পলিনেছিয়াৰ শ্ৰুতিকথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পলিনেছিয়াৰ শ্ৰুতিকথাৰ দেৱতা “টিকি”।

পলিনেছিয়াৰ শ্ৰুতিকথা (ইংৰাজী: Polynesian mythology) বা পলিনেছিয়াৰ পৌৰাণিক কাহিনী হৈছে পলিনেছিয়ান ত্ৰিভুজৰ অন্তৰ্গত মধ্য আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ পলিনেছিয়াৰ জনসাধাৰণৰ মৌখিক পৰম্পৰা আৰু পলিনেছিয়ান সংস্কৃতি নামেৰে জনাজাত সিঁচৰতি সংস্কৃতিৰ পৰম্পৰাৰ অন্তৰ্গত লোককথা, শ্ৰুতিকথা আদিৰ সমষ্টি। পলিনেছিয়ানসকলৰ ভাষা সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ আশে-পাশে টংগা আৰু চামোয়া অঞ্চলত কোৱা প্ৰ’ট’-পলিনেছিয়ান হিচাপে পুনৰ্গঠিত ভাষাৰ পৰা উদ্ভৱ হৈছে।

বিৱৰণ[সম্পাদনা কৰক]

খ্ৰীষ্টীয় ১৫ শতিকাৰ আগতে পলিনেছিয়ান জনগোষ্ঠীসমূহে পূব দিশৰ কুক দ্বীপপুঞ্জ আৰু তাৰ পৰা টাহিটি আৰু মাৰ্কেছাছৰ দৰে অন্যান্য গোটৰ সৈতে সংমিশ্ৰিত হৈছিল। পিছলৈ তেওঁলোকৰ বংশধৰসকলে টাহিটিৰ পৰা ৰাপা নুউই, আৰু পিছলৈ হাৱাই আৰু নিউজিলেণ্ডৰ দ্বীপসমূহ আৱিষ্কাৰ কৰে। শেহতীয়া গৱেষণাত নিউজিলেণ্ডৰ বসতি প্ৰায় ১৩০০ খ্ৰীষ্টাব্দত হৈছিল বুলি কোৱা হৈছে। বিভিন্ন পলিনেছিয়ান ভাষাসমূহ হৈছে অষ্ট্ৰনেছিয়ান ভাষা পৰিয়ালৰ অংশ। শব্দভাণ্ডাৰ আৰু ব্যাকৰণৰ ক্ষেত্ৰত বহুতেই যথেষ্ট ঘনিষ্ঠ যাতে বিভিন্ন ভাষা কোৱা লোকৰ মাজত যোগাযোগৰ সুবিধা হয়। বিশেষকৈ সামাজিক সংগঠন, শিশু লালন-পালন, উদ্যান শস্য, নিৰ্মাণ আৰু বস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰতো বিভিন্ন গোটৰ মাজত যথেষ্ট সাংস্কৃতিক সাদৃশ্য দেখা পোৱা যায়; বিশেষকৈ তেওঁলোকৰ পৌৰাণিক কাহিনীসমূহত স্থানীয় পুনৰ্নিৰ্মাণ প্ৰদৰ্শন কৰে।

কিছুমান দ্বীপপুঞ্জত সাগৰ আৰু মাছ ধৰাৰ দেৱতা হিচাপে টাংগাৰোয়াক (Tangaroa) অতিশয় গুৰুত্ব প্ৰদান কৰা হয়।[1] আকাশ আৰু পৃথিৱীৰ বিবাহৰ কাহিনী প্ৰায়ে দেখা যায়; নিউজিলেণ্ডৰ সংস্কৰণ ৰংগি আৰু পাপা (Rangi and Papa) হৈছে পৃথিৱী আৰু ইয়াৰ সকলো বস্তুৰ জন্মদাতা।[2] সাগৰৰ তলৰ পৰা যাদুকৰী মাছ ধৰা বৰশীৰে ওপৰলৈ টানি অনা বা স্বৰ্গৰ পৰা তললৈ পেলোৱা দ্বীপৰ কাহিনীও পোৱা যায়। পলিনেছিয়াৰ শ্ৰুতিকথাত যথেষ্ট পৰিমাণে ভ্ৰমণ, প্ৰব্ৰজন, প্ৰলোভন আৰু যুদ্ধৰ কাহিনী পোৱা যায়। এই কাহিনীসমূহত মাউইৰ (Māui) নামৰ এজন বীৰ যোদ্ধাৰ কাহিনী বহুলভাৱে পৰিচিত[3], লগতে এগৰাকী ধুনীয়া দেৱী/পূৰ্বপুৰুষ হিনা বা চিনাৰ (Hina বা Sina) কাহিনীও বহুলভাৱে পৰিচিত।[4]

