নুৰা পাখাং (ইউ ই তু)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
"নুৰা পাখাং (Eu e Tu)"
মাংকা মায়াংগ্লাম্বম আৰু ক্লা[1]-ৰ গীত
ভাষা মেইটেই ভাষা (মণিপুৰী ভাষা) and পৰ্তুগীজ ভাষা[1]
মুক্তি পায় ২৮ এপ্ৰিল ২০১৭[2]
ষ্টুডিঅ’ মায়ুম মিডিয়া আৰু কমিউনিকেচন[3]
প্ৰকাৰ * ইলেক্ট্ৰনিকা[2][4]
দৈৰ্ঘ্য *৬+ মিনিট (পূৰ্ণ দৈৰ্ঘ্যৰ সংস্কৰণ)[5][2][4]
  • ৪.২৯ মিনিট (ৰেডিঅ' সম্পাদনা সংস্কৰণ)[5][2][4]
লেবেল অম্নিকৰ্ড ৰেকৰ্ডছ[2][4]
সুৰকাৰ মায়াংলম্বম মংগাংসনা(for মেইটেই ভাষা) and ক্লা (for পৰ্তুগীজ ভাষা)[2][4]
প্ৰযোজক ডেভিদ ভেলেণ্টিম[5][2][4]

নুৰা পাখাং (Nura Pakhang, Portuguese: Eu e Tu) হৈছে এটা মেইটেই-পৰ্তুগীজ দ্বিভাষিক মিউজিক ভিডিঅ'। ইয়াৰ গীতটো মণিপুৰী লোক সংগীত শিল্পী মাংকা মায়াংগ্লাম্বম আৰু পৰ্তুগীজ সংগীত বেণ্ড ক্লা (Clã) শিল্পীসকলে পৰিৱেশন কৰিছিল। মিউজিক ভিডিঅ'টো পৰিচালনা কৰিছে ৰ'মি মেইটেইয়ে। [1] ২০১৭ চনৰ ২৮ এপ্ৰিলত বিশ্বজুৰি মুক্তি পোৱা এই ভিডিঅ'টো ("T(H)REE") নামৰ এলবামৰ এটা অংশ। এই মিউজিক ভিডিঅ'টো পৰ্তুগীজ আৰু এছিয়ান সংগীতজ্ঞসকলৰ মাজৰ এক সাংগীতিক সহযোগিতা। [6][5][2][4][7]

নিৰ্মাণ[সম্পাদনা কৰক]

পৰ্তুগীজ মিউজিক ভিডিঅ' প্ৰযোজক ডেভিদ ভেলেণ্টিমে মেইটেই সংগীতৰ লগত পৰ্তুগীজ সংগীতৰ সহযোগিতা কৰাৰ ইচ্ছা কৰে। ইয়াৰ বাবে তেওঁ ইমেইলৰ জৰিয়তে মণিপুৰী লোকসংগীত শিল্পী মাংকা মায়াংলাম্বম আৰু তেওঁৰ গীতিকাৰ পিতৃ মায়াংলাম্বম মাংগাংছানাৰ লগত যোগাযোগ কৰে।[5][7]

দুয়োটা সংগীত সংস্কৃতিৰ মাজত সহযোগিতা নিশ্চিত হয়। আৰু চূড়ান্ত হোৱাৰ পাছত মণিপুৰী সংগীতৰ গীতিকাৰ মাংগাংছানাই ইমেইলৰ জৰিয়তে পৰ্তুগীজ প্ৰযোজক ডেভিদ ভেলেণ্টিমলৈ তিনিটা সংগীতৰ ট্ৰেক প্ৰেৰণ কৰে। প্ৰেৰণ কৰা তিনিওটা গীতৰ ভিতৰত ডেভিদে "নুৰা পাখাং" গীতটো বাছনি কৰিছিল। ক্লায়ে মেইটেই লোকগীতৰ সৈতে সংমিশ্ৰণ কৰি তেওঁলোকৰ নিজৰ বাবে গীতো লিখিছিল। কথোপকথনৰ এই সকলোবোৰ প্ৰক্ৰিয়া ইমেইলৰ জৰিয়তে কৰা হৈছিল আৰু অৱশেষত গীতটো সৃষ্টি কৰা হৈছিল। [2][4] আমোদজনকভাৱে মাংকা মায়াংলাম্বম আৰু তেওঁৰ পিতৃ মায়াংলাম্বম মাংগাংছানাই বাস্তৱ জীৱনত ডেভিদ ভেলেণ্টিম আৰু "ক্লা"ৰ পৰ্তুগীজ শিল্পীসকলক কেতিয়াও লগ পোৱা নাছিল। গতিকে, শিল্পীসকলে একেলগে গীতটো ৰেকৰ্ডিং কৰিব নোৱাৰিলেও এই সংগীত যাত্ৰাত তেওঁলোকৰ কোনো প্ৰভাৱ নপৰে। পৰিচালক ৰোমি মেইটেয়েহে মেইটেই আৰু পৰ্তুগীজ শিল্পীসকলৰ দুয়োটা দলকেই লগ পাইছিল। [5][7]

