নাৰী আৰু ধূম্ৰপান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰন্ধনৰত অৱস্থাত পাইপত ধূমপান কৰি থকা এগৰাকী মহিলা। গিনি-বিছাউ, ১৯৭৪ চন

ধঁপাত সেৱনে শৰীৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পেলায়। বিভিন্ন ধৰণৰ ৰোগ আৰু চিকিৎসাজনিত পৰিঘটনাই লিংগক বেলেগ বেলেগ ধৰণে প্ৰভাৱিত কৰে আৰু ধঁপাতৰ প্ৰভাৱৰ ক্ষেত্ৰতো একেই কথা খাটে। ধঁপাতৰ প্ৰসাৰৰ পিছৰে পৰা বহু সংস্কৃতিয়ে ধূমপানক পুৰুষৰ কু-অভ্যাস হিচাপে বিবেচনা কৰিছে; আৰু সেইবাবেই ধঁপাতৰ প্ৰভাৱৰ দিশটোত পুৰুষ আৰু মহিলাৰ মাজত থকা নিৰ্দিষ্ট পাৰ্থক্যজনিত গৱেষণাৰ অধিকাংশই শেহতীয়া বছৰবোৰতহে গভীৰভাৱে কৰা হৈছে।

সাধাৰণ স্বাস্থ্যজনিত প্ৰভাৱ[সম্পাদনা কৰক]

"ধঁপাতে আপোনাৰ শৰীৰত কেনেকৈ প্ৰভাৱ পেলায়", স্বাস্থ্যৰ সহকাৰী সচিবৰ কাৰ্যালয়ৰ মহিলা স্বাস্থ্যৰ কাৰ্যালয়ৰ দ্বাৰা প্ৰচাৰিত

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ মতে, আমেৰিকাত চিগাৰেট ধূমপান প্ৰতিৰোধযোগ্য মৃত্যুৰ প্ৰধান কাৰণ আৰু ইয়াৰ ফলত স্বাস্থ্য সম্পৰ্কীয় যথেষ্ট অৰ্থনৈতিক খৰচ হয়।[1] ১৯৯৫ চনৰ পৰা ১৯৯৯ চনৰ মাজৰ সময়ছোৱাত ধূমপানৰ ফলত বছৰি প্ৰায় ৪ লাখ ৪০ হাজাৰ লোকৰ অকাল মৃত্যু হৈছে আৰু প্ৰায় ১৫৭ বিলিয়ন ডলাৰৰ "স্বাস্থ্য সম্পৰ্কীয় অৰ্থনৈতিক লোকচান" হৈছে। ধূমপানে স্বাস্থ্যৰ ওপৰত অসংখ্য বিৰূপ প্ৰভাৱৰ আশংকা বৃদ্ধি কৰে বুলি জনা গৈছে। উদাহৰণস্বৰূপে, "হাওঁফাওঁকৰ্কট ৰোগীৰ ৯০ শতাংশকে ধৰি সকলো কৰ্কট ৰোগৰ প্ৰায় এক তৃতীয়াংশৰেই উৎস হৈছে চিগাৰেট ধুমপান। ধূমপানে হাওঁফাওঁৰ ৰোগ যেনে: ক্ৰনিক ব্ৰংকাইটিছ আৰু এম্ফিচিমাৰ সৃষ্টি কৰে৷ ধূমপানৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হ'ব পাৰে৷ ইয়াৰ লগতে ষ্ট্ৰোক, হৃদস্পন্দন বন্ধ, ৰক্তনলীৰ ৰোগ আৰু aneurysm আদি অন্তৰ্ভুক্ত হৈ আছে । ২০০৪ চনৰ চাৰ্জন জেনেৰেলৰ "ধূমপানৰ স্বাস্থ্যজনিত পৰিণতি" শীৰ্ষক প্ৰতিবেদন অনুসৰি, ধূমপানৰ আন পৰিণতিসমূহৰ ভিতৰত চকুৰ ছানি পৰাৰ সম্ভাৱনা বৃদ্ধি, এন্টিঅক্সিডেন্ট, বিশেষকৈ ভিটামিনৰ মাত্ৰা হ্ৰাস C, প্ৰদাহ বৃদ্ধি, আৰু পিৰিয়ডন্টাইটিছ (periodontitis) আদি উল্লেখনীয়।[2] [3]