মৌখিক পৰম্পৰাত এই ভাগ কৰা বিষয়বস্তুৰ উপৰিও প্ৰতিটো দ্বীপৰ নিজস্ব অৰ্ধদেৱতা আৰু সংস্কৃতিৰ নায়কৰ কাহিনী আছে আৰু এই কাহিনীবোৰত ক্ৰমান্বয়ে স্মৰণীয় ইতিহাসৰ দৃঢ় ৰূপৰেখাত ছাঁ পৰিছে। এনে কাহিনীবোৰ প্ৰায়ে বিভিন্ন ভৌগোলিক বা পৰিৱেশগত বৈশিষ্ট্যৰ সৈতে জড়িত আছিল, যিবোৰক অলৌকিক সত্তাৰ অৱশিষ্ট বুলি বৰ্ণনা কৰা হয়।

লিখিত ৰূপ[সম্পাদনা কৰক]

বিভিন্ন পলিনেছিয়ান সংস্কৃতিৰ প্ৰত্যেকৰে সুকীয়া কিন্তু সম্পৰ্কীয় মৌখিক পৰম্পৰা আছে। পৰম্পৰাগতভাৱে প্ৰাচীন যুগৰ ইতিহাস আৰু দেৱতা তথা দেৱীকৃত পূৰ্বপুৰুষৰ দুঃসাহসিক অভিযানৰ পুনৰাবৃত্তি কৰিবলৈ কিংবদন্তি বা শ্ৰুতিকথাবোৰক বিবেচনা কৰা হয়। বিৱৰণীসমূহৰ বৈশিষ্ট্য হৈছে ৰূপক, উপমা, দৃষ্টান্ত, অতিৰঞ্জন আৰু ব্যক্তিত্বৰ ব্যাপক ব্যৱহাৰ। মৌখিকতাৰ এটা অপৰিহাৰ্য নমনীয়তা আছে যিটো লিখাত পৰম্পৰাত দেখা পোৱা নাযায়। মৌখিক পৰম্পৰাত কোনো এটা কাহিনীৰ কোনো নিৰ্দিষ্ট সংস্কৰণ নাথাকে। পৰিৱেশ অনুসৰি, আৰু কথক আৰু দৰ্শকৰ প্ৰয়োজন অনুসৰি কাহিনীটো কিছুমান নিৰ্দিষ্ট সীমাৰ ভিতৰত সলনি হ’ব পাৰে। ইতিহাসৰ আধুনিক বিদ্বান ধাৰণাটোৰ বিপৰীতে য’ত অতীতৰ জ্ঞানে বৰ্তমানৰ বিষয়ে ভালদৰে বুজিবলৈ সহায় কৰে, মৌখিক সাহিত্যৰ উদ্দেশ্য হৈছে বৰ্তমানৰ পৰিস্থিতিক ন্যায্যতা প্ৰদান আৰু বৈধতা প্ৰদান কৰা।

