সমললৈ যাওক

নক্সালবাৰী বিদ্ৰোহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নক্সালবাৰী বিদ্ৰোহ
শীতল যুদ্ধ আৰু নক্সালবাদী বিদ্ৰোহৰ অংশ
অৱস্থান নক্সালবাৰী, দাৰ্জিলিং জিলা, পশ্চিম বংগ
ফলাফল চৰকাৰৰ দ্বাৰা সশস্ত্ৰ বিদ্ৰোহ দমন
যুজাৰু
ভাৰত ভাৰত
  • পশ্চিম বংগ আৰক্ষী

Supported by:
CPI(M)
Bangla Congress

All India Coordination Committee of Communist Revolutionaries

Supported by:
Ceylon Communist Party-Peking Wing[1]
Chinese Communist Party

কমাণ্ডাৰ আৰু দলপতিসকল
ভাৰত ইন্দিৰা গান্ধী
ভাৰত অজয় কুমাৰ মুখাৰ্জী
ভাৰত জ্যোতি বসু
ভাৰত হৰেকৃষ্ণ কোনাৰ
চাৰু মজুমদাৰ
কানু সান্যাল
জংগল চাঁওতাল
শান্তি মুন্দা
জড়িত গোট
ভাৰতীয় আৰক্ষী সেৱা
পশ্চিম বংগ আৰক্ষী
শিলিগুৰি গোট
দাৰ্জিলিং গোট
ক্ষয়ক্ষতিৰ পৰিমাণ
১জন আৰক্ষীৰ মৃত্যু ১১জন বিদ্ৰোহীৰ মৃত্যু

নক্সালবাৰী বিদ্ৰোহ (ইংৰাজী: Naxalbari uprising) ১৯৬৭ চনত ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ শিলিগুৰি মহকুমাৰ নক্সালবাৰী ব্লকত সংঘটিত হোৱা সশস্ত্ৰ কৃষক বিদ্ৰোহ।[2][3] মূলতঃ জনজাতীয় (আদিবাসী) আৰু বংগৰ উগ্ৰ কমিউনিষ্ট নেতাসকলে ইয়াৰ নেতৃত্ব দিছিল আৰু ১৯৬৯ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) দল বিকশিত হোৱাত এই নেতৃত্বৰ বিশিষ্ট ভূমিকা আছিল। সশস্ত্ৰ সংগ্ৰাম নক্সালবাদী আন্দোলনৰ প্ৰেৰণা হৈ পৰিছিল, যি পশ্চিম বংগৰ পৰা ভাৰতৰ অন্যান্য ৰাজ্যলৈ দ্ৰুতগতিত বিয়পি পৰিছিল আৰু দেশৰ মূল কমিউনিষ্ট সংগঠন- ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-ৰ ভিতৰত বিভাজনৰ সৃষ্টি কৰিছিল।[4]

উৎপত্তি

[সম্পাদনা কৰক]

ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ কমিউনিষ্ট সংগঠনসমূহৰ ভিতৰত অস্থিৰতাৰ সৃষ্টি কৰা চীন-ছোভিয়েট ভাঙনৰ চূড়ান্ত সময়ছোৱাত এই বিদ্ৰোহ সংঘটিত হৈছিল। বিদ্ৰোহৰ নেতা আৰু মতাদৰ্শবাদী চাৰু মজুমদাৰে চীন বিপ্লৱ (১৯৪৯), ভিয়েটনাম যুদ্ধ আৰু কিউবা বিপ্লৱৰ পিছত ভাৰতত সশস্ত্ৰ জনযুদ্ধ আৰম্ভ কৰাৰ বাবে পৰিস্থিতি উপযুক্ত বুলি তত্ত্ব আগবঢ়াইছিল। চাৰু মজুমদাৰে ৰচনা কৰা ঐতিহাসিক আঠ নথি ১৯৬৭ চনত নক্সালবাদী আন্দোলনৰ ভেটি হৈ পৰিছিল।[4][5]

সময়ৰেখা

[সম্পাদনা কৰক]

১৯৬৫-৬৬ চনত কমিউনিষ্টসকলে ইতিমধ্যে নক্সালবাৰী অঞ্চলত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল। তথাকথিত "শিলিগুৰি গোটে" সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহ আৰম্ভ হৈছিল। সমগ্ৰ অঞ্চলটোত বহুতো কৃষক গোটৰ সৃষ্টি হৈছিল। ১৯৬৭ চনৰ ৩ মাৰ্চত পশ্চিম বংগত সংযুক্ত মৰ্চা মন্ত্ৰীসভাই শপত লোৱাৰ মাত্ৰ এদিন পিছতে ধনু-কাঁড়েৰে সজ্জিত প্ৰায় ১৫০ জন কৃষকে ৩০০ মোন বা প্ৰায় ১১,০০০ কিলোগ্ৰাম ধান কাঢ়ি লয় আৰু মাটি দখল কৰিবলৈ আৰম্ভ কৰে। ১৮ মাৰ্চৰ ভিতৰত কৃষকসকলে জোটদাৰৰ (এই অঞ্চল ভূস্বামী, যি বৃহৎ পৰিমাণৰ ভূমিৰ গৰাকী) পৰা মাটি জব্দ কৰিবলৈ আৰম্ভ কৰে।[6] চাৰি মাহৰ ভিতৰতে সমগ্ৰ অঞ্চলটোত কৃষক সমিতি গঠন কৰা হয়। কৃষক আৰু ভূস্বামীৰ মাজত প্ৰথম সংঘৰ্ষ সংঘটিত হয়, যেতিয়া এজন আধিয়াৰ কৃষক বিগুল কিচানক ভূস্বামীৰ লোকে প্ৰহাৰ কৰে।[6] ইয়াৰ পিছতে কৃষক সমিতিসমূহে ভূস্বামীসকলৰ পৰা মাটি, খাদ্যশস্য আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ লাগি যায়, যাৰ ফলত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। চৰকাৰে বিদ্ৰোহৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষী বাহিনীক সংগঠিত কৰিবলৈ আৰম্ভ কৰে।

