সমললৈ যাওক

পদ্ম আতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদ্ম আতা
জন্ম আঘোণ মাহৰ শুক্ল পক্ষৰ দশমী তিথি
সক্ৰাহি, বৰনাৰায়ণপুৰ, লক্ষীমপুৰ জিলা
মৃত্যু ১৫৯৮, ভাদ মাহৰ শুক্লা একাদশী তিথি
কমলাবাৰী, মাজুলী
পেচা ধৰ্মপ্ৰচাৰক
দাম্পত্যসঙ্গী সূৰ্যৱতী
পিতৃ-মাতৃ তিতা চোমদাৰ
সত্যা

পদ্ম আতা বা বদলা পদ্ম আতা বা বদুলা পদ্ম আতা (ইংৰাজী: Padma Aata) অসমৰ মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক। শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধবদেৱৰ সলনি তেওঁ উজনি অসমত শংকৰী ধৰ্ম-কলা-সংস্কৃতি প্ৰচাৰৰ দায়িত্ব লৈছিল বাবে তেওঁৰ মূল নামৰ আগত “বদলা’’ বা লোকমুখত পৰি “বদুলা’’ সংযুক্ত হৈ পৰে। পদ্ম আতাৰ ঠাইত “বদুলা আতা’’ বুলিও তেওঁ জনাজাত।[1]

বংশ পৰিয়াল আৰু জন্ম[সম্পাদনা কৰক]

পদ্ম আতাৰ আজোককাক সুৱৰাজ শদিয়াৰ কুণ্ডিল নগৰীৰ এজন প্ৰতিপত্তিশালী লোক আছিল।[2] তেওঁৰ পুত্ৰ লৱ। দেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে তেওঁ সপৰিয়ালে ভটিয়াই আহি লক্ষীমপুৰ জিলাৰ বৰনাৰায়ণপুৰৰ সক্ৰাহি নামে ঠাইত থাকিবলৈ লয়। ইয়াতে লৱৰ তিতা চোমদাৰ আৰু গোপাল নামে দুটি পুত্ৰৰ জন্ম হয়।[3] তিতা চোমদাৰৰ সত্যা নামে এগৰাকী কন্যাৰ সৈতে বিবাহ হয়। সক্ৰাহিতেই তিতা চোমদাৰ আৰু সত্যাৰ শংকৰদাস আৰু পদ্ম নামৰ দুটা ল’ৰা আৰু বহুৰমা নামে এজনী ছোৱালীৰ জন্ম হয়।[2][3][4] গুৰু চৰিত মতে পদ্ম আতাৰ জন্ম আঘোণ মাহৰ শুক্ল পক্ষৰ দশমী তিথি।[4]আকৌ, বদুলা আতাৰ চৰিত পুথি মতে, তেওঁৰ জন্ম, চৌদ্ধশ আঠষষ্ঠি(১৪৬৮) শকৰ জেঠ মাহৰ শুক্লা একাদশী তিথি।[2]

এওঁ বৰ পৰিশ্ৰমী, বুদ্ধিমান, সুশ্ৰী আৰু অধ্যৱসায়ী আছিল বুলি জনা যায়। এইবোৰ গুণৰ বাবেই পদ্ম আতাই বাল্যকালৰে পৰা বিভিন্ন নামেৰে পৰিচিত হৈছিল। তেওঁৰ নাম মুঠতে দহটা; পদ্ম(প্ৰকাশ্য নাম), গোবিন্দ(গুপ্তনাম), ৰূপধন, লৱণাতি, গোঁসাই, হৰিৰ পো, মাণিক(নাৰায়ণ দাস ঠাকুৰ আতাই দিয়া নাম), অমুকা(মাধবদেৱে মতা নাম), বাপুঘৰ(ভকতসকলে মতা নাম) আৰু বদলা বা বদুলা আতা।[4][2] [3]

