নটৰ-ডেমৰ কেথেড্ৰেল
| Cathédrale Notre-Dame de Paris | |
|---|---|
The western facade of Notre-Dame de Paris. | |
| সাধাৰণ তথ্য | |
| স্থান | 6 Parvis Notre-Dame, Place Jean-Paul II, 75004 Paris, France |
| ভৌগোলিক স্থানাংক | 48°51′11″N 2°20′59″E / 48.8530°N 2.3498°Eস্থানাংক: 48°51′11″N 2°20′59″E / 48.8530°N 2.3498°E |
| ধৰ্মীয় আনুগত্য | Catholic |
| অঞ্চল | Île-de-France |
| বিভাগ | Archdiocese of Paris |
| Ecclesiastical or organizational status | Cathedral |
| অৱস্থা | Active |
| ঐতিহ্য বিৱৰণ | 1862 |
| জনপ্ৰতিনিধি | André Vingt-Trois |
| ৱেবছাইট | www |
| স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
| স্থাপত্য প্ৰকাৰ | Church |
| স্থাপত্য শৈলী | French Gothic |
| মুখাৱয়বৰ দিশ | West |
| আৰম্ভ | ১১৬৩ |
| সম্পূৰ্ণ | ১৩৪৫ |
| নিৰ্দিষ্টকৰণ | |
| দৈৰ্ঘ্য | ১২৮ মিটাৰ (420 ফুট) |
| প্ৰস্থ | ৪৮ মিটাৰ (157 ফুট) |
| উচ্চতা (অধিক) | ৬৯ মিটাৰ (226 ফুট) (2 towers) |
| Spire(s) | one |
| Spire height | ৯০ মিটাৰ (300 ফুট) |
| Monument historique | |
| Official name: Cathédrale Notre-Dame | |
| Designated: | 1862 |
| Reference No. | PA00086250[1] |
| Denomination: | Église |
নটৰ-ডামৰ কেথেড্ৰেল (ইংৰাজী: Notre Dame de Paris) ফ্ৰান্সৰ ৰাজধানী পেৰিছত অৱস্থিত৷ স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন বুলি ধৰা হয়৷ ১৯৯১ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে৷ এই কেথেড্ৰেল পেৰিছৰ দ্ৰষ্টব্য স্থানবোৰৰ অন্যতম৷
অৱস্থিতি
[সম্পাদনা কৰক]এখন মনোৰম ঠাইত এই কেথেড্ৰেলটো অৱস্থিত৷ পেৰিছৰ ছিন(Seine) নদী এই ঠাইতে দুটা ধাৰাত বিভক্ত হৈছে৷ জলধাৰা দুটা কিছুদূৰ গৈ পুনৰ একক নদীৰূপে বৈ গৈছে৷ দুই জলধাৰাৰ মাজতে সৃষ্টি হৈছে এটা নদীদ্বীপ৷ এই দ্বীপটোৰ ওপৰতে নটৰ-ডাম কেথেড্ৰেল দণ্ডায়মান৷
নিৰ্মাণ
[সম্পাদনা কৰক]মৰিছ দা ছালি নামৰ বিছপ এজনে ১১৬৩ চনত কেথেড্ৰেলটোৰ নিৰ্মাণ আৰম্ভ কৰে৷ প্ৰায় ১৮৭ বছৰৰ পাছত ১৩৫০ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়৷ কেথেড্ৰেলটোৰ দীঘ প্ৰায় ৪৫০ ফুট আৰু প্ৰস্থ ১৭৫ ফুট৷ সমুখত মুকলি বিস্তীৰ্ণ চোতালেৰে আবৃত নটৰ-ডাম কেথেড্ৰেলৰ সন্মুখৰ ভাগটো আটাইতকৈ আকৰ্ষণীয়৷ এই অংশটো তিনিটা সমান্তৰাল ভাগত বিভক্ত৷ একেবাৰে তলৰপৰা পৰস্পৰ তিনিখন দুৱাৰ৷ মাজৰ দুৱাৰখন আটাইতকৈ ডাঙৰ৷ ইয়াৰ ঠিক মাজতে আছে যিছুখ্ৰিষ্টৰ মূৰ্তি৷ কাষৰ দুৱাৰ দুখন আকাৰত কিছু সৰু৷ তিনিওখন দুৱাৰৰ ওপৰতে বিভিন্ন নক্সা সম্বলিত তিনিখন আটক ধুনীয়া খিৰিকি আছে৷ গথিক আৰ্হিৰ দুটা সুউচ্চ স্তম্ভই কেথেড্ৰেলটোক অধিক আকৰ্ষণীয় কৰি তুলিছে৷ কেথেড্ৰেলটোৰ ছাদৰ মাজৰপৰা ওপৰলৈ ক্ৰমশ: চিয়াঁ হৈ যোৱা গগনচুম্বী এটা চূড়া আছে৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]জ্ঞানাঞ্জন (১৬ - ৩১ মে' ২০১২) প্ৰান্তিক খণ্ড ৩১শ বছৰ (১২শ সংখ্যা ) ২২
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত নটৰ-ডেমৰ কেথেড্ৰেল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Official site of Notre Dame de Paris Archived 2011-06-24 at the Wayback Machine
- List of Facts about the Notre Dame Cathedral in Paris Archived 2019-02-16 at the Wayback Machine
- Notre-Dame de Paris's Singers Archived 2010-12-05 at the Wayback Machine
- Official site of Music at Notre-Dame de Paris Archived 2010-12-05 at the Wayback Machine
- Panoramic view Archived 2022-06-01 at the Wayback Machine
- Further information on the Organ with specifications of the Grandes Orgues and the Orgue de Choeur Archived 2012-06-15 at the Wayback Machine