পল্লৱ ৰাজবংশ
পল্লৱ সাম্ৰাজ্য | |||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ২৭৫ খ্ৰীষ্টাব্দ275 CE–৮৯৭ খ্ৰীষ্টাব্দ | |||||||||||||||
Pallava territories during Narasimhavarman I প্ৰায় 645. This includes the Chalukya territories occupied by the Pallavas.[1] | |||||||||||||||
| স্থিতি | সাম্ৰাজ্য | ||||||||||||||
| ৰাজধানী | কাঞ্চিপুৰম | ||||||||||||||
| ভাষা | |||||||||||||||
| ধৰ্ম | Hinduism, Jainism, Buddhism | ||||||||||||||
| Demonym | পল্লৱাৰ | ||||||||||||||
| Government | ৰাজতন্ত্ৰ | ||||||||||||||
• 275–300 |
Simhavarman I | ||||||||||||||
• 885–897 |
Aparajitavarman | ||||||||||||||
| Historical era | Classical India | ||||||||||||||
• Established |
২৭৫ খ্ৰীষ্টাব্দ275 CE | ||||||||||||||
• Disestablished |
৮৯৭ খ্ৰীষ্টাব্দ | ||||||||||||||
| |||||||||||||||
| Today part of | India Sri Lanka[4] | ||||||||||||||
পল্লৱ ৰাজবংশ (ইংৰাজী: Pallava dynasty) দাক্ষিণাত্যৰ এক উল্লেখযোগ্য অংশৰ বা টোণ্ডাইমণ্ডলমৰ শাসক আছিল। ২৭৫ খ্ৰীষ্টাব্দৰ পৰা ৮৯৭ খ্ৰীষ্টাব্দলৈকে এই ৰাজবংশৰ অস্তিত্ব আছিল।[5][6] সাতবাহন ৰাজবংশৰ পতনৰ পিছত এই বংশটোৱে প্ৰাধান্য লাভ কৰে। ইয়াৰ পূৰ্বে পল্লৱসকল সাতবাহন ৰাজবংশৰ সামন্ত আছিল।[7][8]
প্ৰথম মহেন্দ্ৰবৰ্মন (৬০০–৬৩০ খ্ৰীষ্টাব্দ) আৰু প্ৰথম নৰসিংহবৰ্মনৰ (৬৩০–৬৬৮ খ্ৰীষ্টাব্দ) ৰাজত্বকালত পল্লৱসকলে দক্ষিণ ভাৰতৰ এটা প্ৰধান শক্তিত পৰিণত হয় আৰু প্ৰায় ৬০০ বছৰ ধৰি নৱম শতিকাৰ শেষলৈ দক্ষিণ অন্ধ্ৰ আৰু তামিল অঞ্চলৰ উত্তৰ অংশত আধিপত্য বিস্তাৰ কৰিছিল। সমগ্ৰ ৰাজত্বকালত তেওঁলোকে উত্তৰত বাদামীৰ চালুক্য, আৰু দক্ষিণত চোল আৰু পাণ্ডিয়াসকলৰ তামিল ৰাজ্যৰ সৈতে অহৰহ সংঘাতত লিপ্ত হৈ আছিল। শেষত গৈ খ্ৰীষ্টপূৰ্ব নৱম শতিকাত চোল শাসক প্ৰথম আদিত্যৰ হাতত পল্লৱসকল পৰাস্ত হয়।[9]
পল্লৱসকল হিন্দু মন্দিৰৰ স্থাপত্যৰ পৃষ্ঠপোষকতাৰ বাবে আটাইতকৈ বিখ্যাত। ইয়াৰ উত্তম উদাহৰণ হ’ল মামল্লাপুৰম বা মহাৱলীপুৰমৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যবাহী স্থান তটীয় মন্দিৰ। পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল কাঞ্চীপুৰম। এই ৰাজবংশই বহুতো সুন্দৰ ভাস্কৰ্য্য আৰু মন্দিৰ তৈয়াৰ কৰি গৈছে। তেওঁলোকক মধ্যযুগীয় দক্ষিণ ভাৰতীয় স্থাপত্যৰ ভেটি স্থাপন কৰা বুলি স্বীকৃতি দিয়া হয়; যাক কিছুমান পণ্ডিতে প্ৰাচীন হিন্দু গ্ৰন্থ মানসাৰাৰ দ্বাৰা অনুপ্ৰাণিত বুলি বিশ্বাস কৰে।[10] তেওঁলোকে পল্লৱ লিপি বিকশিত কৰিছিল। এই লিপিয়ে আন বহু লিপিৰ, যেনে দক্ষিণ-পূব এছিয়াৰ খ্মেৰ আদি লিপিৰ জন্ম দিয়ে। চীনা ভ্ৰমণকাৰী জুয়ানজাঙে পল্লৱ শাসনৰ সময়ত কাঞ্চিপুৰম ভ্ৰমণ কৰি তেওঁলোকৰ সৌহাৰ্দ্যপূৰ্ণ শাসনৰ প্ৰশংসা কৰি গৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Schwartzberg, Joseph E. (1978). A Historical atlas of South Asia. প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 146, map XIV.2 (e). ISBN 0226742210. Archived from the original on 2021-02-24. https://web.archive.org/web/20210224144259/https://dsal.uchicago.edu/reference/schwartzberg/pager.html?object=183। আহৰণ কৰা হৈছে: 2024-01-04.
- ↑ Vaidya C.V., Medieval History of Hindu India Volume 1, pg.281
- ↑ A Manual of the Kistna District, in the Presidency of Madras
- ↑ Ancient Jaffna: Being a Research Into the History of Jaffna from Very Early Times to the Portuguese Period, C. Rasanayagam, p.241, Asian Educational Services 1926
- ↑ Sen, Aloka Parasher (2021-02-28), "Defining the Early Deccan: A Re-think*", Settlement and Local Histories of the Early Deccan (Routledge): pp. 39–60, doi:10.4324/9781003155607-2, http://dx.doi.org/10.4324/9781003155607-2, আহৰণ কৰা হৈছে: 2023-05-14
- ↑ Francis, Emmanuel (2021-10-28). "Pallavas". The Encyclopedia of Ancient History: 1–4. doi:10.1002/9781119399919.eahaa00499. http://dx.doi.org/10.1002/9781119399919.eahaa00499.
- ↑ The journal of the Numismatic Society of India, Volume 51, p.109
- ↑ Alī Jāvīd and Tabassum Javeed. (2008). World heritage monuments and related edifices in India, p.107 [1]
- ↑ Gabriel Jouveau-Dubreuil, The Pallavas, Asian Educational Services, 1995 - Art, Indic - 86 pages, p. 83
- ↑ Past and present: Manasara (English translation), https://www.wisdomlib.org/hinduism/book/manasara-english-translation
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত Pallava Empire সম্পৰ্কীয় মিডিয়া ফাইল।