নাৰায়ণদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সুকবি নাৰায়ণদেৱ হৈছে এগৰাকী পাঁচালী কবি। ষােড়শ শতাব্দীৰ সময়তে বৈষ্ণৱ আন্দোলনৰ মূল ধাৰাটোৰপৰা প্ৰভাৱমুক্ত এগৰাকী কবি। [1] শংকৰদেৱৰ সমসাময়িক সময়ছোৱাত বা পঞ্চদশ শতিকাৰ শেষভাগৰপৰা ষোড়শ শতিকাৰ আদিভাগৰ ভিতৰত কেইবাজনাে পাঁচালী কবিৰ উদ্ভৱ হৈছিল। তেওঁলােকৰ ৰচনাৰাজীত বৈষ্ণৱ ভাৱাদৰ্শৰ বিপৰীতে মনসা বা পদ্মদেৱীৰ মাহাত্ম্যৰ লগতে ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ ভিযয়বস্তুহে প্ৰকাশ হৈছিল। নাৰায়ণদেৱাে তেনে ৰচনা সৃষ্টি কৰা এগৰাকী পাঁচালী লেখক। নাৰায়ণদেৱে ৰচনা কৰা এখন পাঁচালী গ্ৰন্থ হ'ল- পদ্মপুৰাণ। এইখন গ্ৰন্থ গীতিপ্ৰধান আৰু কামৰূপদৰং আৰু গোৱালপাৰাত সৰ্বাধিক জনপ্ৰিয়। এইখন গ্ৰন্থক ‘সুকনান্নী' নামেৰেও জনাজাত।[2]

পৰিচয়[সম্পাদনা কৰক]

নাৰায়ণদেৱক বঙালী কবি বুলি বঙ্গদেশৰ বাঙালীসকলে উল্লেখ কৰিছে। বঙ্গদেশৰ বঙালী লােকসকলৰ মতে নাৰায়ণদেৱ মৈমনসিংহ জিলাৰ বােৰাগ্ৰামৰ মানুহ আছিল। জাতিত তেওঁ কায়স্থ সম্প্ৰদায়ৰ লোক আছিল আৰু পিতৃৰ নাম হৈছে নৰসিংহ। তেওঁৰ জন্মকাল সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতানক্য আছে। কোনাে কোনোৰ মতে পঞ্চদশ আৰু কোনােমতে ষোড়শ শতাব্দীৰ সময়ছােৱাত নাৰায়ণদেৱৰ জন্ম হৈছিল। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে- নাৰায়ণদেৱৰ কাবাৰ জনপ্ৰিয়তা, জনশ্ৰুতি, পুথিৰ ভাষা, স্থান উল্লেখ, ৰীতি-নীতি আৰু আৱিষ্কৃত পুথিৰ সংখ্যালৈ দৃষ্টিৰাখি তেওঁক অসমৰ কবি বুলি নিসন্দেহে ক'ব পাৰি। স্বৰ্গীয় ভাৰত চন্দ্ৰ দাসৰ মতে নাৰায়ণদেৱ শুৱালকুছিৰ বাসত্তৰায় ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু উক্ত পৰিয়ালত এতিয়াও ‘পদ্মা-পুৰাণ’ গ্ৰন্থখন সংৰক্ষিত হৈ আছে। কোনাে কোনাে পণ্ডিতৰ মনােৰায়ণ দেৱ দৰঙী ৰা ধাৰায়ণৰ ৰাজত্ব কালৰ কবি।[2]

পদ্মা-পুৰাণ[সম্পাদনা কৰক]

নাৰায়ণদেৱৰ পদ্মা-পুৰাণত পদ্মা দেৱীৰ উৎপত্তি আৰু চন্দ্ৰ, বেউলা-লখীন্দাৰৰ কাহিনী লগত জড়িত বহুতাে প্ৰাসঙ্গিক বিষয় উপস্থাপন কৰা হৈছে। নাৰায়ণদেৱৰ পদ্মা-পুৰাণ গ্ৰন্থখনৰ আন এটি বিশেষত্ব হ'ল- ইয়াৰ ভালেখিনি দিহা বৈষ্ণৱভাৱ সম্পৰ্কীয়। কৃষ্ণ, বাধা, বৃন্দাৱন, গােপ-গােপীৰ লগতাে জড়িত। গ্ৰন্থখনত দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰাৰ পাছতাে কৃষ্ণ সম্পৰ্কীয় দিহাৰ ব্যৱহাৰ হৈছে। সুকবিৰ নাৰায়ণদেৱৰ পদ্মপুৰাণ গ্ৰন্থত পদ্মাদেৱীৰ উৎপত্তি আৰু চন্দ্ৰধৰ আৰু বেউলা লখীন্দাৰৰ কাহিনীৰ লগত বহুতাে প্ৰাসঙ্গিত কথা পােৱা যায়। সেইবােৰৰ ভিতৰত সৃষ্টিপাতন কদ্ৰুবিনতাৰ কন্দল, অৰুণজাটয়ুৰ জন্ম, সমুদ্ৰমন্থন, দক্ষযজ্ঞ, সতীৰ দেহত্যাগ, শিৱ-পাৰ্ৱতীৰ বিৱাহ, কাৰ্তিকৰ জন্ম, তাৰকাসুৰ বধ, পুষ্পধাৰী খণ্ড, বিষহৰিৰ বিৱাহ, আস্তিক জন্ম,ধনন্তৰি বধ, নেতাৰ জন্ম, বিষহৰি কণা হােৱাৰ কাৰণ, জালােমলােৰ কথা, চন্দ্ৰধৰৰ বৰ লাভ, শঙ্খ ওজাৰ কাহিনী পৰীক্ষিত বধ, ঊষা-অনিৰুদ্ধৰ প্ৰতি ইন্দ্ৰৰ অভিশাপ, পদ্ম আৰু যমৰ যুদ্ধ, হাচান-হুচেনৰ যুদ্ধ,ভীমসেন আৰু হনুমানৰ পদ্মক সহায়, চান্দো-লখীন্দাৰৰ যুদ্ধ, চান্দোৰ লঙ্কাত বণিজ আৰু দুৰ্দশা, বণিজ্য পথত নানা বিপৰ্যয়, নেতাৰ সহায়ত পদ্মৰ চন্দ্ৰধৰৰ ওপৰত নানা অত্যাচাৰ, মৃত স্বামীক ভূৰত লৈ যাওঁতে পথত বিবিধ অপায়-অমঙ্গল আদি বিষয়বোৰ অন্যতম।[2] নাৰায়ণদেৱৰ ‘পদ্মা-পুৰাণ’ গ্ৰন্থখনত পুৰণি অসমৰ সামাজিক আচাৰ ব্যৱহাৰ, বেহা বেপাৰ, বৈদেশিক বাণিজ্য, শিল্পকৰ্ম, সাজ-পােছাক, অলঙ্কাৰ, অসমৰ বনজ সম্পদ, কুসংস্কাৰ-অন্ধবিশ্বস, মঙ্গলামঙ্গল বিচাৰ, লােকবিশ্বাস—এই সকলােবােৰৰ আভাস আছে৷ সমসাময়িক সমাজৰ সকলাে দিশ, প্ৰাচীন ঐতিহ্য আৰু কথাৰ (traditional lores) লগত তেওঁৰ সম্যক পৰিচয় থকাৰ প্ৰমাণ পদ্মা-পুৰাণ গ্ৰন্থখনে দিয়ে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ, চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা-১০৪
  2. 2.0 2.1 2.2 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সৌমাৰ প্ৰকাশ, পৃষ্ঠা-১১০