নীলাফুটুকী জে
নীলাফুটুকী জে (Common Jay) | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Graphium |
প্ৰজাতি: | G. doson |
বৈজ্ঞানিক নাম | |
Graphium doson C&R Felder, 1864 |
নীলাফুটুকী জে (ইংৰাজী: Common Jay, বৈজ্ঞানিক নাম-Graphium doson) এটা ক’লা বৰণৰ ক্ৰান্তীয় চাতকনেজী (swallowtail) পখিলাৰ প্ৰজাতি৷ ইয়াৰ মতা আৰু মাইকী উভয়ে দেখিবলৈ একে হয়৷ ইয়াৰ মতা-মাইকী উভয়ে দেখিবলৈ একে হয়৷
বিস্তৃতি
[সম্পাদনা কৰক]এই পখিলাবিধ সমগ্ৰ দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত ইয়াক দক্ষিণ ভাৰত, পূব ভাৰত, পশ্চিমবংগ, অসম আৰু হিমালয়ৰ পাদদেশত দেখা যায়৷
বাসস্থান
[সম্পাদনা কৰক]নীলাফুটুকী জে পখিলা সাধাৰণতে সেমেকা, পৰ্ণপাতী, অৰ্ধ বৰ্ষাৰণ্য আৰু বৰ্ষাৰণ্য সমূহত দেখিবলৈ পোৱা যায়৷
আচৰণ
[সম্পাদনা কৰক]এই পখিলাবিধ সাধাৰণতে সমগ্ৰ দিনেই সক্ৰিয় হৈ থাকে৷ ই অনবৰতে উৰি ফুৰে আৰু একেঠাইতে কেতিয়াবাহে ৰয়৷ ইয়াৰ উৰাৰ ধৰণ পোন আৰু খৰ৷
জীৱনচক্ৰ
[সম্পাদনা কৰক]কণী
[সম্পাদনা কৰক]ইয়াৰ কণীৰ আকাৰ ঘুৰণীয়া, বৰণ শেঁতা হালধীয়া৷ ই সাধাৰণতে গছৰ পাতৰ তলৰ অংশত কণী পাৰে৷
পলু
[সম্পাদনা কৰক]ইয়াৰ পলু (caterpillar)ৰ আকাৰ spindle-shaped৷ পলু গাঢ় মটিয়া বা সেউজ বৰণীয়া হয়৷
লেটা
[সম্পাদনা কৰক]নীলাফুটুকী জেৰ লেটা (pupa)ৰ বৰণ শেঁতা সেউজীয়া আৰু মূৰৰ পৰা ইয়াৰ এডাল বেঙুনীয়া বৰণৰ এডাল আঁচ থকা দেখা যায়৷
খাদ্য
[সম্পাদনা কৰক]এই পখিলাবিধৰ পলুৱে সাধাৰণতে ‘Annonaceae’, ‘Lauraceae’, ‘Magnoliaceae’ আদি গোত্ৰৰ অন্তৰ্ভুক্ত বিভিন্ন উদ্ভিদ যেনে Annona lawii, Cinnamomum macrocarpum, Magnolia grandiflora, Michelia champaca, Milliusa tomentosum আৰু Polyalthia longifolia আদিৰ পাত খাই জীয়াই থাকে৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Kunte,Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.
আলোকচিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]-
on Singapur Cherry Muntingia calabura in Hyderabad, India.
-
Caterpillar
-
adult
-
Photo of dead Common Jay with upper forewing visible
-
Underside of wing from Seitz Macrolepidoptera
-
A Bunch of Common Jay (Graphium doson) at Achencovil river
লগতে চাওক
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Graphium doson সম্পৰ্কীয় মিডিয়া ফাইল আছে। |