মিউজিক ভিডিঅ'টোৰ প্ৰথম অংশটো ভাৰতৰ মণিপুৰত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পিছৰ অংশবোৰ পৰ্তুগালৰ পৰ্তোত নিৰ্মাণ কৰা হৈছিল। গীতৰ কথাখিনিৰ বাবে কাৰ্লোছ Tê, হেলডাৰ গনকালভেছ, মেনুৱেলা আজেভেডো আৰু মায়াংলাম্বাম মাংগাঙ্গানাক কৃতিত্ব দিয়া হয়।" নুৰা পাখাং"ত দুটা ভিন্ন বস্তু ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ ধৰণটো একেলগে অৰ্থপূৰ্ণভাৱে দেখুৱাইছে। মিউজিক ভিডিঅ'টোৰ শব্দই পৰম্পৰাগত মণিপুৰী সংগীতৰ সৈতে জেজী পপ ৰকক অতিক্ৰম কৰে। [1][4]

মুক্তি[সম্পাদনা কৰক]

১. "নুৰা পাখাং" গীতটো ২০১৭ চনৰ ২৮ এপ্ৰিলত বিশ্বজুৰি মুক্তি দিয়া হৈছিল।[2]

২. গীতটো ৰেডিঅ' সম্প্ৰচাৰৰ বাবে ইয়াক পৰ্তুগালৰ অন্যতম বৃহৎ ৰেডিঅ' চেনেল "এণ্টেনা ৩"ত মুক্তি দিয়া হৈছিল।[2][4]

৩. আইএএনএছ (ইণ্ডো-এছিয়ান নিউজ চাৰ্ভিচ)ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাংকা মায়াংলাম্বামে কয়:

৪. "গীতটো এপ্ৰিল মাহত মুকলি কৰা হৈছিল। ইয়াৰ লগে লগে পৰ্তুগালৰ ৰেডিঅ'ত গীতটি বজোৱা হয় আৰু ইণ্টাৰনেটতো গীতটি উপলব্ধ হয়। কিন্তু জুন মাহৰ পিছতহে মই গীতটি বিতৰণ কৰিবলৈ সক্ষম হ'ম। এই প্ৰজেক্টৰ পৰা লাভ অৰ্জনৰ কথা মই কেতিয়াও ভবা নাছিলো। উপাৰ্জনৰ সকলো ধন "মেক এ উইচ ফাউণ্ডেচন" নামৰ সংস্থালৈ প্ৰেৰণ কৰা হ'ব।" [5][7]

৫. মাংকাই বিশ্বাস কৰে যে ভাষা কেতিয়াও বাধা হ'ব নোৱাৰে। আই এ এন এছক তেওঁ কয় :

৬. "সংগীত হৈছে এক সৰ্বজনীন ভাষা, তথাপিও প্ৰতিখন ঠাইৰে নিজা সংস্কৃতি আছে। আমিও আমাৰ নিজৰ সংস্কৃতি অনুসৰণ কৰা ভাল।" [5][7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Clã gravam video no Porto com a cantora indiana Mangka" (pt ভাষাত). Força de Produção. https://www.fproducao.pt/noticias/cla-gravam-video-no-porto-com-a-cantora-indiana-mangka_38?fbrefresh=89127348912। আহৰণ কৰা হৈছে: 2022-06-30. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 "Manipuri folk star Mangka goes global with Portugal's pop band Clã" (en-IN ভাষাত). thenortheasttoday.com. 2017-05-03. https://thenortheasttoday.com/states/manipur/manipuri-folk-star-mangka-goes-global-with-portugals-pop/cid2537252.htm। আহৰণ কৰা হৈছে: 2022-06-30. 
  3. "Nura Pakhang Music video concept and direction by Romi Meitei". e-pao.net. http://e-pao.net/epPageExtractor.asp?src=features.Nura_Pakhang_Music_video_concept_and_direction_by_Romi_Meitei.html। আহৰণ কৰা হৈছে: 2022-06-30. 
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 4.12 "Manipuri folk star Mangka goes global with Clã - Eastern Mirror" (en-GB ভাষাত). easternmirrornagaland.com. 2017-04-28. https://easternmirrornagaland.com/manipuri-folk-star-mangka-goes-global-with-cla/। আহৰণ কৰা হৈছে: 2022-06-30. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 "Manipuri folk singer collaborates with Portuguese group". theweek.in. https://www.theweek.in/webworld/features/society/Manipuri-folk-singer-collaborates-with-portuguese-group-for-a-cause.html। আহৰণ কৰা হৈছে: 2022-06-30. 
  6. "Manipuri folk star Mangka goes global with Cla 20170428". e-pao.net. http://e-pao.net/epSubPageExtractor.asp?src=news_section.Top_Stories.Top_Stories_2017.Manipuri_folk_star_Mangka_goes_global_with_Cla_20170428। আহৰণ কৰা হৈছে: 2022-06-30. 
  7. 7.0 7.1 7.2 7.3 7.4 IANS (2017-06-16). "Manipuri folk singer collaborates with Portuguese group for a social cause" (en ভাষাত). www.thehansindia.com. https://www.thehansindia.com/posts/index/Commoner/2017-06-16/Manipuri-folk-singer-collaborates-with-Portuguese-group-for-a-social-cause/306785। আহৰণ কৰা হৈছে: 2022-06-30. 

তথ্যসূত্ৰ[সম্পাদনা কৰক]