নটৰ-ডেমৰ কেথেড্ৰেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Cathédrale Notre-Dame de Paris

The western facade of Notre-Dame de Paris.

সাধাৰণ তথ্য
স্থান 6 Parvis Notre-Dame, Place Jean-Paul II, 75004 Paris, France
ভৌগোলিক স্থানাংক 48°51′11″N 2°20′59″E / 48.8530°N 2.3498°E / 48.8530; 2.3498স্থানাংক: 48°51′11″N 2°20′59″E / 48.8530°N 2.3498°E / 48.8530; 2.3498
ধৰ্মীয় আনুগত্য Catholic
অঞ্চল Île-de-France
বিভাগ Archdiocese of Paris
Ecclesiastical or organizational status Cathedral
অৱস্থা Active
ঐতিহ্য বিৱৰণ 1862
জনপ্ৰতিনিধি André Vingt-Trois
ৱেবছাইট www.notredamedeparis.fr
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
স্থাপত্য প্ৰকাৰ Church
স্থাপত্য শৈলী French Gothic
মুখাৱয়বৰ দিশ West
আৰম্ভ ১১৬৩ (1163)
সম্পূৰ্ণ ১৩৪৫ (1345)
নিৰ্দিষ্টকৰণ
দৈৰ্ঘ্য ১২৮ মিটাৰ (420 ফুট)
প্ৰস্থ ৪৮ মিটাৰ (157 ফুট)
উচ্চতা (অধিক) ৬৯ মিটাৰ (226 ফুট) (2 towers)
Spire(s) one
Spire height ৯০ মিটাৰ (300 ফুট)
Monument historique
Official name: Cathédrale Notre-Dame
Designated: 1862
Reference No. PA00086250[1]
Denomination: Église

নটৰ-ডামৰ কেথেড্ৰেল (ইংৰাজী: Notre Dame de Paris) ফ্ৰান্সৰ ৰাজধানী পেৰিছত অৱস্থিত৷ স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন বুলি ধৰা হয়৷ ১৯৯১ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে৷ এই কেথেড্ৰেল পেৰিছৰ দ্ৰষ্টব্য স্থানবোৰৰ অন্যতম৷

অৱস্থিতি[সম্পাদনা কৰক]

এখন মনোৰম ঠাইত এই কেথেড্ৰেলটো অৱস্থিত৷ পেৰিছৰ ছিন(Seine) নদী এই ঠাইতে দুটা ধাৰাত বিভক্ত হৈছে৷ জলধাৰা দুটা কিছুদূৰ গৈ পুনৰ একক নদীৰূপে বৈ গৈছে৷ দুই জলধাৰাৰ মাজতে সৃষ্টি হৈছে এটা নদীদ্বীপ৷ এই দ্বীপটোৰ ওপৰতে নটৰ-ডাম কেথেড্ৰেল দণ্ডায়মান৷

নিৰ্মাণ[সম্পাদনা কৰক]

মৰিছ দা ছালি নামৰ বিছপ এজনে ১১৬৩ চনত কেথেড্ৰেলটোৰ নিৰ্মাণ আৰম্ভ কৰে৷ প্ৰায় ১৮৭ বছৰৰ পাছত ১৩৫০ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়৷ কেথেড্ৰেলটোৰ দীঘ প্ৰায় ৪৫০ ফুট আৰু প্ৰস্থ ১৭৫ ফুট৷ সমুখত মুকলি বিস্তীৰ্ণ চোতালেৰে আবৃত নটৰ-ডাম কেথেড্ৰেলৰ সন্মুখৰ ভাগটো আটাইতকৈ আকৰ্ষণীয়৷ এই অংশটো তিনিটা সমান্তৰাল ভাগত বিভক্ত৷ একেবাৰে তলৰপৰা পৰস্পৰ তিনিখন দুৱাৰ৷ মাজৰ দুৱাৰখন আটাইতকৈ ডাঙৰ৷ ইয়াৰ ঠিক মাজতে আছে যিছুখ্ৰিষ্টৰ মূৰ্তি৷ কাষৰ দুৱাৰ দুখন আকাৰত কিছু সৰু৷ তিনিওখন দুৱাৰৰ ওপৰতে বিভিন্ন নক্সা সম্বলিত তিনিখন আটক ধুনীয়া খিৰিকি আছে৷ গথিক আৰ্হিৰ দুটা সুউচ্চ স্তম্ভই কেথেড্ৰেলটোক অধিক আকৰ্ষণীয় কৰি তুলিছে৷ কেথেড্ৰেলটোৰ ছাদৰ মাজৰপৰা ওপৰলৈ ক্ৰমশ: চিয়াঁ হৈ যোৱা গগনচুম্বী এটা চূড়া আছে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

জ্ঞানাঞ্জন (১৬ - ৩১ মে' ২০১২) প্ৰান্তিক খণ্ড ৩১শ বছৰ (১২শ সংখ্যা ) ২২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]