সমললৈ যাওক

নদিয়া কে পাৰ (১৯৮২ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নদিয়া কে পাৰ

প’ষ্টাৰ
পৰিচালক গোবিন্দ মুনিশ
ৰচনা কেশৱ প্ৰসাদ মিশ্ৰ
ভিত্তি কোহৱৰ কী শৰ্ত
লেখক: কেশৱ প্ৰসাদ মিশ্ৰ
প্ৰযোজক তাৰাচন্দ বড়জাত্যা
অভিনয়ত শচীন
সাধনা সিং
সংগীত পৰিচালক ৰবীন্দ্ৰ জৈন
পৰিবেশক ৰাজশ্ৰী প্ৰডাকচনছ
মুক্তি
১ জানুৱাৰী ১৯৮২ (1982-01-01)
দৈৰ্ঘ্য
১৪৩ মিনিট
দেশ ভাৰত
ভাষা অবধী ভোজপুৰী

নদিয়া কে পাৰ (ইংৰাজী: Nadiya Ke Paar, হিন্দী: नदिया के पार) হৈছে গোবিন্দ মুনিশৰ দ্বাৰা পৰিচালিত ১৯৮২ চনৰ এখন ভাৰতীয় অবধী ভাষাত নিৰ্মিত ড্ৰামা ফিল্ম৷ চলচ্চিত্ৰখন কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত, চলচ্চিত্ৰখন উত্তৰ প্ৰদেশৰ জৌনপুৰত নিৰ্মাণ কৰা হৈছে৷ চলচ্চিত্ৰখনত অভিনয় কৰিছে- শচীন, সাধনা সিং, ইন্দৰ ঠাকুৰ, মিতালী, সবিতা বাজাজ, শীলা ডেভিদ, লীলা মিশ্ৰ আৰু চনী ৰাট৷[1] ছবিখন বক্স অফিচত “চুপাৰ হিট” হয়।[2]

ৰাজশ্ৰী প্ৰডাকচনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন ১৯৮২ চনৰ ১ জানুৱাৰীত মুক্তি লাভ কৰে। চলচ্চিত্ৰখন পিছত ১৯৯৪ চনত ৰাজশ্ৰী প্ৰডাকচনৰ দ্বাৰা “হাম আপকে হে কৌন!” নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।[3] চলচ্চিত্ৰখনক তেলেগু ভাষালৈ “প্ৰেমালয়ম” নামেৰে ডাব কৰা হয়৷

চলচ্চিত্ৰখনৰ কাহিনীভাগ কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত৷ ইয়াত উত্তৰ প্ৰদেশত বসবাস কৰা এগৰাকী ব্ৰাহ্মণ খেতিয়কক তেওঁৰ দুই ভতিজাৰ সৈতে দেখুওৱা হয়৷ তেওঁৰ বেমাৰ হয়, তেওঁৰ চিকিৎসাৰ বাবে ওচৰৰ গাঁও এখনৰ পৰা বৈদ্য এগৰাকীক মাতিবলৈ তেওঁৰ ভতিজা যায়৷ যেতিয়া খেতিয়কগৰাকী সুস্থ হৈ পৰে তেতিয়া তেওঁ চিকিৎসাৰ বাবে বৈদ্যগৰাকীক দিবলগীয়া খৰচৰ বিষয়ে সুধে; তেতিয়া বৈদ্য গৰাকীয়ে তেওঁৰ জ্যেষ্ঠ জীয়াৰী খেতিয়কৰ জ্যেষ্ঠ ভতিজা গৰাকীৰ সৈতে বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু ব্ৰাহ্মণ খেতিয়ক গৰাকীও লগালগ সহমত হয়৷

ওমকাৰ (ইন্দৰ ঠাকুৰ) -ৰ বৈদ্য গৰাকীৰ জ্যেষ্ঠ কন্যা ৰূপা (মিতালী) -ৰ সৈতে বিবাহ সম্পন্ন হয় আৰু সুখী জীৱন-যাপন কৰিবলৈ লয়৷ ৰূপা এটি সন্তান জন্ম দিয়ে৷ ৰূপাৰ ভনী গুঞ্জা (সাধনা সিং) ৰূপাৰ গৰ্ভৱতী অৱস্থাত কামকাজত সহায় কৰিবলৈ সিহঁতৰ ঘৰলৈ আহে আৰু ওমকাৰৰ সৰু ভাই চন্দনৰ সৈতে প্ৰেমত পৰে৷

