নাৰায়ণ দাস ঠাকুৰ আতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাৰায়ণ দাস ঠাকুৰ আতা (ইংৰাজী: Narayan Dax Thakur Aata) মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক আৰু শংকৰদেৱৰ শিষ্য৷ তেওঁ মাধবদেৱৰ প্ৰিয়তম মিত্ৰ হৈ ধৰ্ম প্ৰচাৰত মন-প্ৰাণ সঁপি দিছিল৷ সংসাৰী হৈও ঘোৰ উদাসীন নাৰায়ণ দাস ঠাকুৰ আতাই ৰাজদণ্ড ভোগ কৰিবলগীয়াও হৈছিল৷ তেওঁৰ পূৰ্বৰ নাম আছিল ভবানন্দ৷

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ দুই পৰ্বতৰ মাজৰ মালৌ নামে গাঁৱত নাৰায়ণ দাস ঠাকুৰ আতাৰ জন্ম হৈছিল,[1] ১৪১৭ শকৰ মাঘ মাহৰ শুক্লা একাদশী তিথিত জন্ম হয়্ তেওঁৰ পিতৃৰ নাম আছিল, ধৰ্ম আৰু মাতৃৰ নাম হৰিপ্ৰিয়া৷ চৰিত পুথিত পোৱা তেওঁৰ উপৰিপুৰুষসকলৰ নামবোৰ হ’ল, হৰি, নৰক, ভগদত, শিশিৰ, ঋষিৰ, সুপাৰ্শ, সুবাহু, মিহিৰ, শশধৰ, জশধৰ, ৰূপধৰ, সগৰ আৰু ধৰম অৰ্থাৎ ধৰ্ম৷ জন্মৰ পিছতে পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল ভবানন্দ৷[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

বাল্যকালত তেওঁক সংস্কৃত টোলত শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰি দিছিল৷ তেওঁ বুদ্ধিত বৰ বিচক্ষণ আছিল৷ পঢ়া-শুনাৰ উপৰি ঘৰুৱা কাম আৰু খেল-ধেমালিতো আগৰণুৱা আছিল৷ গৰু চৰোৱাৰ কামো কৰিছিল৷ সমনীয়াৰ সৈতে খেল-ধেমালি কৰোঁতে কেতিয়াবা বিবাদ হ’লে তেওঁ সেই বিবাদ মীমাংসা কৰি দিছিল বাবে সমনীয়াসকলে তেওঁক “বৰদলৈ’’ উপাধি দিছিল৷ কম বয়সতে পিতৃ-মাতৃহাৰা হৈ তেওঁ খুৰাক চৈতন্য আতৈৰ আশ্ৰয়ত থাকিবলৈ লয়৷ এবাৰ আহাৰমহীয়া বাওধান কাটি নাওত বোজাই দি সহযোগীসকলৰে সৈতে আহি থাকোঁতে ব্ৰহ্মপুত্ৰ নৈত নাও ডুব যোৱাত সকলোৰে মৃত্যু হয় কেৱল ভবানন্দ আৰু চৈতন্য আতৈ কোনোমতে প্ৰাণ বচাই পাৰলৈ আহে৷[1] ইয়াৰ পিছত নানা ঠাই ঘূৰি শেষত গোৱালপাৰা জিলাৰ ’নামানগৰ’ নামে ঠাই পাই তাতে বসতি কৰিবলৈ লয়৷ ইয়াতেই তেওঁ খুৰাকৰ সহযোগত ব্যৱসায় কৰিবলৈ মন মেলে৷ প্ৰথমে তামোল-পাণৰ ব্যৱসায় কৰে৷[1] তাৰপিছত তেওঁলোক ডিঙানগৰত বসতি কৰিবলৈ লয়৷ ইয়াতো তেওঁ নানা অসুবিধা পোৱাত তাৰপৰা উঠি আহি হালধীয়া গ্ৰামত বসতি কৰিবলৈ লয়৷ ইয়াৰ পৰাই তেওঁ ব্যৱসায় বিস্তাৰ কৰি নাৱেৰে ব্ৰহ্মপুত্ৰইদি উজাই গৈ দৰং, নগাঁও, শিৱসাগৰ আদিত ব্যৱসায় কৰি শেষত মাজুলীৰ ভাণ্ডাৰী ডুবি বা ভৰালী ডুবি গাঁও পায়গৈ৷

