পয়েট্ৰী উইডাউট ফীয়েৰ
সম্পাদক | কল্যাণ ভূঞা, প্ৰকল্প ৰঞ্জন ভাগৱতী |
---|---|
প্ৰতিষ্ঠাপক | প্ৰকল্প ৰঞ্জন ভাগৱতী |
প্ৰথম সংখ্যা | ৩੦ এপ্ৰিল, ২੦২২ |
দেশ | ভাৰত |
ভাষা | অসমীয়া, ইংৰাজী |
ৱেবচাইট | https://poetrywithoutfear.com/ |
ISSN সংখ্যা | 2583-4258 |
পয়েট্ৰী উইডাউট ফীয়েৰ (Poetry Without Fear, ISSN 2583 4258) অসমৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰকাশিত অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন তিনিমহীয়া দ্বিভাষিক কবিতা বিষয়ক ই-আলোচনী।[1] ২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়।[2] অসমীয়া কবিতা আৰু সামগ্ৰিকভাৱে কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে এই আলোচনীখন প্ৰকাশ কৰা হৈছে৷ আলোচনীখনত অসমীয়া কবিতাৰ ইংৰাজী অনুবাদত সৰ্বাধিক গুৰুত্ব দিয়া হয়৷ লগতে কবিতা বিষয়ক প্ৰবন্ধ, সাক্ষাৎকাৰ, কবিতা-সংকলনৰ সমীক্ষা আৰু কবিতা বিষয়ক সমালোচনা আদি প্ৰকাশ কৰা হয়৷ আলোচনীখনৰ মুখ্য সম্পাদক আনন্দ বৰমুদৈ আৰু যুটীয়া সম্পাদক ক্ৰমে প্ৰকল্প ৰঞ্জন ভাগৱতী (প্ৰতিষ্ঠাপক) আৰু কল্যাণ ভূঞা৷[3]
ইতিহাস
[সম্পাদনা কৰক]২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে সাহিত্যিক নগেন শইকীয়াই গুগ’ল মীটৰ জৰিয়তে এই আলোচনীখনৰ প্ৰথম সংখ্যাটো উন্মোচন কৰে৷[4] অসমীয়া কাব্য সাহিত্যক অনুবাদৰ জৰিয়তে বহল পাঠক সমাজ এখনৰ মাজলৈ নিয়াৰ লগতে অসমীয়া ভাষাৰ কবিসকলৰ বাবে কাব্যচৰ্চাৰ ভয়-ভীতিহীন ক্ষেত্ৰ এখন প্ৰস্তুত কৰাটোৱেই আলোচনীখনৰ লক্ষ্য আৰু প্ৰকাশৰ প্ৰধান উদ্দেশ্য৷[5][6]