চৰিত পুথি আৰু আন বিভিন্ন গ্ৰন্থত পদ্ম আতাৰ বংশাৱলী ভিন্ন ধৰণে থকা দেখা যায়। বদুলা পদ্ম আতাৰ পদ চৰিত পুথি মতে, তেওঁৰ বংশলতা এনেধৰণৰ:- ইন্দুশ্বৰ-সুৱৰাজ-লৱ-তিতা চোমদাৰ-পদ্ম। আকৌ কথা গুৰু চৰিতমতে, পদ্ম আতাৰ বংশাৱলী হ’ল, মুনৈ কুণ্ডল-সুৱৰাজ-যুৱৰাজ-নলকুহৈ-চাম চোমদাৰ-গোপাল চোমদাৰ-তিতা চোমদাৰ-পদ্ম আতা। আনহাতে, নিত্যানন্দ আতৈৰ গদ্য চৰিত পুথি মতে, তেওঁৰ উপৰিপুৰুষ বিন্দুশ্বৰ বুলিহে আছে।[2]

গুৰু চৰিত কথা মতে,

আতাৰ উপৰি পুৰুষ মুনৈ কুণ্ডিল গৃহ : তানে পুত্ৰ সুৱৰাজ : তানে পুত্ৰ যুৱৰাজ : তানে সুত নল কুহৈ : তানে বেটা চাম চোমদাৰ : তানে অনুজ লৱ চোমদাৰ : তানে পুত্ৰ চম্পা চোমদাৰ : তানে পুত্ৰ আতা বৰজন শঙ্কৰদাস।[5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

পদ্মৰ পিতৃ তিতা চোমদাৰৰ অকাল বিয়োগ হোৱাত খুৰাক গোপালে তেওঁলোকক চোৱা-চিতাৰ দায়িত্ব লৈছিল; কিন্তু ৰাজকাৰ্য কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে গোপালক নিযুক্তি দিয়াত ককায়েকৰ পৰিয়ালটো তেওঁ সক্ৰাহিতে এৰি যায়। খুৰাক যোৱাৰ পিছত ওচৰ-চুবুৰীয়াৰ পৰা অশান্তি পাই তেওঁলোক মাকৰ জন্মগাঁও ঢলপুৰলৈ উঠি যায় আৰু তাতে বসতি কৰিবলৈ লয়।[2] [3][4]

শিক্ষাৰম্ভ[সম্পাদনা কৰক]

ঢলপুৰতে পদ্মক ককায়েকে এখন প্ৰাথমিক পঢ়াশালিত নাম লগাই দিয়ে। তেওঁ পাঠগ্ৰহণত বৰ আগৰণুৱা আছিল। আৰ্থিক দৈন্যৰ বাবে পালপাতি গৰু চৰোৱাৰ কামো কৰিছিল।[6] তেওঁলোক তাতে এবছৰ থকাৰ পিছত খুৰাক গোপাল উভতি আহি পুনৰ তেওঁলোকক সক্ৰাহিলৈ লৈ যায় আৰু নিজৰ তত্তাৱধানতে ৰাখি পদ্মৰ ককায়েক শংকৰৰ বিয়া পাতি দিয়ে।[2] [3][4]

পদ্মৰ যুদ্ধযাত্ৰা[সম্পাদনা কৰক]

সেইসময়ত উদয়াদিত্য সিংহৰ দিনত সক্ৰাহিত ডফলাৰ আক্ৰমণ হৈছিল।[5] থলুৱা ৰাইজে এই আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰত্যেক ঘৰৰ একোজনকৈ লোকক যুঁজলৈ ওলোৱাৰ সিদ্ধান্ত কৰাত, ককায়েক শংকৰে পদ্মক যুঁজলৈ যাবলৈ পাচিলে। ককায়েক আৰু মাকৰ আদেশ মানি যুঁজলৈ গ’ল যদিও তেওঁ যুদ্ধৰ পৰিৱৰ্তে ৰণুৱাসকলৰ ৰান্ধনি হ’বলগীয়া হোৱাত বিৰক্ত হৈ[4] আৰু শত্ৰুপক্ষৰ আক্ৰমণত নিজক বচাই তেওঁ হাবিলৈ পলাই যায়[5] আৰু পিছত ঘৰলৈ উভতি আহিল।

পদ্মৰ বৈৰাগ্য[সম্পাদনা কৰক]