নাৰীৰ ক্ষেত্ৰত স্বাস্থ্যজনিত প্ৰভাৱ[সম্পাদনা কৰক]

আমেৰিকাত ধূমপানৰ সাধাৰণ হাৰ হ্ৰাস পাইছে। ১৯৯৮ চনত ২৪.১%ৰ পৰা ২০০৮ চনত এই হাৰ ২০.৬%লৈ কমা দেখা গৈছে৷[4] ধুমপানৰ হাৰ পুৰুষৰ মাজত অধিক। পিছে লিংগভিত্তিক স্বাস্থ্যজনিত পৰিণতিয়ে দেখুৱাইছে যে মহিলাসকল ধূমপানৰ দ্বাৰা অধিক অসুবিধাত পৰিছে। ২০০৮ চনত ধূমপানৰ প্ৰাদুৰ্ভাৱ মহিলাতকৈ পুৰুষৰ মাজত বেছি আছিল (পুৰুষৰ ২৩%ৰ বিপৰীতে মহিলাৰ ১৮.৩%)"৷[4]অৱশ্যে বিগত সময়ছোৱাত লিংগৰ ব্যৱধান কমি অহা যেন অনুমান হৈছে। মহিলাসকলে পুৰুষৰ তুলনাত ধূমপানৰ বিভিন্ন প্ৰভাৱ অনুভৱ কৰিছিল৷ উদাহৰণস্বৰূপে, পুৰুষ ধূমপায়ীৰ তুলনাত ধূমপায়ী মহিলাৰ আয়ুস হ্ৰাস বেছি। ধূমপানৰ বাবে এজন প্ৰাপ্তবয়স্ক পুৰুষৰ গড় হিচাপত ১৩.২ বছৰ হ্ৰাস হয়৷ অথচ এগৰাকী প্ৰাপ্তবয়স্ক মহিলা ধূমপায়ীয়ে ১৪.৫ বছৰ আয়ুস হেৰুৱায়।[5] ধূমপায়ীসকলৰ ক্ষেত্ৰত পুৰুষে মহিলাতকৈ অধিক ধূমপান কৰাৰ প্ৰৱণতা থাকে।[6]তথাপিও মহিলাসকলে অধিক ক্ষতিকাৰক ফলাফল দেখুৱাইছে।

পূৰ্বে উল্লেখ কৰা অনুসৰি হাওঁফাওঁৰ কৰ্কট ৰোগীৰ অধিকাংশৰে বাবে ধূমপানেই প্ৰধান কাৰণ। বছৰৰ পিছত বছৰ ধৰি মহিলাসকলৰ মাজত হাওঁফাওঁৰ কৰ্কট ৰোগত মৃত্যুৰ হাৰ নাটকীয়ভাৱে বৃদ্ধি পাইছে। ১৯৮৭ চনত হাওঁফাওঁৰ কৰ্কট ৰোগে স্তন কেন্সাৰক অতিক্ৰম কৰি আমেৰিকাৰ মহিলাসকলৰ কৰ্কট ৰোগত মৃত্যুৰ প্ৰধান কাৰণ হিচাপে পৰিগণিত হয়।[7] এতিয়া মহিলাসকলৰ হাওঁফাওঁৰ কৰ্কট ৰোগত হোৱা মৃত্যুৰ ৮০% কাৰণ হৈছে ধূমপান। স্তন কেন্সাৰ গৱেষণা আৰু সম্ভাৱ্য নিৰাময়ৰ বাবে ধন সংগ্ৰহৰ বাবে অধিক উচ্চাৰিত অভিযান চলোৱা হৈছে যদিও হাওঁফাওঁৰ কৰ্কট ৰোগত অধিকসংখ্যক মহিলাৰ মৃত্যু হৈছে। 'পুৰুষৰ তুলনাত মহিলাসকলে হাওঁফাওঁৰ কৰ্কট ৰোগত অধিক আক্ৰান্ত হোৱাৰ প্ৰৱণতা থাকে নেকি?' সেই বিষয়েও গৱেষণাই কিছুমান প্ৰশ্ন অব্যাহত ৰাখিছে। কিন্তু ইয়াৰ নিৰ্দিষ্ট উত্তৰ দিয়াটো কঠিন হৈ পৰিছে আৰু বিষয়টো এতিয়াও বিতৰ্কিত হৈয়ে আছে।[8] ধূমপান কৰা মহিলাসকলৰ মাজত ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) আন এক গুৰুত্বপূৰ্ণ বিষয়। পৰিমাণ আৰু সময়ৰ লগে লগে চি অ' পি ডি হোৱাৰ আশংকা বৃদ্ধি পায় আৰু চি অ' পি ডিৰ মৃত্যুৰ ৯০ শতাংশই ধূমপানৰ ফলত হয়।[9]

