পদ্মেশ্বৰ গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদ্মেশ্বৰ গগৈ
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

পদ্মেশ্বৰ গগৈ (ইংৰাজী: Padmeswar Gogoi) হৈছে এগৰাকী শিক্ষাবিদ আৰু বুৰঞ্জীবিদ। ১৯৫৯ চনৰ এপিল মাহত নগাঁৱত বহা অসম সাহিত্য সভাৰ‌‌ চতুৰ্দশ অধিৱেশনৰ বুৰঞ্জী সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

পদ্মেশ্বৰ গগৈৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ চেতিয়া গাৱঁত। তেওঁৰ পিতৃৰ নাম টঙ্কেশ্বৰ গগৈ।[1]

শিক্ষা[সম্পাদনা কৰক]

১৯২৭ চনত কটন কলেজৰ পৰা আই,এ পৰীক্ষাত অসম উপত্যকাৰ ভিতৰত‌ প্ৰথম স্থান অধিকাৰ কৰি উওীৰ্ণ হয়। ১৯২৯চনত কটন কলেজৰ পৰা অৰ্থনীতি বিষয়ত অৰ্নাছ‌সহ বি,এ পাছ কৰে।১৯৩২ চনত এম এ পাছ কৰে আৰু ১৯৫৫ চনত প্ৰতিযোগিতামূলক বৃওিলাভ কৰি প্ৰবেশিকা পাছ কৰে।[2]

চাকৰি জীৱন[সম্পাদনা কৰক]

যোৰহাটৰ জগন্নাথ বৰুৱা‌ মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰি ইং ১৯৪৮ চন পৰ্য্যন্ত তাতেই শিক্ষকতা কৰি থাকে। ১৯৪৮ চনত গুৱাহাটীৰ কটন কলেজত অৰ্থনীতি বিভাগৰ এম এ শ্ৰেণী খোলাত গগৈদেৱে সহকাৰী অধ্যাপকৰ পদত যোগদান কৰে। ১৯৫৭-৫৮ চনত এবছৰ কাল ধুবুৰী কলেজৰ অধ্যক্ষ হিচাপে কাম চলাইছিল সেই কাম ভাল নলগাত পুনৰ বিশ্ববিদ্যালয়লৈ উভতি আহি আগৰ পদত যোগদান কৰে। ১৯৭৩ চনত অৱসৰ গ্ৰহণ কৰে যদিও পুনৰ বিশ্ববিদ্যালয়ৰ মঞ্জুৰী আয়োগৰ অধীনত বিশ্ববিদ্যালৰ অৱসৰ‌ প্ৰাপ্ত শিক্ষকৰ সেৱা আঁচনিৰ অন্তৰ্গত অধ্যাপনাৰ কামত‌ যোগদান কৰি ভালে কেইখনি ৰিচাৰ্চ পেপাৰ ইং ১৯৭৩ চনলৈকে দাখিল কৰিছিল।[3]

সাহিত্যৰাজি[সম্পাদনা কৰক]

  1. Westward Migration of the Tai (১৯৫০)
  2. চিন্তাৱলী[4]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

গগৈয়ে "The Tai and the Tai Kingdom is Assam"নামেৰে গৱেষণা গ্ৰন্থ লিখি ডি ফিল্ড উপাধি লাভ কৰিছিল।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, প্ৰথম সংস্কৰণ ১৯৯৪, পৃষ্ঠা নং: ৮১
  2. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ‌ চেতিয়া, প্ৰথম সংস্কৰণ: ১৯৯৪, পৃষ্ঠা নং: ৮২
  3. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ‌ চেতিয়া, প্ৰথম সংস্কৰণ: ১৯৯৪, পৃষ্ঠা নং: ৮২
  4. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ‌ চেতিয়া, প্ৰথম সংস্কৰণ: ১৯৯৪, পৃষ্ঠা নং: ৮৩
  5. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ‌ চেতিয়া, প্ৰথম সংস্কৰণ: ১৯৯৪, পৃষ্ঠা নং: ৮৩