যুদ্ধক্ষেত্ৰৰ পৰা উভতি অহাৰ বাটত ডফলাৰ আক্ৰমণত বিধ্বস্ত জুয়ে পোৰা ঘৰবাৰী, শ শ মানুহ আৰু জীৱ-জন্তুৰ মৰাশ আৰু পতি-পুত্ৰ হেৰুৱাই কান্দি থকা নৰ-নাৰীক দেখি মনত বৰ দুখ হ’ল আৰু জীৱহিংসাৰ পৰা দূৰত থকাৰ সংকল্প ল’লে।[7] সংসাৰৰ সকলো বস্তু অসাৰ-অনিত্য; একমাত্ৰ পৰমেশ্বৰকে সাৰ আৰু নিত্য বুলি মানি সংসাৰৰ সকলো কৰ্মলৈ পিঠি দিলে।[6] ইয়াৰ পিছতে ’ৰামৰমীয়া ব’ৰাগী’ৰ দল এটা পাই তেওঁলোকৰ লগত কৰতাল বজাই গাঁৱে-ভূঞে গীত-পদ গাই ফুৰিবলৈ ধৰিলে।[4][3]

বদলা আতাৰ খেল-নাঁ‌ও

জয় ভাৰতীৰ সংগলাভ[সম্পাদনা কৰক]

সংসাৰৰ প্ৰতি উদাসীন হোৱাৰ বাবে ককায়েক শংকৰদাসে পদ্মক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত তেওঁ ভাগিনীয়েক জগন্নাথ চৰণৰ সৈতে হাতীশাল নামে ঠাইত থাকিবলৈ লয়। এই সময়ত তেওঁৰ খোৱা-লোৱাৰো বৰ কষ্ট হৈছিল। তুলসী গছ কাটি তাৰ পৰা মালা তৈয়াৰ কৰি বিক্ৰী কৰি পোৱা ধনেৰেই আহাৰমুঠিৰ যোগাৰ হৈছিল। সেই সময়তে তেওঁ জয়ভাৰতী নামৰ ব্ৰাহ্মণ পণ্ডিত এজনক লগ পায়। তেওঁৰ লগত থাকিবলৈ ল’লে আৰু শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ল’লে। কিন্তু জয়ভাৰতীৰ নাম-কীৰ্তনতকৈ কৰ্ম-কাণ্ডৰ প্ৰতি আগ্ৰহ আৰু ব্ৰাহ্মণ্য ক্ৰিয়াত পোৱা ধন-সম্পদৰ প্ৰতি লোভ দেখি পদ্মৰ বিৰক্তি হ’ল। পদ্মই একাণপতীয়াকৈ শাস্ত্ৰ অধ্যয়ন বিশেষককৈ “ভক্তি-ৰত্নাৱলী’’ পুথি পঢ়া আৰু ব্যাখ্যা কৰাত মনোযোগ দিলে। ক্ৰমে পদ্মৰ নাম প্ৰখ্যাত হ’বলৈ ধৰিলে। তাতে জয়ভাৰতী ঈৰ্ষান্বিত হৈ তেওঁ পদ্মৰ হাতৰ পৰা ৰত্নাৱলী পুথিখন কাঢ়ি নিলে। কিন্তু, ইতিমধ্যেই পদ্ম সেই পুথি ৰচোঁতাৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ সংগলাভৰ বাবে উদ্বাউল হৈ পৰিছিল। পদ্মই তাৰ পিছত জয়ভাৰতীৰ সংগ এৰি হৰিপুখুৰীৰ পাৰত বসবাস কৰিবলৈ ধৰে।[4] [3]

ভাটৌকুছীয়া আতাৰ সংগলাভ[সম্পাদনা কৰক]

ইয়াৰ পিছতেই পদ্মই ভাটৌকুছীয়া কেশৱ চৰণ আতাৰ দৰ্শন পালে। জয়ভাৰতীয়ে কাঢ়ি নিয়া ৰত্নাৱলী পুথিখনৰ প্ৰতি ভক্তিত গদগদ হৈ তেওঁ আন এখন পুথি আনি তাৰ নকল কৰিবলৈ লওঁতে ভাটৌকুছীয়া আতাই “পুথি নকল কৰাতকৈ পুথি ৰচকগৰাকীৰ সাক্ষাৎ পালেই জীৱন ধন্য হৈ যাব’’ বোলাত পদ্ম ব্যাকুল হৈ পৰিল, ৰত্নাৱলীৰ ৰচকৰ সাক্ষাৎ পাবলৈ আৰু পিছদিনা পুৱাই গুৰুজনাক লগ পাবলৈ যাত্ৰা আৰম্ভ কৰিলে।[4][3]

মাধবদেৱত শৰণ[সম্পাদনা কৰক]

