৰাদেশীকৰণ হয়।[3]

উচ্চতৰ মাধ্যমিকলৈ উন্নিতকৰণ

[সম্পাদনা কৰক]

নকছাৰি হাইস্কুলখনকে ১৯৮৩ চনৰ ১ অক্টোবৰ তাৰিখে কলা তথা বিজ্ঞান শাখাসহ উচ্চতৰ মাধ্যমিক শাখালৈ উন্নীত কৰা হয়। ৺ললিতচন্দ্ৰ বৰপূজাৰীক নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিযুক্ত হয়। তেওঁ ১৯৯০ চনলৈকে এই দায়িত্বত থাকে।[4]

প্ৰাথমিক বিদ্যালয়ৰ একত্ৰীকৰণ

[সম্পাদনা কৰক]

২০২৩ চনত বিদ্যালয়ৰ একে চৌহদতে থকা দৰিকিয়াল প্ৰাথমিক বিদ্যালয়খন একত্ৰীকৰণ হোৱাৰ ফলত বৰ্তমানে বিদ্যালয়খনত প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে পঢ়াৰ ব্যৱস্থা আছে।

বৰ্তমান

[সম্পাদনা কৰক]

নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্তমান হাইস্কুলৰ ভাগটো ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঁচটা শ্ৰেণীৰে গঠিত। প্ৰতিটো শ্ৰেণীৰে দুটাকৈ শাখা আছে। আনহাতে উচ্চতৰ মাধ্যমিকৰ ভাগটো কলাআৰু বিজ্ঞান এই দুটা শাখাৰে গঠিত। একে চৌহদত থকা দৰিকিয়াল প্ৰাথমিক বিদ্যালয়খন বিদ্যালয়ৰ লগত একত্ৰীকৰণ হোৱাৰ ফলত বৰ্তমানে বিদ্যালয়খনত প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে পঢ়াৰ ব্যৱস্থা আছে। চৌহদৰ ভিতৰতে সমাজ কল্যাণ বিভাগৰ অধিনস্থ এটা অংগনবাড়ী কেন্দ্ৰও আছে।

প্ৰধান শিক্ষক আৰু অধ্যক্ষ সকল

[সম্পাদনা কৰক]

প্ৰধান শিক্ষক

[সম্পাদনা কৰক]
  • ৺সোণেশ্বৰ হাজৰিকা(মাইনৰ স্কুল,১৯৩৫ চন)
  • ৺শ্ৰীনাথ শৰ্মা(হাইস্কুল,১৯৫২চন)
  • জীৱন চন্দ্ৰ ফুকন(হাইস্কুল)
  • নিত্যানন্দ বৰদলৈ (হাইস্কুল)[5]

অধ্যক্ষ

[সম্পাদনা কৰক]
  • ৺ললিতচন্দ্ৰ বৰপূজাৰী (১৯৮৩-১৯৯০ চন)
  • ৺ দুৰ্গাধৰ বৰুৱা(১৯৯০-১৯৯২)
  • ৺ দেবেন্দ্ৰনাথ বৰগোহাঁঞি(১৯৯২)
  • অলকানন্দ চুতীয়া
  • ডম্বৰু গগৈ
  • অতুল চন্দ্ৰ বৰুৱা(২০০৯)
  • ৺ শিৱপ্ৰসাদ কটকী
  • উত্তম দত্ত
  • তোলন গগৈ(বৰ্তমানলৈ)

[6]

বৃত্তিমূলক শিক্ষা

[সম্পাদনা কৰক]

বিদ্যালয়ত বৰ্তমানে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা ফ্ৰেমৱৰ্ক আচনিৰ অধীনত ৰিটেইল আৰু বিউতি এণ্ড ৱেলনেচ নামেৰে দুটা পাঠ্যক্ৰম চলি আছে। এই পাঠ্যক্ৰম নৱম মানৰ পৰা দ্বাদশ মানলৈকে ছাত্ৰ-ছাত্ৰসকলৰ বাবে ল'ব পৰা ব্যৱস্থা আছে।

চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]

উল্লেখযোগ্য প্ৰাক্তন ছাত্ৰ-ছাত্ৰী

[সম্পাদনা কৰক]
  • পৱন আগৰৱালা, বিশিষ্ট ব্যৱসায়ী, ডাটামেচন গ্ৰুপৰ স্বত্বাধিকাৰী
  • ড˚ অংকুৰ গগৈ (২০০০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত একাদশ স্থান প্ৰাপ্ত)
  • বৃষ্টি কংকনা গগৈ (শিশু চাইক্লিষ্ট)
  • ৰূপম চেতিয়া (অভিনেতা)
  • ৰনাল্ড হুছেইন (অভিনেতা)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ফণীন্দ্ৰ নাথ গগৈ. নকছাৰি অঞ্চলত শিক্ষাৰ অগ্ৰগতিৰ ইতিহাস. প্ৰকাশক নকছাৰি: নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ(সম্পাদক : পদ্মনীল গগৈ). পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন]. 
  2. name=”ইতিহাস”>ফণীন্দ্ৰ নাথ গগৈ. নকছাৰি অঞ্চলত শিক্ষাৰ অগ্ৰগতিৰ ইতিহাস. প্ৰকাশক নকছাৰি: নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ(সম্পাদক : পদ্মনীল গগৈ). পৃষ্ঠা. ক,খ,গ,ঘ,ঙ,চ,ছ,জ. 
  3. ফণীন্দ্ৰ নাথ গগৈ. নকছাৰি অঞ্চলত শিক্ষাৰ অগ্ৰগতিৰ ইতিহাস. প্ৰকাশক নকছাৰি: নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ(সম্পাদক : পদ্মনীল গগৈ). পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন]. 
  4. ফণীন্দ্ৰ নাথ গগৈ. নকছাৰি অঞ্চলত শিক্ষাৰ অগ্ৰগতিৰ ইতিহাস. প্ৰকাশক নকছাৰি: নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ(সম্পাদক : পদ্মনীল গগৈ). পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন]. 
  5. সম্পাদনা সমিতি. ক্ৰম বিকাশৰ গতিপথত নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়(এক বিহঙ্গম দৃষ্টি). প্ৰকাশক নকছাৰি: নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ(সম্পাদক : পদ্মনীল গগৈ). পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন]. 
  6. সম্পাদনা সমিতি. ক্ৰম বিকাশৰ গতিপথত নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়(এক বিহঙ্গম দৃষ্টি). প্ৰকাশক নকছাৰি: নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ(সম্পাদক : পদ্মনীল গগৈ). পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].