প'লিঅ'মায়েলাইটিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প'লিঅ'মায়েলাইটিছ
Poliomyelitis
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

প'লিঅ'মায়েলাইটিছত ভুগি এখন ভৰি চুটি হোৱা এজন মানুহ
আই.চি.ডি.-10 A80, B91, P35.8
আই.চি.ডি.-9 045, 138
ডিজিজেছ ডে'টাবে'ছ 10209
মেডলাইন প্লাছ 001402
ইমেডিচিন ped/1843 pmr/6
MeSH C02.182.600.700

প'লিঅ'মায়েলাইটিছ /pliməltɪs/, (প'লিঅ' বা শিশুৰ পক্ষাঘাত) প'লিঅ'ভাইৰাছে কৰা এবিধ সংক্ৰামক ৰোগ। প্ৰায় ৯০%ৰ পৰা ৯৫% সংক্ৰমণৰ কোনো লক্ষণ নাথাকে।[1] আন ৫ ৰ পৰা ১০% মানুহৰ সাধাৰণ লক্ষণ যেনে জ্বৰ, মূৰৰ বিষ, বমি, পনীয়া শৌচ, ডিঙি টানি ধৰা আৰু হাত-ভৰিৰ বিষ হ'ব পাৰে।[1][2] এইসকল ৰোগী এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত ভাল হৈ উঠে। প্ৰায় ০.৫% মানুহৰ পেশীৰ দুৰ্বলতাই দেখা দিয়ে যি খোজ কাঢ়িব নোৱাৰা অৱস্থা কৰি তোলে।[1] এনে অৱস্থা কেইঘণ্টামানৰ পৰা কেইবা দিনৰ ভিতৰত হ'ব পাৰে।[1][2] দুৰ্বলতা সাধাৰণতে ভৰিত হয় কিন্তু কাচিৎ মূৰ, ডিঙি আৰু ডায়েফ্ৰামৰো হ'ব পাৰে। সকলো মানুহ সম্পূৰ্ণ আৰোগ্য লাভ নকৰে। পেশীৰ দুৰ্বলতা থকাসকলৰ ভিতৰত ২%ৰ পৰা ৫% শিশু আৰু ১৫%ৰ পৰা ৩০% প্ৰাপ্তবয়স্কৰ মৃত্যু ঘটে।[1] আৰোগ্যৰ কেইবা বছৰ পাছতো post-polio syndrome হ'ব পাৰে য'ত আৰম্ভণিৰ বেমাৰৰ দৰেই পেশী ধীৰে ধীৰে দুৰ্বল হৈ পৰে।[3]

সাধাৰণতে সংক্ৰমিত বিষ্ঠা মুখত প্ৰৱেশৰ ফলত প'লিঅ'ভাইৰাছ এজনৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে।[1] খাদ্য বা পানী মানৱ বিষ্ঠাৰে দূষিত হ'লে বা কেতিয়াবা সংক্ৰমিত লেলাৱটিৰ পৰাও ই বিয়পে।[1][2] সংক্ৰমিত ব্যক্তিয়ে কোনো লক্ষণ নেদেখুৱালেও ছয় সপ্তাহলৈকে এই ৰোগ বিয়পাব পাৰে। বিষ্ঠাত ভাইৰাছৰ উপস্থিতি বা তেজত ইয়াৰ বিৰুদ্ধে প্ৰতিদেহ ধৰা পেলাই এই ৰোগ নিৰূপণ কৰা হয়।[1]

প'লিঅ' প্ৰতিষেধক ব্যৱহাৰেৰে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি, কিন্তু কেইবাপালিৰো প্ৰয়োজন হয়।[2] ভাৰতত শিশুৰ জন্মতে, ৬ মাহ, ৯ মান আৰু ৪-৬ বছৰত চাৰি পালি মৌখিক ঔষধ দিয়া হয়।[4] এবাৰ সংক্ৰমণ হ'লে কোনো নিৰ্দিষ্ট চিকিৎসা নাই।[2] ১৯৮৮ চনত ৩৫০,০০০ জন ৰোগীৰ পৰা এই সংখ্যা ২০১৩ চনত ৪১৬ জনলৈ কমি আহিছে।[2] ২০১৪ চনত এই ৰোগ কেৱল আফগানিস্তান, নাইজেৰিয়া আৰু পাকিস্তানত পোৱা গৈছিল।[2] ২০১৪ চনৰ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক "প'লিঅ' মুক্ত" বুলি ঘোষণা কৰে।[5]

