নেহৰু ব্ৰিগেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নেহৰু ব্ৰিগেড অথবা চতুৰ্থ গেৰিলা ৰেজিমেণ্ট আছিল ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা গোট৷ তেওঁলোকে প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা অংশ গঠন কৰিছিল আৰু পৰৱৰ্তী সময়ত সুভাষ চন্দ্ৰ বসুৰ অধীনত সেনাৰ পুনুৰুত্থানৰ পৰত গোটৰ বাকী অংশ গঠিত হৈছিল৷[1][2]

এই গোটটোৱে ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ ইম্ফলৰ অভিযানত অংশ লোৱা নাছিল আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৪৪ চনত গুৰুবক্স সিং ধিলনৰ অধীনলৈ তেওঁলোকক স্থানান্তৰিত কৰা হৈছিল৷ ইৰাৱৰী অতিক্ৰমণ আৰু পোপা পাহাৰৰ যুদ্ধত তেওঁলোকে কমনৱেলথ সেনাৰ বিৰুদ্ধে যুঁজ দিছিল৷[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]