সমললৈ যাওক

পঞ্চী বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পঞ্চী বৰা

Photo of Panchi Bora From The 3rd Boroplus Gold Awards
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা মডেল, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৪-বৰ্তমান

পঞ্চী বৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ দূৰদৰ্শন ধাৰাবাহিক ‘কয়ামত’, ‘কিতনী মস্ত হ্যে জিন্দেগী’ আদিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ তেলুগু চলচ্চিত্ৰ জগততো পদাৰ্পন কৰিছে।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

পঞ্চী বৰাৰ ঘৰ অসমত যদিও আৰ্মি বিষয়া পিতৃয়ে অৱসৰৰ পিছত পুনেত বসবাস কৰিবলৈ লয়।[2] তেওঁ পুনেত আইন মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে। সেই সময়তে দুৰদৰ্শনৰ বিভিন্ন বিজ্ঞাপনত পঞ্চী বৰাই অংশগ্ৰহণৰ সুযোগ পায়।[3][4]

বালাজী টেলিফিল্মৰ মুখ্য কাৰ্য্যবাহী একতা কাপুৰে এম টিভিৰ প্ৰথমখন ধাৰাবাহিক ‘কিতনী মস্ত হ্যে জিন্দেগী’ত অভিনয়ৰ বাবে পঞ্চী বৰাক সুযোগ দিয়ে।[4][2] তেওঁ ধাৰাবাহিকখনত ৰেডিঅ’ জ’কী অনন্যা পুৰীৰ ভূমিকাত অভিনয় কৰে। ইয়াৰ পিছতে পঞ্চী বৰাই আইন শিক্ষা বাদ দি পুনেৰ ফাৰ্গুছন মহাবিদ্যালয়ত স্নাতক মহলাত ভৰ্তি হয়।[5]

পৰৱৰ্ত্তীকালত একতা কাপুৰৰে অন্য এখন ধাৰাবাহিক ‘কয়ামত’ত পঞ্চী বৰাই প্ৰাচীৰ ভূমিকাত অভিনয় কৰে।[5][2] ইয়াত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ ২০০৮ চনত ষ্টাৰ পৰিবাৰ এৱাৰ্ডছত দুটাকৈ নমিনেশ্যন লাভ কৰে।[6]

২০০৯ ৰ পৰা ২০১২ চনলৈ অভিনয়ৰ পৰা আঁতৰি থকাৰ পিছত পঞ্চী বৰাই ষ্টাৰ প্লাছৰ ‘Bid Aai’-ত ভূমুকি মাৰে। ২০১০ চনত তেওঁ ‘দ্য হিন্দু-দ্য ইণ্ডিয়ান’ নামৰ ৰাছিয়ান দুৰদৰ্শন ধাৰাবাহিক এখনত অভিনয়ৰ সুযোগ পায়।[7] ইয়াত তেওঁ এগৰাকী ভাৰতীয় মহিলা ‘মায়া’ ৰ ভূমিকাত অভিনয় কৰে।[7] ২০১২ চনত তেওঁ ‘গুমৰাহ: এণ্ড অব ইঞ্চেন্স’ ত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।[8]

২০১১ চনত পঞ্চী বৰাই তেলুগু চলচ্চিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ অভিনেত্ৰীৰূপে আত্মপ্ৰকাশ কৰে।[9] তেওঁ ইতিমধ্যে ভালেসংখ্যক তেলুগু ছবিত অভিনয় কৰিছে।[10][11]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বছৰ চলচ্চিত্ৰ ভূমিকা ভাষা
২০১১ Akashame Haddu আশিয়া তেলুগু
২০১২ Uu Kodathara? Ulikki Padathara? মিনা তেলুগু
২০১২ Dhamarukam কবিতা তেলুগু
২০১৩ ইটছ মাই লাইফ হিন্দী
২০১৪ য়ামিনী চন্দ্ৰশেখৰ য়ামিনী তেলুগু
২০১৪ Prabhanjanam প্ৰণিতা তেলুগু