ঝাৰুগাঁও গাঁৱৰ পৰিদৰ্শকক কৃষক সমিতিৰ সদস্যই হত্যা কৰে। প্ৰতিশোধ ল’বলৈ আৰক্ষীয়ে ১৯৬৭ চনৰ ২৫ মে'ত গুলীচালনা কৰে, যাৰ ফলত ৯ গৰাকী মহিলা আৰু এজন শিশুৰ মৃত্যু হয়।[4] জুন মাহৰ ভিতৰত কৃষক সমিতিসমূহে নক্সালবাৰী, খৰিবাৰী আৰু ফাঁচিদেৱাৰ আশে-পাশে থকা অঞ্চলসমূহত জোটদাৰসকলৰ পৰা মাটি, গোলাবাৰুদ আৰু খাদ্য শস্য জব্দ কৰি দখল সাব্যস্ত কৰে। দাৰ্জিলিং অঞ্চলৰ আশে-পাশে থকা চাহ বাগিচাৰ কৰ্মীসকলে কৃষক সমিতিসমূহক সমৰ্থন কৰি ধৰ্মঘটত অংশগ্ৰহণ কৰে। ১৯ জুলাইলৈকে চৰকাৰে অৰ্ধসামৰিক বাহিনী পঠিওৱালৈকে এই উত্তাল পৰিস্থিতি অব্যাহত থাকে। গ্ৰেপ্তাৰ হ’ল, জংগল চাঁওতালৰ দৰে নেতা। চাৰু মজুমদাৰ আদি কিছু নেতাই আত্মগোপন কৰে; আৰু আন কিছুমান, যেনে- ত্ৰিবেণী কানু, সোভম, আলী গোৰ্খা মাঝি, আৰু তিলকা মাঝীক হত্যা কৰা হয়।[2][4]

মান্যতা আৰু পৰিণাম

[সম্পাদনা কৰক]

চীনৰ এই বিদ্ৰোহৰ সমৰ্থনৰ পিছত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সৈতে চীনৰ কমিউনিষ্ট পাৰ্টিৰ সম্পৰ্ক অৱনতি ঘটে।[7] বিদ্ৰোহক সমৰ্থন কৰা চি.পি.আই (এম)ৰ বহু সদস্যক, যেনে-চাৰু মজুমদাৰ, সৌৰেন বসু, মহাদেৱ মুখাৰ্জী, দিলীপ বাগচীক বহিষ্কাৰ কৰা হয়। বহিষ্কৃত কমিউনিষ্টসকলে পিছলৈ আন এটা সংগঠন- কমিউনিষ্ট বিপ্লৱীসকলৰ সৰ্বভাৰতীয় সমন্বয় সমিতি (AICCCR) গঠন কৰে, যিটো পিছলৈ চি.পি.আই (এমএল)লৈ বিকশিত হৈছিল। ১৯৭৫ চনলৈকে চি.পি.আই (এম এল) নক্সালবাদী আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ আছিল। বহু সংখ্যক উৎসাহী যুৱকে এই আন্দোলনত যোগদান কৰিছিল। যদিও এই বিদ্ৰোহ দমন কৰা হৈছিল, ভাৰতীয় ৰাজনীতিত ই এক লেণ্ডমাৰ্ক হৈয়েই আছিল, যাৰ ফলত বিহাৰৰ কিছু অংশত আন কেইবাটাও অনুৰূপ ধৰণৰ আন্দোলনৰ সূচনা হৈছিল আৰু চলি থকা নক্সাল- মাওবাদী আন্দোলনৰ আৰম্ভণি হৈছিল।[4]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Singh, Prakash. The Naxalite Movement in India. New Delhi: Rupa & Co., 1999. p. 24.
  2. 2.0 2.1 "History of Naxalism" (en ভাষাত). Hindustan Times. 2005-12-15. Archived from the original on 2018-02-22. https://web.archive.org/web/20180222151700/https://www.hindustantimes.com/india/history-of-naxalism/story-4f1rZukARGYn3qHOqDMEbM.html. 
  3. Shashi Shekhar (2017-05-21). "50 years of Naxalbari: Fighting for the right cause in the wrong way" (en ভাষাত). Hindustan Times. http://www.hindustantimes.com/columns/50-years-of-naxalbari-fighting-for-the-right-cause-in-the-wrong-way/story-06EuiNZCaK3mJE4wNVBhHO.html. 
  4. 4.0 4.1 4.2 4.3 4.4 "The Naxalbari Uprising" (en ভাষাত). 30 years of Naxalbari. http://www.bannedthought.net/India/PeoplesMarch/PM1999-2006/publications/30%20years/part1.htm। আহৰণ কৰা হৈছে: 2018-03-02. 
  5. Nadeem Ahmed. "Naxalite Ideology: Charu's Eight Documents" (en ভাষাত). The Hindustan Times. http://www.hindustantimes.com/india/naxalite-ideology-charu-s-eight-documents/story-hiCWDlzyc5yNRgYkBMX1qL.html. 
  6. "Naxalbari Movement (1967) - IAS Site" (en-US ভাষাত). 18 December 2022. https://www.iassite.com/naxalbari-movement-1967/। আহৰণ কৰা হৈছে: 2022-12-25. 
  7. "Spring Thunder Over India" (en ভাষাত). marxists.orgPeople's Daily. https://www.marxists.org/subject/china/documents/peoples-daily/1967/07/05.htm। আহৰণ কৰা হৈছে: 2016-12-21.