পদ্মাৱতী (জৈন ধৰ্ম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পদ্মাৱতী
Padmavati
দশম শতিকাৰ পদ্মাৱতীৰ মূৰ্তি, মেট্ৰপলিটান কলা সংগ্ৰহালয়

পদ্মাৱতী (ইংৰাজী: Padmavati) জৈন ধৰ্মৰ ২৩তম তীৰ্থংকৰ পাৰ্শ্বনাথৰ ৰক্ষয়িত্ৰী দেৱী বা 'শাসনৰ দেৱী'। [1] তেওঁৰ 'শাসন দেৱ' হৈছে কাষত অৱস্থিত পাৰ্শ্বযক্ষ। তেওঁ পাৰ্শ্বনাথৰ যক্ষী। [2] পদ্মাৱতী এপাহ পদুম ফুলত বহে আৰু তেওঁৰ মূৰৰ ওপৰত সাপৰ ফনা থাকে। প্ৰায়ে তেওঁৰ মূৰ্তিৰ মুকুটত পাৰ্শ্বনাথৰ সৰু ছবি অংকিত থাকে।

জৈন জীৱনী[সম্পাদনা কৰক]

তপস কামথে কাঠৰ লগত জীৱন্তে অগ্নিদগ্ধ কৰাৰ মানসেৰে এহাল নাগ নাগিনীক অগ্নি সংযোগ কৰিছিল। ২৩তম জৈন তীৰ্থংকৰ পাৰ্শ্বনাথে সিহঁতক উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ মৃত্যুৰ পিছত ইন্দ্ৰ (বিশেষকৈ ধৰণেন্দ্ৰ) আৰু পদ্মাৱতী (শাসন দেৱীৰ পৰা পৃথক) হিচাপে পুনৰজন্ম গ্ৰহণ কৰিছিল। [3] জৈন পৰম্পৰা অনুসৰি পদ্মাৱতী আৰু তেওঁৰ স্বামী ধৰণেন্দ্ৰে মেঘমালীয়ে উৎপীড়ন কৰা সময়ত ভগৱান পাৰ্শ্বনাথক সুৰক্ষিত কৰিছিল। [4][5] অৱশ্যে শ্বেতাম্বৰ সকলৰ বিশ্বাসৰ মতে পদ্মাৱতী ধৰণেন্দ্ৰৰ মুখ্য পত্নীসকলৰ ভিতৰত এগৰাকী নাছিল। পদ্মাৱতীয়ে উদ্ধাৰ কৰাৰ পিছত পাৰ্শ্বনাথ পৰৱৰ্তী সময়ত তেওঁ এগৰাকী শক্তিশালী তান্ত্ৰিক দেৱী যক্ষীলৈ ৰূপান্তৰিত হৈছিল আৰু সামৰ্থৰ ক্ষেত্ৰত আন সৰ্প দেৱী বৈৰোত্যক অতিক্ৰম কৰিছিল। [6]

বৰ্ণনা[সম্পাদনা কৰক]

পদ্মাৱতী দেৱীৰ মূৰৰ ওপৰত সাপৰ ফনা থাকে আৰু তেওঁ এপাহ পদুম ফুলত বহে। প্ৰায়ে ভগৱান পাৰ্শ্বনাথৰ এটা সৰু প্ৰতিচ্ছবি তাইৰ মুকুটত দেখুৱা হয়। তেওঁ চতুৰ্ভূজা। তেওঁৰ চাৰিখন হাতত এফালে ক্ৰমে পাশ আৰু জপমালা আৰু আনফালে অংকুশ, পদুম ফুল আৰু এটা ফল থাকে। [4] পদ্মাৱতী অম্বিকা আৰু ধৰণেন্দ্ৰৰ যক্ষ-যক্ষী যোৰা ভাস্কৰ্য গোমুখা-চক্ৰেশ্বৰী আৰু সৰ্বহনভুতি-অম্বিকাৰ সৈতে আটাইতকৈ বেছি দেখা যায়। [7]

উপাসনা[সম্পাদনা কৰক]

