নিউট্ৰন তৰা
Jump to navigation
Jump to search
নিউট্ৰণ তৰাবোৰ এক প্ৰকাৰৰ নাক্ষত্ৰিক অৱশিষ্ট যিবোৰ অতিমাত্ৰা ভৰৰ নীহাৰিকা (প্ৰকাৰ II, প্ৰকাৰ Ib বা প্ৰকাৰ Ic)ৰ বিস্ফোৰণৰ পিছত হোৱা মহাকৰ্ষণিক সংকোচনৰ ফলত সৃষ্টি হয়। এনেকুৱা তৰাবোৰ সম্পূৰ্ণৰূপে নিউট্ৰন নামৰ এক উপ-আণৱিক, আধানহীন আৰু প্ৰ’টনতকৈ সামাণ্য ভৰযুক্ত কণাৰে গঠিত। নিউট্ৰন তৰাবোৰৰ তাপমাত্ৰা অতি উষ্ণ হয়; ফলস্বৰূপে নিউট্ৰন তৰাবোৰে পাউলিৰ নিষেধ নীতি অনুসৰি উদ্ভৱ হোৱা কোৱাণ্টাম ডিজেনেৰেছি চাপৰ বিপৰীতে সুস্থিৰতা লাভ কৰে। এই নিষেধ নীতিমতে কোনো দুটা নিউট্ৰনে (নাইবা আন ফাৰ্মিয়ন কণাবোৰে) একেসময়তে একেটা স্থান আৰু একেটা কোৱাণ্টাম অৱস্থা অধিগ্ৰহণ কৰিব নোৱাৰে।