বিবাহ[সম্পাদনা কৰক]

সজ আচৰণ আৰু বিচক্ষণতাৰ বাবে আকৃষ্ট হৈ ভৰালীডুবিৰে দীঘলা কায়থ নামৰ এগৰাকী লোকে তেওঁ কন্যাৰ সৈতে ভবানন্দৰ বিয়া পাতি দিয়ে, কন্যাগৰাকীৰ নাম আছিল বাৰবাসী৷[1]

ৰাজ অনুগ্ৰহ লাভ[সম্পাদনা কৰক]

ভৰালী ডুবিত ব্যৱসায়ত তেওঁৰ উন্নতি দেখি হিংসাকুৰীয়া লোকে তেওঁ এজন চোৰাংচোৱা বুলি ৰাজপ্ৰতিনিধিৰ ওচৰত গোচৰ দিলে৷ ৰাজপ্ৰতিনিধি দড়ীয়া কোঁৱৰে তেওঁক ধৰিবলৈ মানুহ পঠিয়ালে, কিন্তু ভবানন্দই ফাকি দি পলাই আহিল৷ পিছত ফাকি দিয়া বাবে অনুতপ্ত হৈ নিজেই দড়ীয়া কোঁৱৰৰ ওচৰত ধৰা দিলে আৰু সততা আৰু বিচক্ষণতাৰ বলত কোঁৱৰৰ মন জিনিবলৈ সক্ষম হ’ল৷ কোঁৱৰে তেওঁক “বৰ সদাগৰ’’ উপাধি দি বিনাকৰে ব্যৱসায় কৰাৰ অনুমতি দিলে৷[2]

গুৰুৰ সন্ধান লাভ[সম্পাদনা কৰক]

ৰাজ অনুগ্ৰহ লাভ কৰি ভবানন্দই অন্য সহযোগীসকলৰ সৈতে কামৰূপ, গোৱালপাৰাত ব্যৱসায় কৰিবলৈ আহে৷ কামৰূপৰ চাউলখোৱা নৈয়েদি উজাই আহি তেওঁ ভাস্কৰ গুৰু নামৰ এক বিপ্ৰৰ সাক্ষাৎ পায়৷ তেওঁৰ পৰাই শংকৰদেৱৰ বিষয়ে জানিব পাৰি তেওঁক লগ পাবলৈ শংকৰদেৱ থকা ঠাইলৈ আহিল৷ তেতিয়া শংকৰদেৱ চূণপোৰাত আছিল৷[2][1]

গুৰুলাভ আৰু ধৰ্মপ্ৰচাৰৰ দায়িত্ব[সম্পাদনা কৰক]