ভাটৌকুছীয়া আতাৰ লগত গৈ বেহাৰৰ ভেলাদোৱাত উপস্থিত হ’ল। সেইসময়ত মাধবদেৱ কোচবেহাৰৰ ভেলাদোৱাত আছিল। ভেলাদোৱা পাই পদ্মক নাৱতে এৰি যদুমণি আতৈ আৰু ভাটৌকুছীয়া কেশৱচৰণ আতা গৈ গুৰু মাধৱদেৱক সাক্ষাৎ কৰে। নাম-প্ৰসংগৰ অন্তত বৰ আদৰ-যত্নেৰে নাৱত থকা আলহীলৈ প্ৰসাদ দি পঠিওৱাত পদ্ম আনন্দিত হয় আৰু মাধবদেৱক আহি সাক্ষাৎ কৰে। মাধবদেৱে পদ্মৰ বিষয়ে আদ্যোপান্ত কথা সুধি একশৰণ হৰিনাম ধৰ্মত শৰণ দিলে। মাধবদেৱৰ শেষগৰাকী শিষ্য পদ্ম আতাৰ ওচৰত নিজৰ সকলো শক্তি-ভক্তি, বল-পৰাক্ৰম অৰ্পণ কৰি নামমালিকা পুথিখনি দান কৰিলে।[3] মাধৱদেৱনামমালিকা পুথিখনিও ছোট আতা গুৰুজনাৰ শেষ ৰচনা। ধৰ্মবস্তু লাভ কৰাৰ পিছৰ সাতদিনত ধৰ্মৰ সকলোপ্ৰকাৰৰ তত্ত্ব মাধবদেৱে পদ্ম আতাক দিলে। তদুপৰি, তেওঁৰ আন চাৰিজন ভকত বৰবিষ্ণু আতা, মথুৰা দাস বুঢ়া আতা, নাৰায়ণ দাস ঠাকুৰ আতা আৰু ভবানীপুৰীয়া গোপাল আতাৰ পৰা ধৰ্মৰ “চাৰি সুখ’’ৰ কথা; “ছৈৰ তলৰ সুখৰ কথা’’, নাওৰাৰ তলৰ সুখৰ কথা’’, “মইজেলিৰ সুখৰ কথা’’, আৰু “কলয়াৰ সুখৰ কথা’’ সুধি জানি ল’বলৈ পৰামৰ্শ দিলে।[4] মথুৰাদাস বুঢ়া আতাৰ পৰা ধৰ্মজ্ঞান ল’বলৈ আহি এবছৰকাল তেওঁ বৰপেটা সত্ৰত থাকি সকলোপ্ৰকাৰৰ সত্ৰীয়া ৰীতি-নীতি, কলা-সংস্কৃতি আয়ত্ত কৰি লৈছিল। বৰপেটা সত্ৰৰ চৌহদত তেওঁ বাস কৰা ঠাইখণ্ড এতিয়াও “বদলা আতাৰ ভিঠি’’ নামে সংৰক্ষিত কৰা হৈ আছে। উল্লেখযোগ্য কথা যে, বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত যি তিনিখন গুৰু আসন স্থাপন কৰা আছে, তাৰ এখন পদ্ম আতাৰ নামৰ। এই আসনখনৰ ওপৰত ঠাৰিৰে সৈতে এটা পদুম ফুলৰ কলি আছে। শংকৰদেৱ গুৰজনাই পাটবাউসী সত্ৰ এৰি বেহাৰলৈ যোৱাৰ সময়ত মাধবদেৱক “বল-পৰাক্ৰম, শক্তি-ভক্তি’’ সকলো সমৰ্পন কৰি পাটবাউসীৰ সত্ৰাধিকাৰ পাতি গৈছিল। তেনেদৰেই, মাধবদেৱেও তেওঁৰ সকলো শক্তি-ভক্তি আৰু ধৰ্মৰ গূঢ় তত্ত্ব পদ্মা আতাক দি উজনিলৈ আচাৰ্য পাতি পঠিয়াাইছে। সেয়ে, মহাপুৰুষীয়া নাম-ধৰ্মত ’শংকৰদেৱ-মাধৱদেৱ-পদ্ম আতা’ক সমান বুলি মান্যতা দিয়া হয়।[8]

ধৰ্মপ্ৰচাৰক নিযুক্তি[সম্পাদনা কৰক]

