নৃপেন ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৃপেন ফুকন
জন্ম মাধৱ
৬ জুন, ১৯৬৬
গোৱৰীশালি চাংমাই গাওঁ,ডাক: বগলীজান লখিমপুৰ
পেচা চৰকাৰী চাকৰি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত অসমীয়া
নাগৰিকত্ব ভাৰতীয়

নৃপেন ফুকন হৈছে এগৰাকী অসমীয়া কবি, প্ৰবন্ধকাৰ,তথ্যচিত্ৰ পৰিচালক,অসম সাহিত্য সভাৰ আজীৱন সদস্য,সমাজ কৰ্মী।

জন্ম[সম্পাদনা কৰক]

নৃপেন ফুকনৰ জন্মস্থান লখিমপুৰ। দেউতাকৰ নাম ৰামেশ্বৰ ফুকন আৰু মাকৰ নাম পাটেশ্বৰী ফুকন।[1]

শৈক্ষিক জীৱন[সম্পাদনা কৰক]

নৰ্থ লখিমপুৰ কলেজৰ পৰা প্ৰি-ডিগ্ৰী আৰু Advance Training Institute Kolkata ৰ পৰা কাৰিকৰী শিক্ষা গ্ৰহণ কৰি অভিযান্ত্ৰিক অংকন DMMech বিষয়ত National Trade certificate লাভ কৰে।

কৰ্ম জীৱন[সম্পাদনা কৰক]

ইঞ্জিনীয়াৰিং-ড্ৰইং প্ৰশিক্ষক হিচাপে গভৰ্ণমেণ্ট আই.টি.আই ধেমাজিত কাৰ্যনিৰ্বাহ কৰে।

সামাজিক কৰ্মৰ দায়িত্ব আৰু বিষয়বাব[সম্পাদনা কৰক]

  • উপসভাপতি, হাতীলুংপৰীয়া শাখা সাহিত্য সভা
  • প্ৰচাৰ সম্পাদক, মঙলবোধ জাগৰণ কেন্দ্ৰ
  • সভাপতি, ত্ৰিবেণীসংগম জহিং উন্নয়ন সমিতি
  • সম্পাদক, শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰৰ শাখা উত্তৰপৰীয়া আধ্যাত্মিক সাংস্কৃতিক গণমঞ্চ লখিমপুৰ (উপাসাংগম)

সাহিত্যৰ সৃষ্টিৰাজি[সম্পাদনা কৰক]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • বাটকটীয়া (২০১৫)
  • চিন্তা-বীক্ষা
  • ঘাগৰীমাজী (২০১৮)[2]
  • ইতিহাসৰ ছাঁ-পোহৰ
  • বিবিধ-বিমৃশা
  • মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়
  • কৃষ্ণ কথামৃত

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • বৰপ্পাই (২০১৬)[3]
  • ৰোমন্থন
  • স্মৃতিৰ-সঁফুৰা
  • স্মৃতিৰ-অঞ্জলি
  • পথিকৃৎ(২০১৭)

তথ্যচিত্ৰ পৰিচালনা[সম্পাদনা কৰক]

  • জীৱন শিল্পী নন্দকিশোৰ
  • বিশ্বজনীন ঘাগৰীমাজী

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • নতুন সুৰ প্ৰকাশন পৰিষদৰ'মঙ্গলময় সাহিত্য বঁটা ২০২০
  • ইণ্টেনচিভ কেয়াৰ শিক্ষণ কেন্দ্ৰৰ দ্বাৰা সম্বৰ্ধনা পত্ৰ প্ৰদান

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. নৃপেন ফুকন,বাটকটীয়া,জোনালী প্ৰকাশ, প্ৰথম প্ৰকাশ২০১৫
  2. সঞ্জীৱ বৰা,ৰঙানদী স্মাৰক গ্ৰন্থ,প্ৰকাশ ২০১৯,পৃষ্ঠা নং ১৯১
  3. সঞ্জীৱ বৰা,ৰঙানদী স্মাৰক গ্ৰন্থ,প্ৰকাশ ২০১৯,পৃষ্ঠা নং ২০৮

৪. নক্সা

৫. কল্পবিজ্ঞান আৰু স্থান চৰ্চা ডঃ দীপক কুমাৰ বৰা। পৃষ্ঠা ১৪৮ ৬. লখিমপুৰ জিলাৰ সাহিত্যচৰ্চা বিলোকন-অৱলোকন দিপক বৰা পৃষ্ঠা ৪১