ভাস্কৰ গুৰুৰ মুখে শংকৰদেৱৰ গুণ-গৰিমা শুনি নাৱেৰে চূণপোৰালৈ আহি থাকোঁতে ভবানন্দই “মন মেৰি ৰাম চৰণহি লাগু’’ শীৰ্ষক বৰগীত গাই খৰি কাটি থকা খৰিকটীয়াক শংকৰদেৱ কোন ঠাইত আছে জানিব খোজাত, তেওঁৰ বাসস্থান দেখুৱাই দিলে৷ ভবানন্দ ঘাটত নাও চপাই সভক্তিৰে শংকৰদেৱৰ ওচৰলৈ গ’ল৷ চোতালত বহি ভকতে বাৰীৰ বন গুচোৱা চাই বহি থকা শংকৰদেৱৰ ভৰিত ভবানন্দৰ ছাঁটো পৰিলগৈ, লগে লগে শংকৰদেৱে মুখেৰে “নাৰায়ণ’’ উচ্চাৰণ কৰিলে৷ প্ৰথম সাক্ষাততে “নাৰায়ণ’’ নাম মুখেৰে উচ্চাৰিত হোৱা, বাবে শৰণ দিয়াৰ পিছত ভবানন্দৰ নাম নাৰায়ণ নাম ৰাখি মাধবদেৱৰ সৈতে সখি পাতিবলৈ কোৱাত, তেওঁ মাধবদেৱৰ সমকক্ষ নহয় বুলি কৈ দাস হিচাপেহে থাকিব বুলি জনালে৷ সেইমতে, তেতিয়াৰ পৰাই ভবানন্দ নাৰায়ণ দাস নামে জনাজাত হ’ল৷ শংকৰদেৱে “গোপী-উদ্ধৱ সংবাদ’’ নামৰ পুথিখন দি নাৰায়ণ দাসক ধৰ্মপ্ৰচাৰক নিযুক্ত কৰিছিল৷ শংকৰদেৱত শৰণ লোৱাৰ পিছত হালধীয়া গ্ৰাম পৰা উঠি আহি নাৰায়ণ দাস মনথৈ নামে এখনি ঠাইত বাস কৰিছিল৷[1] ১৮৯৭ চনৰ ভূমিকম্পত মনথৈ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল৷[3] শংকৰদেৱ পাটবাউসী সত্ৰৰ পৰা দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণলৈ যাওঁতে নাৰায়ণ দাস ঠাকুৰ আতা লগত গৈছিল৷[2]

নাৰায়ণ দাস ঠাকুৰ আতাই গোকুল চান্দ আতৈক প্ৰথম শৰণ দিছিল৷ তাৰপিছত তেওঁ গাৰো পাহাৰৰ পৰা অহা এজন গাৰো লোকক পাই শংকৰদেৱৰ ওচৰলৈ নি শৰণ দিয়ায়৷ শংকৰদেৱে এইজনাক শৰণ দি নাম ৰাখে গোবিন্দ আতৈ৷[2]

ৰাজ শাস্তি ভোগ[সম্পাদনা কৰক]

পাটবাউসী সত্ৰত থাকোঁতে এবাৰ শংকৰদেৱৰ ওচৰত তৰ্কত হাৰি কেইজনমান লোকে নৰনাৰায়ণ ৰজাৰ ওচৰত গোচৰ দিয়াত, ৰজাই শংকৰদেৱক ধৰি নিবলৈ মানুহ পঠিয়ায়৷ দূতে আহি শংকৰদেৱক নাপাই গোকুল চান্দ আৰু নাৰায়ণ দাস ঠাকুৰ আতাক ধৰি নিয়ে আৰু দুয়োকে এটা অন্ধকাৰ কোঠালিত ৰাজবন্দী কৰি ৰাখে৷ শংকৰদেৱৰ সন্ধানত ৰজাৰ গৰমলিয়ে দুয়োকে অকথ্য নিৰ্যাতন দিছিল৷ সেই সময়ত নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নী গৰ্ভৱতী আছিল আৰু স্বামীৰ পিছে পিছে তেঁৱো কোচ ৰাজ্যলৈ গৈছিল৷ ৰজাৰ গৰমলি সহিহৰিয়ে তেওঁক আশ্ৰয় দি ৰাখিছিল৷ বহু শাস্তিৰ পিছতো নিজ ধৰ্মত অবিচল থকা নাৰায়ণ দাস ঠাকুৰ আতাক শেষত মুক্ত কৰি দি হেমা আৰু পেমা নামৰ দুটা ভোট মানুহৰ হাতত বিক্ৰী কৰি দিছিল৷ কিন্তু হেমা-পেমাই নাৰায়ণ দাস ঠাকুৰ আতাক “দেওলগা মানুহ’’ বুলি এৰি দিছিল৷ নাৰায়ণ দাস ঠাকুৰ আতাক পিছত সহিহৰি গৰমলিয়ে নিজ গৃহলৈ নি পত্নী বাৰবাসীৰ সৈতে লগ লগাই দিছিল৷[1]

