ন’ৰা জ’নছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ন'ৰা জ'নছ

২০১১ চনৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়ত ন'ৰা জ'নছ
প্ৰাথমিক তথ্য
জন্মৰ নাম গীতালি ন'ৰা শংকৰ
জন্ম ৩০ মাৰ্চ, ১৯৭৯ (৪৪ বছৰ)
ব্ৰুকলিন, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
মূল গ্ৰেপেভাইন, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
সংগীতৰ প্ৰকাৰ জাজ, blue-eyed soul, ব্লুজ, লোক সংগীত, কাউণ্ট্ৰি মিউজিক, adult contemporary, পপ সংগীত
পেচা সংগীতজ্ঞ, অভিনেতা
বাদ্যযন্ত্ৰ ভকেল, পিয়ানো, গীটাৰ, বেছ
কাৰ্যকাল ২০০১ ৰ পৰা বৰ্তমানলৈ
ৰেকৰ্ড লেবেল ব্লু নোট
ৱেবছাইট norahjones.com

ন’ৰা জ’নছ (জন্ম ৩০ মাৰ্চ, ১৯৭৯; জন্ম নাম: গীতালি ন’ৰা শংকৰ)[1] এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী। তেওঁৰ ইতিমধ্যে ৫০ মিলিয়নতকৈ অধিক সংগীতৰ এলবাম বিশ্বজুৰি বিক্ৰী হোৱাৰ লগতে অলেখ সন্মানৰ অধিকাৰীও হৈছে।[2] ২০০০ ৰ দশকটোত বিলবৰ্ডে তেওঁক শীৰ্ষ জাজ শিল্পীৰ স্থান দিছিল।[3] তেওঁ ইতিমধ্যে ৯ টাকৈ গ্ৰেমী সন্মান লাভ কৰিছে। ২০০২ চনত জ’নছে তেওঁৰ সংগীতৰ কেৰিয়াৰৰ প্ৰথমটো নিজা এলবাম Come Away with Me মুক্তি দিয়ে, যিটো এলবাম ব্যৱসায়িকভাৱে সফল হোৱাৰ লগতে সমালোচকৰ প্ৰশংসা লভিবলৈ সক্ষম হৈছিল। এই এলবামটো জাজ, কাউন্ট্ৰি আৰু পপ সংগীতৰ ফিউজন আছিল।[4] প্ৰায় ২৬ মিলিয়নৰো অধিক কপি বিক্ৰী হোৱা এই এলবামটোৰ বাবে জ’নছে বৰ্ষটোৰ শ্ৰেষ্ঠ এলবাম, ৰেকৰ্ড অৱ দ্য য়েৰ আৰু শ্ৰেষ্ঠ নৱাগত শিল্পী বঁটাৰ[5] লগত পাঁচটাকৈ গ্ৰেমী বঁটা লাভ কৰিছিল।

প্ৰাক জীৱনকাল[সম্পাদনা কৰক]

১৯৭৯ চনত তেওঁ নিউয়ৰ্কৰ বেডফৰ্ড ষ্টাভেছাণ্ট, ব্ৰুকলিনত জন্ম লাভ কৰিছিল। জন্মৰ সময়ত নাম আছিল গীতালি শংকৰ। তেওঁৰ অভিভাৱক ক্ৰমে ছ্যু জ’নছ আৰু চেতাৰ পণ্ডিত ৰবি শংকৰ[6][7] ১৯৮৬ চনত পিতৃ মাতৃৰ বিচ্ছেদ হোৱাৰ পাছত তেওঁ মাকৰ লগত থাকিবলৈ লয়। তেওঁ পঢ়া শিক্ষানুষ্ঠানসমূহ ক্ৰমে কলিভাইল মিডল স্কুল, গ্ৰেপেভাইন হাইস্কুল আৰু ডেলাছৰ বুকাৰ টি ৱাশ্বিংটন হাইস্কুল ফৰ দ্য পাৰ্ফৰ্মিং এণ্ড ভিজুৱেল আৰ্টছ। ষোল্ল বছৰ বয়সত তেওঁ নামটো ন’ৰা জ’নছলৈ সলনি কৰে।[1][6]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

২০০০ চনৰ পৰা ২০০৭ চনলৈ তেওঁ লী আলেকজেণ্ডাৰৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কত আছিল।[8] ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত জ’নছে এটি পুত্ৰ সন্তান জন্ম দিয়ে।[9][10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Dilworth, Thomas J. (July 6, 2007). "What's Next for Norah Jones?". ABC News. http://abcnews.go.com/GMA/SummerConcert/story?id=3342169। আহৰণ কৰা হৈছে: November 19, 2009. "Shankar officially changed her name to Norah Jones when she was 16, and has been using it ever since." 
  2. "Grammy Stars Make Beeline for Korea". The Chosun Ilbo. October 12, 2012. http://english.chosun.com/site/data/html_dir/2012/10/12/2012101201118.html. 
  3. "Artists of the Decade". Billboard.com. http://www.billboard.com/#/charts-decade-end/artists-of-the-decade?year=2009&begin=51&order=position। আহৰণ কৰা হৈছে: 2013-01-06. 
  4. Brown, Helen (April 27, 2012). "Norah Jones, Little Broken Hearts, CD review". The Telegraph. http://www.telegraph.co.uk/culture/music/cdreviews/9229594/Norah-Jones-Little-Broken-Hearts-CD-review.htmll। আহৰণ কৰা হৈছে: 2012-07-30. 
  5. "Norah Jones sweeps Grammy Awards". CNN.com. February 28, 2003. http://edition.cnn.com/2003/SHOWBIZ/Music/02/28/mroom.norah.jones/। আহৰণ কৰা হৈছে: 2010-08-19. 
  6. 6.0 6.1 "Hard to say no to free love: Ravi Shankar". Press Trust of India. Rediff.com. April 29, 2003. http://www.rediff.com/news/2003/may/13ravi.htm। আহৰণ কৰা হৈছে: June 20, 2014. 
  7. "Norah Jones – Biography". IMDb. http://www.imdb.com/name/nm1289528/bio। আহৰণ কৰা হৈছে: June 20, 2014. 
  8. "Norah Jones and Lee Alexander Call it Quits". theinsider.com. Archived from the original on 2009-03-19. https://web.archive.org/web/20090319053938/http://www.theinsider.com/news/568056_Norah_Jones_breaks_up_with_boyfriend_Lee_Alexander। আহৰণ কৰা হৈছে: 2009-11-14. 
  9. "Michelle Obama Invites Military Mothers To White House For Mother's Day Event". The Huffington Post. http://www.huffingtonpost.com/2014/05/12/michelle-obama-military-mothers_n_5310929.html। আহৰণ কৰা হৈছে: 2009-11-14. 
  10. http://pagesix.com/2014/09/30/private-norah-jones-spotted-with-baby-boy/

বাহ্যিক সংযোগ[সম্পাদনা কৰক]