আহোম ৰজাৰ হাতী ৰখীয়া কাণ্ডত নিগৃহীত হৈ শংকৰদেৱ আৰু মাধবদেৱ উজনি অসমৰ পৰা নামনিলৈ ভটিয়াই যোৱাৰ পাছত উজনি অসমত একশৰণ নাম-ধৰ্ম আৰু কলা-সংস্কৃতিৰ প্ৰচাৰত যতি পৰিছিল। শংকৰদেৱ পাটবাউসী সত্ৰত থাকোঁতে উজনিৰ জনৈক মুদৈয়ে আহি পুনৰ উজনিত ধৰ্মপ্ৰচাৰৰ বাবে গুৰুজনাক খাটনি ধৰিছিল। সেয়ে, এগৰাকী যোগ্য ব্যক্তিৰ সন্ধানত থকা মাধবদেৱে পদ্ম আতাক পাই তেওঁকেই উজনিলৈ পঠিয়াবলৈ মানস কৰিলে। “বাপু লৱ-নাতি, তুমি আমাৰ অভেদ আত্মা। তোমাৰ লগত আমাৰ কোনো ভেদভাৱ নাই। আমাৰ গাৰ বদল স্বৰূপে উজনিলৈ গৈ তাত ধৰ্ম প্ৰচাৰ কৰাগৈ’’। তেতিয়াৰ পৰাই পদ্ম আতা বদলা বা বদুলা আতা নামে প্ৰখ্যাত হ’ল।[4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ডফলাৰ আক্ৰমণত বিধ্বস্ত জনজীৱন দেখি বৈৰাগ্য ভাৱ উপস্থিত হোৱা পদ্মক পুনৰ সাংসাৰিক মায়া-মোহত আকৃষ্ট কৰিবলৈ ককায়েক শংকৰদাসে সূৰ্য বাঢ়ৈ নামে এগৰাকী ব্যক্তিৰ ৰূপৱতী কন্যা সূৰ্যৱতীৰ লগত বিবাহ কৰাই দিয়ে। কিন্তু মধুচন্দ্ৰিকাৰ নিশাই পদ্মই নৱ-বিবাহিতা পত্নীক বৌৱেকৰ আদেশ মানি চলিবলৈ কৈ ঘৰৰ পৰা ওলাই গৈছিল। এই কাৰ্যত ককায়েক ক্ষুণ্ণ হৈ পদ্মক ঘৰৰ পৰা উলিয়াই দিছিল। কইনা সূৰ্যৱতীয়ে আৰু কোনোদিনে পদ্মৰ সাক্ষাৎ লাভ নকৰিলে। ধৰ্মাচাৰ্যৰ পদ লাভ কৰাৰ পিছত এবাৰ সক্ৰাহি ঘাটত নাও বান্ধিবলগীয়া হোৱাত, ভতিজাক কৰুণাময়ে খুৰাকক ঘৰলৈ মতাত, তেওঁৰ আগত সূৰ্যৱতী ঘৰত থকা অৱস্থাত ঘৰলৈ নাযায় বুলি কোৱা বাবে কমললোচনে বুদ্ধি কৰি সূৰ্যৱতীৰ পিতৃৰ মৃত্যু হ’ল বুলি কৈ তেওঁক লৰালৰিকৈ মাকৰ ঘৰলৈ পঠিয়াই দিয়ে। ইয়াৰ পিছত সূৰ্যৱতীৰ বিষয়ে কোনো তথ্য নাই।[4][5]

সত্ৰ স্থাপন[সম্পাদনা কৰক]

