নৰকাসুৰ (নাট)
| নৰকাসুৰ | |
|---|---|
| লিখক | অতুলচন্দ্ৰ হাজৰিকা |
| প্ৰথম প্ৰদৰ্শনৰ তাৰিখ | ১০-১০-১৯২৯ [1] |
| প্ৰথম প্ৰদৰ্শনৰ ঠাই | বাণ ৰঙ্গমঞ্চ অসম |
| মূল ভাষা | অসমীয়া |
| শৈলী | পৌৰাণিক |
নৰকাসুৰ সাহিত্যচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰা এখন পৌৰাণিক নাট। প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ জীৱনক বিষয়বস্তু হিচাপে লৈ নাটখন ৰচনা কৰা হৈছে। নাট্যকাৰে ১৯২৬ চনত কলেজীয়া জীৱনৰ দ্বিতীয় বাৰ্ষিক শ্ৰেণীতে নাটখন লিখিছিল। অভিনেতা তেজপুৰৰ ডাঃ ললিতমোহন চৌধুৰী আৰু ছিলঙৰ এডমাণ্ড কলেজৰ অধ্যাপক বৰদাকান্ত শৰ্মাই নাটখনত হাত ফুৰাই মঞ্চৰ উপযোগী কৰি দিছিল।[2] ১৯২৯ চনৰ ১০ অক্টোবৰ তাৰিখে তেজপুৰৰ বাণ মঞ্চত নৰকাসুৰ প্ৰথম অভিনীত হয়।[1] গুৱাহাটীৰ কামৰূপ নাট্য সমিতিয়ে ১৯৩১ চনৰ আগষ্ট মাহৰ ভিতৰত নাটখন কেইবাবাৰো কুমাৰ ভাস্কৰ মঞ্চত মঞ্চস্থ কৰে। সেই সময়ত মহেন্দ্ৰনাথ ফুকনে প্ৰয়োজন অনুসাৰে নাটখন সম্পাদনা কৰি দিছিল।[2]
চৰিত্ৰসমূহ
[সম্পাদনা কৰক]পুৰুষ
|
তিৰোতা
|
কাহিনী সাৰাংশ
নাট্যকাৰে বুৰঞ্জী আৰু কিংবদন্তিৰ সমন্বয়েৰে প্ৰাগজ্যোতিষপুৰৰ অসুৰৰাজ নৰকাসুৰৰ জীৱনক নাটখনিত লিপিৱদ্ধ কৰিছে। ধাত্ৰী কাত্যায়নীৰূপে নৰকক প্ৰতিপালন কৰা তেওঁৰ প্ৰকৃত মাতৃ বসুমতীয়ে এদিন নিজৰ প্ৰকৃত পৰিচয় দাঙি ধৰিছে। মাতৃৰ পৰা বৰাহ ৰূপত ভগৱান বিষ্ণু তেওঁৰ পিতৃ বুলি নৰকে গম পাইছে। বসুমতীৰ কথাত নিজ অধিকাৰ সম্পৰ্কে সচেতন হৈ তেওঁ কিৰাতৰাজ ঘটকাসুৰক পৰাজিত কৰি প্ৰাগজ্যোতিষপুৰৰ সিংহাসন দখল কৰিছে আৰু দেৱলোকত নিজ অধিকাৰ সাব্যস্ত কৰি দেৱগণক পোতাশাললৈ নিক্ষেপ কৰি তেওঁলোকে কৰা বসুমতী নিন্দাৰ পোতক তুলিছে। শেষত বিশ্বকৰ্মাৰ কন্যা ইন্দুমতীৰ প্ৰাৰ্থনাত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছে। নাটখনত নৰকাসুৰক বীৰ তথা আত্মাভিমানী ৰূপত উপস্থাপন কৰিছে।
সন্নিৱিষ্ট গীত
- ৰূপৰ বঠা, সোণৰ নাও[4]
- পৰ্বতে পৰ্বতে হাঁহে বনফুলে[4]
- ৰাজহাউলিত উত্সৱ আজি[4]
- শৰতৰে আজি শেৱালী-সন্ধিয়া[4]
- গাঁথি পাৰিজাতমালা[4]
- চিন্তা কিহৰ শংকা কিহৰ ৰণমত্ত দৈত্যবীৰ[4]
- মংগল শংখ ঘনে বাজিছে[4]
- সৰগত জ্বলে নৰকৰ শিখা[4]
- আগত আজি তব অতিথি অভিনৱ[4]
- সোণৰ বাটিত সুৱগা চৰাই[4]
চতুৰ্থ অংকৰ নাটখনত এই গীতসমূহৰ লগতে 'কেলি কৰে বিৰিন্দাবনে মোহন গোপাল' শীৰ্ষক এটি বৰগীত আৰু 'মধুদানৱ দাৰণ দেৱ বৰং' শীৰ্ষক স্তুতিগীত সন্নিৱিষ্ট কৰা হৈছে।[5]
নাট্যকাৰৰ কথা
নাটখনৰ পাতনিতে নাট্যকাৰে কৈছে যে নৰকাসুৰ নাটখন কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰন। তেওঁ এই বিষয়ে কয় -
এই কথা মনত ৰাখিব লাগিব যে মোৰ 'নৰকাসুৰ' পৌৰাণিক নাটকহে, বুৰঞ্জীমূলক নাটক নহয়, সামাজিক নাটকো নহয়। নৰকাসুৰৰ জীৱন-বৃত্তান্ত সত্য, ত্ৰেতা আৰু দ্বাপৰ তিনিওটা যুগতে বিস্তৃত হৈ আছে। পুৰণিৰ অলৌকিকতা, বুৰঞ্জীৰ বাস্তৱতা আৰু কিম্বদন্তীৰ গভীৰ জনবিশ্বাস ইয়াত কম-বেছি পৰিমাণে মিহলি হৈ আছে। অলৌকিকতা আৰু কিম্বদন্তী নিৰ্মূল কৰি বাস্তৱতা আৰু বুৰঞ্জীৰ ভেটিত থিয় কৰালে নৰকাসুৰৰ নৰকাসুৰত্বই বিলুপ্ত হৈ যাব।[2]