নিকোলাই অষ্টৰভস্কি
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
নিকোলাই আলেক্মেভিচ অষ্ট্ৰয়ভষ্কি Николай Островский | |
---|---|
নিকোলাই অষ্ট্ৰয়ভষ্কি | |
জন্ম | ২৯ ছেপ্টেম্বৰ, ১৯০৪ Viliia , ভলিনিয়ান গৱৰ্ণমেণ্ট , ৰাছিয়া সাম্ৰাজ্য |
মৃত্যু | ২২ ডিচেম্বৰ, ১৯৩৬ (৩২ বছৰ) মস্কো, Russian SFSR, চোভিয়েট ইউনিয়ন |
সমাধিস্থল | নভ'ডেভিচ সমাধিক্ষেত্ৰ, মস্কো |
পেচা | ঔপন্যাসিক, চেকিষ্ট, Communist Party member |
ভাষা | ৰাছিয়ান |
ৰাষ্ট্ৰীয়তা | ইউক্ৰেইন |
মাতৃশিক্ষায়তন | শ্বেভাৰডলভ কমিউনিষ্ট বিশ্ববিদ্যালয় |
ধৰণ | সমাজবাদী শৈলী |
উল্লেখনীয় কৰ্মৰাজি | How the Steel Was Tempered |
দাম্পত্যসংগী | ৰাইচা পোৰ্ফিৰিভনা (née Motsyuk) |
নিকোলাই আলেক্মেভিচ অষ্ট্ৰয়ভষ্কি (ইংৰাজী: Nicolai Alekseyevich Ostrovsky) হ'ল সমাজতান্ত্ৰিক বাস্তৱতা যুগৰ লেখক। নিকোলাই অষ্ট্ৰয়ভষ্কিৰ এখন বিখ্যাত উপন্যাস হ'ল 'পাগত উঠা তীখা' ( How the Steel was Tempered)। এই উপন্যাসখন বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে। এই উপন্যাসখন ৰ বাবে অষ্ট্ৰয়ভষ্কিয়ে ৰাছিয়াৰ সৰ্বোচ্চ সন্মান 'অৰ্ডাৰ অৱ লেনিন' (Order of Lenin) লাভ কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]নিকোলাই অষ্ট্ৰয়ভষ্কিৰ জন্ম হৈছিল ১৯০৪ চনত সেই সময়ৰ ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত ইউক্ৰেইনৰ অষ্ট্ৰোহ ৰায়ন( Astroh Raion) চহৰৰ ভিলিয়া নামৰ গাঁও এখনৰ এটি শ্ৰমিক শ্ৰেণীৰ পৰিয়ালত। ন বছৰ বয়স লৈকে ভিলিয়াতে অষ্ট্ৰভস্কিয়ে শিক্ষা জীৱন আৰম্ভ কৰে। ১৯১৪ চনত পৰিয়ালৰ সৈতে অষ্ট্ৰভস্কিয়ে ৰেল স্থাপনৰ চহৰ চেপিতিভকায়লৈ গুচি যায় আৰু তাতেই তেওঁ ৰেলৰ কামত লাগি বলৈ ধৰে। পৰৱৰ্তীকালত তেওঁ ৰে'ল কোম্পানীৰ ইলেক্ট্ৰিছিয়ান হিচাপে পদোন্নতি লাভ কৰে। ১৯১৭ চনত মাত্ৰ তেৰ বছৰ বয়সতে বলচেভিক পাৰ্টিৰ সদস্য হয়।