লিখিত সমল পৰম্পৰাসমূহৰ তথ্য সংৰক্ষণ আৰু মনত ৰখাৰ প্ৰাথমিক মাধ্যম হৈ পৰাৰ লগে লগে এই প্ৰক্ৰিয়াটো বিঘ্নিত হ’বলৈ ধৰে। মিছনেৰী, বিষয়া, নৃতত্ত্ববিদ বা নৃতাত্ত্বিকসকলে যেতিয়া এই বিৱৰণীসমূহ সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল, তেতিয়াই এই পৰম্পৰাবোৰৰ স্বভাৱ সলনি হৈছিল। পূৰ্বতে প্ৰায় অসীম তাৰতম্যৰ আওতাত থকা কথাবোৰ কাগজত চিৰদিনৰ বাবে লিপিবদ্ধ কৰি তেওঁলোকে এটা নিৰ্দিষ্ট মুহূৰ্তত এজন কথকে কোৱা এটা বিৱৰণীক কৰ্তৃত্বশীল সংস্কৰণ হিচাপে নিৰ্ধাৰণ কৰিলে। নিউজিলেণ্ডত এজন মুখিয়াল উইৰেমু টে ৰংকাহেকেৰ লেখাই গৱৰ্ণৰ জৰ্জ গ্ৰেৰ পলিনেছিয়ান পৌৰাণিক কাহিনীৰ বহুখিনিৰ ভিত্তি গঠন কৰিছিল, যিখন কিতাপে আজিও বহুতো বিখ্যাত মাওৰী কিংবদন্তিৰ বাস্তৱিক চৰকাৰী সংস্কৰণ প্ৰদান কৰে।

কিছুমান পলিনেছিয়ান লোকে এই নতুন প্ৰকাশভংগীৰ বিপদ আৰু সম্ভাৱনাৰ বিষয়ে সচেতন হোৱা যেন লাগে। ১৯ শতিকাৰ মাজভাগলৈকে তেওঁলোকৰ কেইবাজনেও নিজৰ বংশাৱলী, ইতিহাস আৰু নিজৰ জনগোষ্ঠীৰ উৎপত্তি লিপিবদ্ধ কৰিছিল। "পুকাপুকা ৱাকাপাপা" (pukapuka whakapapa; মাওৰী বংশাৱলীৰ কিতাপ) নামেৰে বা গ্ৰীষ্মমণ্ডলীয় পলিনেছিয়াত "পুটা টুমু" (puta tumu; উৎপত্তিৰ কাহিনী) বা "পুটা টুপুনা" (puta tūpuna; পূৰ্বপুৰুষৰ কাহিনী) নামেৰে জনাজাত এই লেখাবোৰ ঘৰৰ মুৰব্বীসকলে সংৰক্ষণ কৰি ৰাখিছিল। ইয়াৰে বহুতো সমল বৰ্তমান হেৰাই গ’ল বা ধ্বংস হ’ল। ১৮৯০ চনত ৰাৰোটংগানৰ এজন মুখিয়াল মাকিয়া টাকাউৱে তেওঁৰ জনগোষ্ঠীক নিজৰ পৰিয়ালৰ কিতাপখন বাদ দি তেওঁলোকৰ সকলো পৰিয়ালৰ কিতাপ জ্বলাই দিবলৈ নিৰ্দেশ দিছিল। ফলত মাকিয়া টাকাউৰ সংস্কৰণটো মূল সুতিৰ আনুষ্ঠানিক ইতিহাস হৈ পৰে, যাৰ ফলত মতানৈক্যৰ সম্ভাৱনা আঁতৰি যায়। তেওঁৰ অনুৰোধত ইয়াৰ উদ্ধৃতিসমূহ “জাৰ্নেল অৱ দ্য পলিনেছিয়ান ছ'চাইটি”ত প্ৰকাশ কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Cressey, Jason (1998). "Making a Splash in the Pacific: Dolphin and Whale Myths of Oceania". islandheritage.org. http://islandheritage.org/wordpress/wp-content/uploads/2010/06/RNJ_12_3_Cressey.pdf. 
  2. Mitchell, Hilary and John (2004). History of Māori of Nelson and Marlborough. প্ৰকাশক Wellington: Huia Publishers. পৃষ্ঠা. 18. ISBN 1-86969-087-7. https://books.google.com/books?id=mFb8fALKJuIC&dq=ranginui+and+papatuanuku&pg=PA18. 
  3. Craighill Handy 1927: 118
  4. Stokes, J. F. G., Heiau of Molokai. 1909 in MS. The Ancient Worship of the Hawaiian Islanders, edited by W. T. Bringham. Archives, B.P. Bishop Museum, Honolulu.