ঠাকুৰ উপাধি লাভ আৰু অন্যান্য[সম্পাদনা কৰক]

নাৰায়ণ দাসে বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰোঁতেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ তেওঁক বস্ত্ৰ নিৰ্মাণৰ তদাৰক কৰিবলৈ নিয়োগ কৰিছিল৷ শংকৰদেৱে পাটবাউসী সত্ৰ এৰি শেষবাৰৰ বাবে কোচবেহাৰলৈ যাবৰ সময়ত তেওঁৰ যাত্ৰাৰ যোগাৰ কৰিবলৈ নাৰায়ণ দাসক অনুৰোধ কৰিছিল৷ তেওঁ নাও এখন যোগাৰ কৰি গুৰুৰ ক’তো কেনিও অসুবিধা হ’ব নোৱাৰাকৈ এখন ঘৰৰ দৰে নাওখন তৈয়াৰ কৰিছিল৷ তেওঁৰ পাৰিপাট্য দেখি সেইদিনা শংকৰদেৱে নাৰায়ণ দাসক “ঠাকুৰ’’ উপাধি প্ৰদান কৰিছিল৷ সকলো সময়তে ধৰ্মত অবিচল থকাৰ বাবে “ধৰ্মৰ খুঁটি’’ উপাধিও শংকৰদেৱে প্ৰদান কৰিছিল৷[3] নাৰায়ণ দাস ঠাকুৰ আতা বৰ বিচক্ষণ আৰু প্ৰত্যুৎপন্নমতি বুদ্ধিসম্পন্ন লোক আছিল৷ কথাই কথাই ছন্দ মিলাই তেওঁ যোজনা মাতিব পাৰিছিল৷ মাধবদেৱৰ কথামতে তেওঁ জনীয়াত সত্ৰ স্থাপন কৰিছিল৷ জনীয়া সত্ৰতে তেওঁ পদ্ম আতাক “মাইজেলি সুখৰ কথা’’ শিকাইছিল৷ দৈনিক একোটাকৈ ফকৰাৰে পৰমাৰ্থিক শিক্ষা তিনিশ তিনিকুৰি ফকৰা-যোজনাৰ দ্বাৰা তেওঁ পদ্ম আতাক শিক্ষা দান কৰিছিল[3][4]৷ তেওঁ গৃহী হৈও সংসাৰ বিৰাগী লোকৰ দৰে জীৱন যাপন কৰিছিল৷ তেওঁ নিজৰ ল’ৰা-ছোৱালী কেইটি আছে তাৰেই হিচাপ নাৰাখিছিল, কাৰণ শংকৰদেৱে এবাৰ সোধাত তাৰ উত্তৰ তেওঁ দিব পৰা নাছিল৷ শংকৰদেৱৰ মৃত্যুৰ পাছত মাধবদেৱৰ একান্ত সহযোগী হৈ তেওঁ নাম-ধৰ্মৰ প্ৰসাৰৰ বাবে কাম কৰিছিল৷ তেওঁ ভকতসকলৰ মাজত চাউল ভোজনি প্ৰথাৰ উদ্ভাৱন কৰিছিল৷ তেওঁ গুৰুকৰ শোধোৱা প্ৰথাৰো আৰম্ভণি কৰিছিল৷[2]

মৃত্যু[সম্পাদনা কৰক]

১৫১২ শকৰ পুহ মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথিত ৯৫ বছৰ বয়সত জনীয়া সত্ৰত নাৰায়ণ দাস ঠাকুৰ আতাৰ মৃত্যু হয়৷[3]<ref name="ভবা">

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৬৭. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ৪২. 
  3. 3.0 3.1 3.2 3.3 দাস, দিগম্বৰ (১৯৯৫). বৰপেটাৰ বুৰঞ্জী. জীৱন-জেউতি প্ৰকাশন. পৃষ্ঠা. ১৩০. 
  4. বৰ্মন, শিৱনাথ (২০১৮). জীৱন অভিধান. বনলতা. পৃষ্ঠা. ১১৯. ISBN 978-81-7339-428-7.