দুৰদৰ্শন

[সম্পাদনা কৰক]
বছৰ ধাৰাবাহিক ভূমিকা চেনেল মন্তব্য
২০০৪-২০০৫ কিতনী মস্ত হ্যে জিন্দেগী অনন্যা পুৰী এম টি ভি ইণ্ডিয়া
২০০৭ কহীঁ ত’ হোগা প্ৰাচী ষ্টাৰ প্লাছ অতিথি ভূমিকা
২০০৭-২০০৯ কয়ামত প্ৰাচী মিলিণ্ড মিশ্ৰ
২০০৮ চি আই ডি নীলিমা ছনী এণ্টাৰটেইনমেণ্ট
২০১০ দ্য হিন্দু মায়া চেনেল ৱান ৰাছিয়া ৰাছিয়ান ধাৰাবাহিক[12]
২০১০ কেশব পণ্ডিত জি টিভি
২০১২ গুমৰাহ: এণ্ড অব ইনচেন্স নীলম চেনেল ভি ইণ্ডিয়া খণ্ড ভূমিকা
২০১৫-২০১৬ গংগা জাহ্নবী সাগৰ চতুৰ্বেদী কিউ টি ভি

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Nishant (2007-08-08). "Panchi, no time for love". The Times of India. http://timesofindia.indiatimes.com/city/Panchi-no-time-for-love/articleshow/2263012.cms আহৰণ কৰা হৈছে: 2013-08-28.
  2. 1 2 3 "Metro Plus Visakhapatnam / Television : Twice lucky!". The Hindu. 2007-02-17. Archived from the original on 2007-02-22. https://web.archive.org/web/20070222230903/http://www.hindu.com/mp/2007/02/17/stories/2007021700640100.htm আহৰণ কৰা হৈছে: 2014-04-18.
  3. "Panchi Bora is on cloud nine – Oneindia Entertainment". Entertainment.oneindia.in. 2008-11-25. Archived from the original on 2014-04-19. https://web.archive.org/web/20140419025516/http://entertainment.oneindia.in/television/news/2008/panchi-bora-cloud-nine-251108.html আহৰণ কৰা হৈছে: 2014-04-18.
  4. 1 2 "rediff.com: When Ekta Kapoor tracked down Panchi Bora!". Rediff.com. http://specials.rediff.com/movies/2008/jun/09sli2.htm আহৰণ কৰা হৈছে: 2014-04-18.
  5. 1 2 "rediff.com: When Ekta Kapoor tracked down Panchi Bora!". Rediff.com. http://specials.rediff.com/movies/2008/jun/09sli3.htm আহৰণ কৰা হৈছে: 2014-04-18.
  6. "Star Parivaar Awards nominations out – Oneindia Entertainment". Entertainment.oneindia.in. 2008-04-23. Archived from the original on 2014-04-19. https://web.archive.org/web/20140419015910/http://entertainment.oneindia.in/television/news/2008/star-parivaar-awards-230408.html আহৰণ কৰা হৈছে: 2014-04-18.
  7. 1 2 "Panchi flies to Moscow". Hindustan Times. 2010-01-12. Archived from the original on 2014-04-19. https://web.archive.org/web/20140419020035/http://www.hindustantimes.com/entertainment/television/panchi-flies-to-moscow/article1-496605.aspx আহৰণ কৰা হৈছে: 2014-04-18.
  8. "Panchi Bora back with Gumrah – The Times of India". The Times of India. 2012-05-28. http://timesofindia.indiatimes.com/entertainment/hindi/tv/news-interviews/Panchi-Bora-back-with-Gumrah/articleshow/13592871.cms আহৰণ কৰা হৈছে: 2014-04-18.
  9. Y. Sunita Chowdhary (2011-09-10). "Aakasame Haddu – Love guru weaves the magic". The Hindu. http://www.thehindu.com/features/cinema/aakasame-haddu-love-guru-weaves-the-magic/article2442150.ece আহৰণ কৰা হৈছে: 2014-04-18.
  10. "Actress Panchi Bora | Lakshmi Manchu". CineGoer.com. 2011-12-04. http://www.cinegoer.net/telugu-cinema/news-archives/december-2011/panchi-bora-heaps-praises-on-balakrishna-041211.html আহৰণ কৰা হৈছে: 2014-04-18.
  11. M. L. Narasimham (2014-02-08). "Yamini Chandrasekhar: The mystery deepens". The Hindu. http://www.thehindu.com/features/cinema/yamini-chandrasekhar-the-mystery-deepens/article5668066.ece আহৰণ কৰা হৈছে: 2014-04-18.
  12. "Russian World Studios". Rwstudio.com. http://rwstudio.com/about/about/ আহৰণ কৰা হৈছে: 2014-04-18.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]