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰতো ধূমপানৰ প্ৰভাৱে লিংগৰ পাৰ্থক্য দেখুৱায়। দেশজুৰি হৃদৰোগ মৃত্যুৰ প্ৰধান কাৰণ হৈয়েই আছে,[10] আৰু ইয়াৰ অন্যতম বিপদজনক কাৰক হৈছে ধূমপান। মহিলাৰ ক্ষেত্ৰত ধূমপানে তেওঁলোকৰ ইষ্ট্ৰজেন আৰু ইয়াৰ উচ্চ ঘনত্বৰ লাইপোপ্ৰটিন কমায়।[11] বহু মহিলাৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত ধূমপানৰ প্ৰভাৱ জীৱনৰ পিছৰ কালছোৱাত স্পষ্ট হৈ পৰে। বৰ্তমানৰ ধূমপায়ী মহিলাসকলৰ মাজত হৃদৰোগ বা হাওঁফাওঁৰ কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা (৪০ বছৰৰ পৰা) স্তন কেন্সাৰত মৃত্যুৰ সম্ভাৱনাতকৈ বেছি (আৰু ৫৫ বছৰ বয়সৰ পিছত অন্ততঃ ৫ গুণ)।"[12] যেতিয়া মহিলাসকলে জন্ম নিয়ন্ত্ৰণ গ্ৰহণ কৰে তেতিয়া ই অধিক গুৰুত্বপূৰ্ণভাৱে মৃত্যুৰ কাৰণ হৈ পৰে৷ দুয়োটাৰে সহাৱস্থানত মহিলাসকলৰ ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পায়।[13]