[1] সেই সময়তেই তেওঁ মৰাত্মক ৰোগত আক্ৰান্ত হয় আৰু এই ৰোগটোৰ বাবেই পাছলৈ অন্ধ আৰু শয্যাগত হৈ বিছনাত থাকিবলগীয়া হয়। চৰকাৰী তথ্য অনুযায়ী জাৰ্মানীয়ে যেতিয়া ১৯১৮ চনৰ বসন্ত কালত তেওঁৰ গৃহ চহৰ আক্ৰমণ কৰে, তেওঁ তেতিয়া স্থানীয় বলচেভিক পাৰ্টিৰ পৰা অব্যাহতি লৈছিল। যুদ্ধত অনেকবাৰ আহত আৰু গুলিবিদ্ধ হোৱাৰ বাবে তেওঁ মৰাত্মক ভাৱে অসুস্থ হ'বলগীয়া হয় আৰু কেইবাবাৰো চিকিৎসকৰ দ্বাৰস্থ হবলগীয়া হৈছিল। তেওঁ নিজৰ জীৱনীত তেওঁ ৰেড আৰ্মিৰ বিষয়ে উল্লেখ কৰা নাই যদিও তেওঁ ৰেড আৰ্মিৰ হৈ কাম কৰিছিল। অসুস্থতাৰ কাৰণে তেওঁ ১৯২৯ চনত চিৰকাললৈ দৃষ্টি শক্তি হেৰুৱাই পেলায়। [2]দৃষ্টিশক্তি লোপ পোৱাৰ পাছতো ১৯৩০ চনত তেওঁ জীৱনৰ প্ৰথমখন উপন্যাস 'পাগত উঠা তীখা ' (How the Steel Was Tempered) লিখা আৰম্ভ কৰে। পৰৱৰ্তীকালত এই উপন্যাসখনে কমিউনিষ্ট ভাৱধাৰাৰ দেশত ব্যাপক জনপ্ৰিয়তা লাভ কৰে আৰু ১৯৩৫ চনত এই গ্ৰন্থখনৰ বাবে অৰ্ডাৰ অৱ লেনিন সন্মান লাভ কৰে।[3] নিকোলাই অষ্ট্ৰয়ভষ্কিৰ এই উপন্যাসখন খনৰ ভিত্তিত ৰাছিয়ান ভাষাত তিনিখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।
মৃত্যু
[সম্পাদনা কৰক]১৯৩৬ চনৰ ২২ ডিচেম্বৰত তেওঁ মৃত্যুবৰণ কৰে। কিন্তু অকালতে মৃত্যুবৰণ কৰা বাবে তেওঁ ৰ দ্বিতীয়খন উপন্যাস 'Born of the Storm'খন লিখি শেষ কৰিব নোৱাৰিলে।[4]
'হাউ দি ষ্টিল ৱাজ টেমপেয়াৰড' কিতাপখনৰ এটা বিখ্যাত উক্তি-
"জীৱন মানুহৰ প্ৰিয় সম্পদ। এবাৰেই মাথোঁঁ পোৱা যায় নৰজনম। সেই হেতুকে জীৱনটোক এনেভাৱে বচাই ৰাখিব লাগে যাতে অবাৱত কটোৱা কালবোৰৰ বাবে জীৱনত অনুশোচনাৰ যন্ত্ৰণা ভুগিব লগা নহয়। অতীত জীৱনটো যাতে গ্লানিকৰ হীনতাৰ লজ্জ্বা সহ্য কৰি দগ্ধতা ভুগিব লগীয়া নহয়। জীৱনটোক এনেভাৱে সঞ্জীৱিত কৰি ৰাখিব লাগে যাতে মৃত্যুৰ আগমুহূৰ্তত মানুহজনে এই কথাকে কৈ যাব পাৰে যে মই মোৰ জীৱনৰ সমগ্ৰ শক্তি মই দান কৰি আহিছোঁ বিশ্বৰ শ্ৰেষ্ঠ আদৰ্শৰ হকে,আৰু মানৱ সমাজৰ মুক্তিৰ বাবে কৰা সংগ্ৰামত। এই কাৰণে মানুহে জীৱনৰ প্ৰটিতো মুহূৰ্তকে সৎ ব্যৱহাৰত নলগালে কোনো আকষ্মিক ব্যাধি নাইবা শোকাবহ দুৰ্ঘটনাই জীৱন আয়ুস ছেদ কৰি দিলে সকলো অথলে যাব পাৰে।"