নিধানপুৰ তাম্ৰলিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নিধানপুৰ তাম্ৰলিপি
Nidhanpur Inscription of Bhaskar Varman.jpg
নিধানপুৰ তামৰ ফলি
উপাদান তাম
লিখন সংস্কৃত ভাষা
আৱিষ্কাৰৰ ঠাই ২৯ ডিচেম্বৰ ১৯১২
নিধানপুৰ, ছিলেট জিলা, বাংলাদেশ
নিৰ্মিত ভাস্কৰ বৰ্মণৰ শাসনকাল
সময়কাল / সংস্কৃতি সপ্তম শতিকা
বৰ্তমান অৱস্থান ভাৰতীয় সংগ্ৰাহালয়, কলকাতা

নিধানপুৰ তাম্ৰলিপি বা নিধানপুৰ তাম্ৰশাসন (ইংৰাজী: Nidhanpur copperplate inscription) সপ্তম শতিকাৰ কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত জাৰি কৰা তামৰ ফলিত খোদিত তাম্ৰলিপি বা তাম্ৰশাসন। এই তাম্ৰলিপি বা তাম্ৰশাসনত ৰজা ভাস্কৰবৰ্মণে ব্ৰাহ্মণসকলক নিষ্কৰ ভূমি প্ৰদান কৰাৰ বৰ্ণনাৰ সৈতে এই তামৰ ফলি জাৰি কৰিছিল। বৰ্তমানৰ বাংলাদেশৰ ছিলেটৰ বিয়ানীবাজাৰৰ ওচৰত অৱস্থিত পঞ্চখণ্ড পৰগণাত এই তামৰ ফলি পোৱা গৈছিল। বুৰঞ্জীবিদসকলে বিশ্বাস কৰে যে ব্ৰাহ্মণসকলক প্ৰদান কৰা নিষ্কৰ ভূমিও এই অঞ্চলত অৱস্থিত।[1][2] সংস্কৃত ভাষাত লিখা এই তাম্ৰশাসনত ৰজা ভাস্কৰবৰ্মণে দান কৰা ২০০ৰো অধিক ব্ৰাহ্মণৰ নাম উল্লেখ আছে।

ভাৰতৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা ভাস্কৰ বৰ্মণৰ বিভিন্ন তাম্ৰশাসনে তেওঁৰ ৰাজত্ব কাল আৰু অন্যান্য সমসাময়িক ঘটনাবোৰ প্ৰকাশ কৰে। কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণসকলৰ সম্পত্তি দান কৰা বা যুদ্ধ বিজয় উপলক্ষে স্মাৰক নিৰ্মাণ কৰাৰ প্ৰথা আছিল।

আৱিষ্কাৰ[সম্পাদনা কৰক]

১৯১২ চনৰ ২৯ ডিচেম্বৰত পঞ্চখণ্ড পৰগণাৰ ওচৰৰ নিধানপুৰ গাঁৱত স্থানীয় মাটিৰ স্তূপ খনন কৰা সময়ত ছয় খণ্ডৰ গজ চিহ্নিত তাম্ৰলিপি আৰু কামৰূপৰ ৰজাসকলৰ সাতটা শিলালিপি পোৱা গৈছিল। ম'হ পালনৰ বাবে এটা ঘৰ নিৰ্মাণ কৰোঁতে স্থানীয় লোকে ইয়াক আৱিষ্কাৰ কৰিছিল। স্থানীয় লোকসকলে ইয়াক গুপ্তধন বুলি ভাবি পঞ্চখণ্ডৰ জমিদাৰ পৱিত্ৰনাথ দাস ওচৰলৈ লৈ গৈছিল। জমিদাৰ পৱিত্ৰনাথে লিপিসমূহৰ প্ৰকৃত অৰ্থ বুজি পাইছিল আৰু সেইবোৰ ক্ৰয় কৰিছিল। তাৰপিছত তেওঁ এইখিনি শিলচৰৰ (বৰ্তমান অসম, ভাৰত) কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছিল।[3] জমিদাৰ পৱিত্ৰনাথ দাসে লিপিসমূহ কলকাতাত অৱস্থিত ভাৰতীয় সংগ্ৰহালয় কৰ্তৃপক্ষক প্ৰদান কৰে।

অনুবাদ[সম্পাদনা কৰক]

পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোনে নিধানপুৰৰ তাম্ৰলিপি অনুবাদ কৰি 'কামৰূপশাসনাৱলী' গ্ৰন্থত প্ৰকাশ কৰিছিল। গ্ৰন্থখন ১৯৩১ চনত ৰংপুৰ সাহিত্য প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত হৈছিল।[3] এই গ্ৰন্থখনত তেওঁ নিধানপুৰ তাম্ৰলিপিক নিধনপুৰ লিপি বুলি উল্লেখ কৰিছে।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Sircar, Dineshchandra (1971). Studies in the geography of ancient and medieval India. Motilal Banarsidass. পৃষ্ঠা. 161. 
  2. Chatterjee, Suhas (1998). Indian Civilization and Culture. M.D. Publications Pvt. Ltd.. পৃষ্ঠা. 432. 
  3. 3.0 3.1 Vidyavinoda, Padmanatha Bhattacharya. Hultzsch, E.. ed. Epigraphia Indica Vol. - XII (1913 - 1914). পৃষ্ঠা. 65–79. https://archive.org/details/in.ernet.dli.2015.70037. 
  4. Epigraphia Indica Vol XII and XIX