বয়সস্থ মহিলাসকলক পৰ্যবেক্ষণ কৰিলে (যিসকলে তেওঁলোকৰ ৰজোনিবৃত্তিৰ পিছৰ পৰ্যায়ত ধূমপান কৰে) তেওঁলোকৰ হাড়ৰ ঘনত্ব কম হোৱাৰ লগতে নিতম্বৰ ভাঙন বেছি হোৱাৰ প্ৰৱণতা থাকে৷ যেতিয়া তেওঁলোকৰ ধূমপান নকৰা সমকক্ষসকলৰ তুলনাত অধিক হয়।[14] কনিষ্ঠ মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰজনন পৰ্যায়ত ধূমপানে তেওঁলোকৰ প্ৰজনন স্বাস্থ্যৰ লগতে গৰ্ভাৱস্থাৰ ফলাফলতো প্ৰভাৱ পেলায়। গৱেষণাৰ পৰা দেখা গৈছে যে ধূমপানৰ ফলত মহিলাসকলৰ গৰ্ভধাৰণত অধিক অসুবিধা হয় আৰু ইয়াৰ ফলত বন্ধ্যাত্বও হ’ব পাৰে।[14] গৰ্ভৱতী অৱস্থাত ধূমপান কৰা মহিলাসকলে আগতীয়াকৈ প্ৰসৱ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু জন্মৰ সময়ত কম ওজনৰ সন্তান জন্ম দিয়ে।[15] ভ্ৰুণৰ ওপৰত বহুতো গুৰুতৰ প্ৰভাৱৰ ভিতৰত এটা হ’ল হঠাৎ শিশুৰ মৃত্যুৰ সংকেত (SIDS)। অধ্যয়নত দেখা গৈছে যে "গৰ্ভাৱস্থাৰ সময়ত আৰু পিছত ধূমপান কৰা মাতৃৰ শিশুৰ ধূমপান নকৰা মাতৃৰ তুলনাত SIDSত মৃত্যু হোৱাৰ সম্ভাৱনা ৩ৰ পৰা ৪ গুণ বেছি"।[44] গৰ্ভাৱস্থাত ধূমপান কৰিলে মৃত জন্ম, অকাল জন্ম, প্লেচেণ্টাৰ বিচ্ছিন্নতা আদিও হ'ব পাৰে।[15] [16][17]

ভৱিষ্যত: নাৰী, ধূমপান, আৰু বিশ্বায়ন[সম্পাদনা কৰক]