ৰূপা যেতিয়া সিহঁতৰ প্ৰেমৰ কথা গম পায় তেতিয়া সিহঁতক বিবাহ কৰাই দিয়াত সহায় কৰিম বুলি কথা দিয়ে যদিও এক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈ যায়৷ সিহঁতৰ প্ৰেমৰ কথা ৰূপাৰ বাহিৰে সিহঁতৰ পৰিবাৰৰ কোনোৱে গম নাপায়৷ ৰূপাৰ মৃত্যুৰ পিছত খেতিয়ক আৰু বৈদ্য দুয়ো ৰূপাৰ সন্তানৰ পালন পোষণ কৰিবলৈ বুলি গুঞ্জাৰ বিবাহ ওমকাৰৰ সৈতে কৰিবলৈ বিচাৰে৷ যেতিয়া বিবাহ অনুষ্ঠানৰ সকলো কাৰুকাৰ্য সম্পূৰ্ণ হয় তেতিয়া চন্দন আৰু গুঞ্জাৰ প্ৰেম কাহিনী বাহিৰলৈ আহে৷ অৱশেষত গুঞ্জা আৰু চন্দনৰ সৰ্বসন্মতি সাপেক্ষে বিবাহ সম্পন্ন হয়৷

অভিনয়ত

[সম্পাদনা কৰক]
অভিনয়ত চৰিত্ৰ তথ্যসূত্ৰ
শচীন চন্দন টিৱাৰী; ওমকাৰৰ সৰু ভাই
সাধনা সিং গুঞ্জা টিৱাৰী; বৈদ্যৰ কনিষ্ঠ জীয়াৰী; ৰূপাৰ ভনী; চন্দনৰ প্ৰেয়সী পিছলৈ পত্নী
মিতালী ৰূপা; বৈদ্যৰ জ্যেষ্ঠ কন্যা; গুঞ্জাৰ ডাঙৰ ভনী; ওমকাৰৰ পত্নী; চন্দনৰ নবৌ
বিষ্ণু কুমাৰ বৈদ্য জী; ৰূপা আৰু গুঞ্জাৰ পিতৃ
লীলা মিশ্ৰ কাকী
ইন্দৰ ঠাকুৰ ওমকাৰ; চন্দনৰ জ্যেষ্ঠ ভাতৃ
ৰাম মোহন খেতিয়ক; ওমকাৰ আৰু চন্দনৰ খুৰা
শীলা শৰ্মা ৰাজ্জো; চন্দনৰ প্ৰতি দুৰ্বলতা থকা চন্দনৰ শৈশৱৰ লগৰী

চলচ্চিত্ৰখনৰ সংগীত ৰচনা ৰবীন্দ্ৰ জৈনৰ। চলচ্চিত্ৰখনত থকা গীত বোৰৰ ভিতৰত “কৌন দিশা মে লেকে চলা ৰে বটোহিয়া”, “যোগী জী ধীৰে ধীৰে” আদি অধিক জনপ্ৰিয়৷

নদিয়া কে পাৰৰ গীতৰ তালিকা
নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "যোগী জী ধীৰে ধীৰে"  হেমলতা, যোশপাল সিং চন্দ্ৰানী মুখাৰ্জী ০৮:১৪
2. "কৌন দিশা মে লেকে চলা ৰে বটোহিয়া"  হেমলতা আৰু যোশপাল সিং ০৬:৪৪
3. "জব তক পুৰে না হো ফীৰ সাথ"  হেমলতা আৰু সংগীবৃন্দ ০৫:৫১
4. "সাঁচী কহে তোৰে অৱন সে"  যোশপাল সিং ০৫:০৫
5. "গুঞ্জা ৰে চন্দন"  সুৰেশ ৱাডকৰ আৰু হেমলতা ০৫:০৯
6. "জব তক পুৰে না হো ফীৰ সাথ (Sad)"  হেমলতা আৰু সংগীবৃন্দ ০১:৩৪
মুঠ দৈৰ্ঘ্য:
৩২:২৭

পৰৱৰ্তী ঘটনা

[সম্পাদনা কৰক]

এয়াৰ ইণ্ডিয়া ফ্লাইট ১৮২” ৰ দুৰ্ঘটনাত ওমকাৰৰ চৰিত্ৰত অভিনয় কৰা ইন্দৰ ঠাকুৰৰ মৃত্যু হয়।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]