সমললৈ যাওক

নাগা সাধু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেপালৰ পশুপতিনাথ মন্দিৰৰ এজন নাগা সন্ন্যাসী

নগা সাধু হৈছে হিন্দু সন্ন্যাসী যি দিগম্বৰ হৈ থকা আৰু যুদ্ধ কলা বিশেষজ্ঞ হিচাপে বিখ্যাত। আদিগুৰু শংকৰাচাৰ্যই আৰম্ভ কৰা এই পৰম্পৰা অনুসৰি তেওঁলোকে বিভিন্ন আখৰা বা আশ্ৰমত বাস কৰে ।

জীৱনশৈলী

[সম্পাদনা কৰক]

সাধাৰণ জীৱনৰ পৰা আঁতৰত তেওঁলোক বিভিন্ন দুৰ্গম স্থানত থকা আশ্ৰমত কঠোৰ অনুশাসনৰ মাজত তেওঁলোকৰ জীৱন যাপন কৰে।

নগা সাধুসকলে তিনি ধৰণৰ যোগাসন কৰে যি তেওঁলোকৰ বাবে ঠাণ্ডাৰ সৈতে মোকাবিলা কৰাত সহায়ক বুলি প্ৰমাণিত। তেওলোকে চিন্তা আৰু খাদ্যাভ্যাস দুয়োটাতে সংযম বজাই ৰাখে। নাগা সাধুসকল সামৰিক পন্থা আৰু সামৰিক ৰেজিমেণ্টৰ দৰে বিভক্ত। ত্ৰিশূল, তৰোৱাল, শংখ আৰু পাইপৰ সহায়ত তেওঁলোকে সামৰিক মৰ্যাদা দেখুৱায়।

এই সাধুসকলক প্ৰায়ে কুম্ভমেলাত দেখা যায়। বিশেষকৈ বহিঃৰাজ্যৰ পৰ্যটকৰ মাজত কুম্ভমেলাত নাগা সাধুসকলৰ বিষয়ে অতি কৌতুহলৰ সৃষ্টি হয়। কোনো বস্ত্ৰ পৰিধান নকৰাৰ বাবে শিৱভক্তসকলক নগা সাধু দিগম্বৰা বুলিও কোৱা হয়, অৰ্থাৎ যিসকলৰ কাপোৰ কেৱল আকাশ। কাপোৰৰ নামত গোটেই শৰীৰত যজ্ঞ ছাই লেপ দিয়া এই সাধুসকলে কুম্ভমেলাত ৰাজস্নানৰ সময়তহে মুকলিকৈ ভক্তৰ সন্মুখত আহে। সাধাৰণতে তেওঁলোকে লোকচক্ষুৰ পৰা দূৰত্ব বজাই ৰাখে।

[1]

কুম্ভ মেলাৰ সময়ত নাগা সাধুৰ এটা দল

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. http://aajtak.intoday.in/story/different-life-of-women-naga-sadhu-at-prayag--1-720428.html