উন্নত দেশত ধূমপানৰ মাত্ৰা হ্ৰাস পোৱাৰ লগে লগে উন্নয়নশীল দেশত ধূমপানৰ মাত্ৰা বৃদ্ধি পাইছে। প্ৰধান চিগাৰেট নিৰ্মাতা কোম্পানীসমূহে যোৱা ৩৫ বছৰত ৰপ্তানি কৰা চিগাৰেটৰ সংখ্যা তিনিগুণতকৈও অধিক বৃদ্ধি কৰিছে।[18] ধঁপাত কোম্পানীসমূহে আন দেশৰ মহিলাসকলক আকৰ্ষণ কৰিবলৈ একেধৰণৰ কৌশল ব্যৱহাৰ কৰিছে যিটো তেওঁলোকে আমেৰিকাৰ মহিলাসকলক আকৰ্ষণ কৰাৰ প্ৰথম দিনত ব্যৱহাৰ কৰিছিল। চিগাৰেটক আধুনিক, শক্তিশালী আৰু মুক্তিদায়ক বুলি চিত্ৰিত কৰা আকৰ্ষণীয় বিজ্ঞাপন আগবঢ়োৱা কৌশলটোৱে মহিলা ধূমপায়ীসকলক আকৰ্ষণ কৰে; যিসকলে পাৰ্যমানে পশ্চিমীয়া হ'বলৈ প্ৰচেষ্টা চলায়।[19] আমেৰিকাত সংঘটিত হোৱা ধূমপান নিষেধাজ্ঞা সমগ্ৰ বিশ্বতে ঘটি আছে। আন দেশত (আমেৰিকাৰ দৰে) ধঁপাত নিৰ্মাতাসকলে উপগ্ৰহীয় টেলিভিছন চেনেলৰ দৰে বিকল্প বজাৰত অনুষ্ঠান, খুচুৰা সমৰ্থন আৰু বিজ্ঞাপনৰ পৃষ্ঠপোষকতা কৰি বিজ্ঞাপনৰ নিষেধাজ্ঞা আওকাণ কৰে।[20] এই পদ্ধতিসমূহ ধঁপাত উদ্যোগৰ বাবে যথেষ্ট সফল বুলি প্ৰমাণিত হৈছে। বিশ্বব্যাপী বজাৰৰ এই ধাৰাসমূহে ভৱিষ্যতে বজাৰখন ক্ৰমান্বয়ে মহিলাৰ ফালে ধাৱমান হোৱাৰ ইংগিত দিছে।[21]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Annual Smoking-Attributable Mortality, Years of Potential Life Lost, and Economic Costs – United States, 1995—1999", MMWR: Morbidity and Mortality Weekly Report 51, no. 14 (April 12, 2002): 300-3
  2. Institute on Drug Abuse, "Cigarettes and Other Tobacco Products", June 2009, http://www.nida.nih.gov/pdf/infofacts/Tobacco09.pdf Archived 2010-05-27 at the Wayback Machine
  3. U.S. Department of Health and Human Services. The Health Consequences of Smoking: A Report of the Surgeon General. Atlanta: U.S. Department of Health and Human Services, Centers for Disease Control and Prevention, National Center for Chronic Disease Prevention and Health Promotion, Office on Smoking and Health, 2004
  4. 4.0 4.1 Cigarette Smoking Among Adults and Trends in Smoking Cessation – United States, 2008
  5. "Annual Smoking-Attributable Mortality, Years of Potential Life Lost, and Economic Costs – United States, 1995—1999".
  6. National Center on Addiction and Substance Abuse at Columbia University. Women under the Influence. Baltimore: Johns Hopkins University Press, 2006.
  7. CDC. "Highlights: Health Consequences of Tobacco Use Among Women.<https://www.cdc.gov/tobacco/data_statistics/sgr/2001/highlights/consequences/index.htm
  8. Freedman, N. D., et al., "Cigarette smoking and subsequent risk of lung cancer in men and women: analysis of a prospective cohort study", Lancet Oncology 9, no.7 (Jul 2008): 649-56
  9. U.S. Department of Health and Human Services. Women and Smoking: A Report of the Surgeon General. Atlanta: U.S. Department of Health and Human Services, Centers for Disease Control and Prevention, National Center for Chronic Disease Prevention and Health Promotion, Office on Smoking and Health, 2001
  10. CDC. "Deaths and Mortality" < https://www.cdc.gov/nchs/fastats/deaths.htm>
  11. Rosenfield, L. E., "Women and Heart Disease" <http://www.med.yale.edu/library/heartbk/19.pdf>
  12. Woloshin, S., et al., "The risk of death by age, sex, and smoking status in the United States: Putting health risks in context", Journal of the National Cancer Institute, 100, no. 12 (2008): 845-53
  13. Harvard Medical School. "His and hers heart disease", Harvard Health Letter 34, no. 11 (2009): 1
  14. 14.0 14.1 Women and Smoking: A Report of the Surgeon General
  15. 15.0 15.1 American Cancer Society. "Women and Smoking" <http://www.cancer.org/docroot/PED/content/PED_10_2X_Women_and_Smoking.asp Archived 2010-06-27 at the Wayback Machine>
  16. Ahmad, Saiyed (2019). "AWARENESS OF THE IMPACT OF MATERNAL SMOKING ON PREGNANCY AND THE NEONATE SIDS.". Multi-Knowledge Electronic Comprehensive Journal for Education & Science Publications: 1–15. 
  17. Avşar, TS; McLeod, H; Jackson, L (26 March 2021). "Health outcomes of smoking during pregnancy and the postpartum period: an umbrella review.". BMC Pregnancy and Childbirth খণ্ড 21 (1): 254. doi:10.1186/s12884-021-03729-1. PMID 33771100. 
  18. Brandt, Allan M. 2007. The Cigarette Century: The Rise, Fall, and Deadly Persistence of the Product that Defined America. New York: Basic Books, p. 450.
  19. Bulletin of the World Health Organization, 2000, 78 (7) p. 893
  20. "2001 Surgeon General's Report | Women and Smoking | Smoking & Tobacco Use | CDC" (en-us ভাষাত). www.cdc.gov. 2019-06-18. https://www.cdc.gov/tobacco/data_statistics/sgr/2001/index.htm। আহৰণ কৰা হৈছে: 2020-07-12. 
  21. Drug and Alcohol Dependence Volume 104, Supplement 1, 1 October 2009, Pages S11–S16