ধৰ্মাচাৰ্যৰ দায়িত্ব লোৱাৰ পিছত তেওঁ পূৰ্বে যি যি ঠাইত আছিল, যেনে, কলানি ভেটি, হৰিপুখুৰীৰ পাৰ, চেচুকা, পচতীয়া ভেটি আদি সকলোতে একোবাৰ গৈ, তাৰ ভকতসকলৰ সৈতে নানা ধৰ্মালোচনা আৰু নাম-কীৰ্তন কৰি সত্ৰ স্থাপন কৰিবলৈ মনোমত ঠাইৰ সন্ধান কৰি থাকিল।[9] পচতীয়াতেই ধৰ্ম-প্ৰচাৰৰ বাবে উপযুক্ত ঠাই বুলি ভাবি নিজৰ সাঁচতীয়া এতোলা সোণেৰে জমদগ্নি নামৰ এজন লোকৰ এখন আহল-বহল বাৰী কিনি তাতে বহাঘৰ, কীৰ্তনঘৰ সাজি প্ৰথম সত্ৰ স্থাপন কৰে। এয়ে বৰ্তমানৰ বদলা পদ্ম আতা সত্ৰ[2] এই সত্ৰত আতা সাতবছৰ ছমাহ কাল আছিল। কিন্তু কিবা কাৰণত উত্তৰ পাৰৰ মানুহ ভাগিবলৈ ধৰাত আতায়ো সেই ঠাই এৰিবলগীয়া হয় আৰু দুবছৰ ৰামৰাম গুৰুৰ ঘৰত ভকত সমন্বিতে বাস কৰে। তাৰপিছত তেওঁ পৰশুৰাম মুদৈৰ বাৰীত সত্ৰ পাতি ছমাহ কাল থাকে।[2] তাৰপৰা ডড়ীয়া মুকুন্দৰ ঠাইত গৈ থাকে। তাতো ছমাহ থাকি মুৰাৰি আতৈৰ তালৈ গৈ দুবছৰ তাতে ধৰ্মালোচনা কৰি থাকে। তাৰপৰা কিছুদিন তেওঁ নিতাই পৰমাৰ বাৰীত ছমাহমান থাকি পুনৰ মুৰাৰি আতৈৰ বাৰীলৈ উভতি আহে। এইবাৰ মুৰাৰি আতৈয়ে অধিক যত্নেৰে ঘৰবাৰী কৰি দিয়াত জন-সমাগমো বঢ়াত পদ্ম আতা তাতে থাকিবলৈ ল’লে। ইয়াৰ পিছত আতাই সুচল নতুন ঠাই এখনৰ সন্ধান কৰি তেওঁৰ শিষ্য পুৰুষোত্তম বৰুৱাৰ বাৰীতে সত্ৰ পতাৰ সিদ্ধান্ত কৰে। কোনো কোনোৰ মতে কমলা টেঙাৰ বাৰী আৰু কোনোৰ মতে, কঠীয়াতলি আছিল। যি নহওক, সেই নতুন ঠাইত চাৰিফালে চাৰি হাটীৰ নিদৰ্শনত ঘৰ সজাই ১৫৯৫ শকাব্দত সত্ৰ স্থাপন কৰি পদ্ম আতা তাতে নিগাজী হ’ল। এইখনেই কমলাবাৰী সত্ৰ। পদ্ম আতাই স্থাপন কৰা শেষ সত্ৰ।[2]

মৃত্যু[সম্পাদনা কৰক]

কমলাবাৰী সত্ৰতে ১৫৯৮ চনৰ ভাদ মাহৰ শুক্লা একাদশী তিথিত[2] দিনৰ ডেৰ প্ৰহৰ বেলিকা তেওঁ নৰনাট সামৰণি মাৰে। জগন্নাথ চৰণ, মুদৰি আতৈ, আলধৰা গোবিন্দ আতৈ আৰু জয়হৰি আতৈয়ে আতাক কান্ধত তুলি নি টুনি নৈৰ পাৰত কাঠসংস্কাৰ কৰে। আতাৰ পিছত কমলাবাৰী সত্ৰৰ অধিকাৰ হৈছিল, শ্ৰীৰাম গুৰু।[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. (Sarma 2013:48)
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 দেৱগোস্বামী, নাৰায়ণ চন্দ্ৰ (১৯৮৪). সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৮১০. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 বেজবৰুৱা, লক্ষ্মীনাথ (১৯৯৫). মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধবদেৱ. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২২২. 
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ১৫০-১৯৪. 
  5. 5.0 5.1 5.2 5.3 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩৭৩. 
  6. 6.0 6.1 বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১২৪. ISBN 978-81-7339-428-7. 
  7. (Sarma 2013:46)
  8. দাস, দিগম্বৰ (১৯৯৫). বৰপেটাৰ বুৰঞ্জী. জীৱন জেউতি প্ৰকাশন. পৃষ্ঠা. ৭৪. 
  9. Staff REPORTER (2010-09-15). "473rd birth anniversary of Badala Padma Ata" (en ভাষাত). assamtribune.com. https://assamtribune.com/473rd-birth-anniversary-of-badala-padma-ata। আহৰণ কৰা হৈছে: 2023-02-15.