প্ৰাচীন শিল্পত কেইবাহাজাৰ বছৰৰ পৰা প'লিঅ' ৰোগৰ উপস্থিতি গম পাব পাৰি।[1] ১৭৮৯ চনত মাইকেল আণ্ডাৰউড নামৰ চিকিৎসকজনে ইয়াক নিৰ্দিষ্ট ৰোগ হিচাপে গণ্য কৰে[1] আৰু ১৯০৮ চনত কাৰ্ল লেণ্ডষ্টেইনাৰে প'লিঅ'ভাইৰাছ ধৰা পেলায়।[6] ১৯শ শতিকাৰ শেষৰফালে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মহামাৰীয়ে দেখা দিয়ে।[1] বিংশ শতিকাত এই অঞ্চলসমূহত ই এটা প্ৰধান শিশু ৰোগ হিচাপে স্বীকৃতি পায়।[7] ১৯৫০ চনত জ'নাছ চকে প্ৰথম প'লিঅ' প্ৰতিষেধক বিকাশ কৰে।[8] আশা কৰা হয় যে ছিটাকৰণ প্ৰচেষ্টা আৰু ৰোগৰ আগতীয়া নিৰূপণে ২০১৮ চনৰ ভিতৰত প'লিঅ' নিৰ্মূল কৰিব।[9] অৱশ্যে ২০১৩ চনত চিৰিয়াত নতুন ৰোগী ধৰা পৰে[10] আৰু ২০১৪ চনৰ মে' মাহত বিশ্ব স্বাস্থ্য সংস্থাই এছিয়া, আফ্ৰিকা আৰু মধ্য প্ৰাচ্যত ৰোগৰ উত্থানৰ বাবে ইয়াক public health emergency of international concern ঘোষণা কৰে।[11] আন কোনো জন্তুতে এই ৰোগ প্ৰাকৃতিকভাৱে নহয়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 Atkinson W, Hamborsky J, McIntyre L, Wolfe S (eds.) (2009). "Poliomyelitis" (PDF). Epidemiology and Prevention of Vaccine-Preventable Diseases (The Pink Book) (11th সম্পাদনা). প্ৰকাশক Washington DC: Public Health Foundation. পৃষ্ঠা. 231–44. http://www.cdc.gov/vaccines/pubs/pinkbook/downloads/polio.pdf. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "Poliomyelitis Fact sheet N°114". who.int. October 2014. http://www.who.int/mediacentre/factsheets/fs114/en/। আহৰণ কৰা হৈছে: 3 November 2014. 
  3. "Post-Polio Syndrome Fact Sheet". http://www.ninds.nih.gov/.+April 16, 2014. Archived from the original on 29 July 2011. https://web.archive.org/web/20110729090555/http://www.ninds.nih.gov/disorders/post_polio/detail_post_polio.htm। আহৰণ কৰা হৈছে: 4 November 2014. 
  4. "IAP recommended immunization shedule". IAP. June 2, 2014. http://www.indianpediatrics.net/oct2014/785.pdf। আহৰণ কৰা হৈছে: 26 August 2015. 
  5. "Polio-free certification: WHO South-East Asia". SEARO. March 27, 2014. http://www.searo.who.int/entity/immunization/topics/polio/eradication/sea-polio-free/en/। আহৰণ কৰা হৈছে: 26 August 2015. 
  6. Daniel, edited by Thomas M.; Robbins, Frederick C. (1999). Polio (1st সম্পাদনা). প্ৰকাশক Rochester, N.Y.: University of Rochester Press. পৃষ্ঠা. 11. ISBN 9781580460668. http://books.google.ca/books?id=BTQKnkpN6qQC&pg=PA11. 
  7. Wheeler, Derek S.; Wong,, Hector R.; (eds.), Thomas P. Shanley, (2009). Science and practice of pediatric critical care medicine. প্ৰকাশক London: Springer. পৃষ্ঠা. 10–11. ISBN 9781848009219. http://books.google.ca/books?id=3p7jezlQ0zgC&pg=PA11. 
  8. Aylward R (2006). "Eradicating polio: today's challenges and tomorrow's legacy". Ann Trop Med Parasitol খণ্ড 100 (5–6): 401–13. doi:10.1179/136485906X97354. PMID 16899145. 
  9. "Global leaders support new six-year plan to deliver a polio-free world by 2018". who.int. 25 April 2013. http://www.who.int/mediacentre/news/releases/2013/polio_six_year_plan_20130425/en/। আহৰণ কৰা হৈছে: 4 November 2014. 
  10. "Polio in the Syrian Arab Republic - update". who.int. 26 November 2013. http://www.who.int/csr/don/2013_11_26polio/en/। আহৰণ কৰা হৈছে: 4 November 2014. 
  11. "WHO statement on the meeting of the International Health Regulations Emergency Committee concerning the international spread of wild poliovirus". who.int. 5 May 2014. http://www.who.int/mediacentre/news/statements/2014/polio-20140505/en/। আহৰণ কৰা হৈছে: 4 November 2014. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]