চিথাৰাল জৈন স্মৃতিক্ষেত্ৰত নৱম শতিকাৰ পদ্মাৱতী ভাস্কৰ্য

দেৱী পদ্মাৱতী, অম্বিকা আৰু চক্ৰেশ্বৰীৰ সৈতে সন্মানীয় দেৱী হিচাপে প্ৰতিষ্ঠিত আৰু তেওঁলোকক জৈন তীৰ্থংকৰৰ সৈতে উপাসনা কৰা হয়। [8][9] অম্বিকা আৰু পদ্মাৱতী তান্ত্ৰিক ৰীতি-নীতিৰ সৈতে জড়িত। পদ্মাৱতী আৰু ধাৰণেন্দ্ৰ দুয়োকে বিশেষভাৱে শক্তিশালী মধ্যৱৰ্তী দেৱতা হিচাপে সন্মান কৰা হয়। [1] তেওঁলৈ উৎসৰ্গিত তান্ত্ৰিক ৰীতিবোৰত যন্ত্ৰ-বিধি, পীঠ-স্থাপনা আৰু মন্ত্ৰ-পূজা জড়িত। [10][6] প্ৰতি সপ্তাহৰ শুক্ৰবাৰে দেৱীৰ উপাসনা কৰিবলৈ বিশেষভাৱে জনপ্ৰিয় দিন। [11]

মুখ্য মন্দিৰসমূহ[সম্পাদনা কৰক]

  • পদ্মাক্ষী গট্টা
  • পদ্মাৱতী মন্দিৰ, হুমছা, সপ্তম শতিকাৰ মন্দিৰ

সাহিত্যত উল্লেখ[সম্পাদনা কৰক]

দ্বাদশ শতিকাৰ মল্লীসেনায়ে লিখা 'ভৈৰৱ-পদ্মাৱতী-কল্প' হৈছে পদ্মাৱতীৰ উপাসনাৰ বাবে তান্ত্ৰিক পাঠ। পাঠত পদ্মাৱতীৰ সৈতে সংযোজিত ৰীতি-কৰ্ম, যেনে স্তম্ভ, বশ্য, আকৰ্ষণ, নিমিত্ত-জ্ঞান, গৰুড় তন্ত্ৰ আদিৰ বিষয়ে আলোচনা কৰা হৈছে। [12] দ্বাদশ শতিকাৰ শ্ৰী চন্দ্ৰ চুৰিৰ দ্বাৰা ৰচনা কৰা শ্বেতাম্বৰ পাঠ 'অদ্ভুত-পদ্মাৱতী-কল্প'ত দেৱী পদ্মাৱতীলৈ উছৰ্গিত। [12] শ্বেতম্বৰ পণ্ডিত পাৰ্শ্বদেৱ গণীৰ দ্বাৰা ৰচনা কৰা 'পদ্মাৱতী-অষ্টক' হৈছে বিভিন্ন তান্ত্ৰিক ৰীতিৰ ভাষ্য। [12] জীনপ্ৰভা সুৰীৰ দ্বাৰা ৰচনা কৰা 'পদ্মাৱতী-কেটুসাদিকা'[12] আৰু 'পদ্মাৱতী-পূজনম', পদ্মাৱতী-স্তোত্ৰ, 'পদ্মাৱতী-সহস্ৰ-নাম-স্তোত্ৰ', 'ৰক্ত-পদ্মাৱতী-কল্প' আদি পদ্মাৱতীলৈ উৎসৰ্গিত তান্ত্ৰিক পাঠ। [12]

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Cort 2010, পৃষ্ঠা. 186.
  2. Medieval Jaina Goddess Traditions, পৃষ্ঠা. 235-255.
  3. Babb 1996, পৃষ্ঠা. 33.
  4. 4.0 4.1 Jain & Fischer 1978, পৃষ্ঠা. 21.
  5. Sūri, Raval & Shah 1987, পৃষ্ঠা. 267.
  6. 6.0 6.1 Shah 1987, পৃষ্ঠা. 221.
  7. Tiwari 1989, পৃষ্ঠা. 13.
  8. Krishna 2014, পৃষ্ঠা. 68.
  9. Chawdhri 1992, পৃষ্ঠা. 128.
  10. Tiwari 1989, পৃষ্ঠা. 29.
  11. Dundas 2002, পৃষ্ঠা. 213-214.
  12. 12.0 12.1 12.2 12.3 12.4 Shah 1987, পৃষ্ঠা. 277.

গ্ৰন্থৰাজি[সম্পাদনা কৰক]