পল্লৱ ৰাজবংশ
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পল্লৱ ৰাজবংশ (ইংৰাজী: Pallava dynasty) দাক্ষিণাত্যৰ এক উল্লেখযোগ্য অংশৰ বা টোণ্ডাইমণ্ডলমৰ শাসক আছিল। ২৭৫ খ্ৰীষ্টাব্দৰ পৰা ৮৯৭ খ্ৰীষ্টাব্দলৈকে এই ৰাজবংশৰ অস্তিত্ব আছিল। সাতবাহন ৰাজবংশৰ পতনৰ পিছত এই বংশটোৱে প্ৰাধান্য লাভ কৰে। ইয়াৰ পূৰ্বে পল্লৱসকল সাতবাহন ৰাজবংশৰ সামন্ত আছিল।
প্ৰথম মহেন্দ্ৰবৰ্মন (৬০০–৬৩০ খ্ৰীষ্টাব্দ) আৰু প্ৰথম নৰসিংহবৰ্মনৰ (৬৩০–৬৬৮ খ্ৰীষ্টাব্দ) ৰাজত্বকালত পল্লৱসকলে দক্ষিণ ভাৰতৰ এটা প্ৰধান শক্তিত পৰিণত হয় আৰু প্ৰায় ৬০০ বছৰ ধৰি নৱম শতিকাৰ শেষলৈ দক্ষিণ অন্ধ্ৰ আৰু তামিল অঞ্চলৰ উত্তৰ অংশত আধিপত্য বিস্তাৰ কৰিছিল। সমগ্ৰ ৰাজত্বকালত তেওঁলোকে উত্তৰত বাদামীৰ চালুক্য, আৰু দক্ষিণত চোল আৰু পাণ্ডিয়াসকলৰ তামিল ৰাজ্যৰ সৈতে অহৰহ সংঘাতত লিপ্ত হৈ আছিল। শেষত গৈ খ্ৰীষ্টপূৰ্ব নৱম শতিকাত চোল শাসক প্ৰথম আদিত্যৰ হাতত পল্লৱসকল পৰাস্ত হয়।
পল্লৱসকল হিন্দু মন্দিৰৰ স্থাপত্যৰ পৃষ্ঠপোষকতাৰ বাবে আটাইতকৈ বিখ্যাত। ইয়াৰ উত্তম উদাহৰণ হ’ল মামল্লাপুৰম বা মহাৱলীপুৰমৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যবাহী স্থান তটীয় মন্দিৰ। পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল কাঞ্চীপুৰম। এই ৰাজবংশই বহুতো সুন্দৰ ভাস্কৰ্য্য আৰু মন্দিৰ তৈয়াৰ কৰি গৈছে। তেওঁলোকক মধ্যযুগীয় দক্ষিণ ভাৰতীয় স্থাপত্যৰ ভেটি স্থাপন কৰা বুলি স্বীকৃতি দিয়া হয়; যাক কিছুমান পণ্ডিতে প্ৰাচীন হিন্দু গ্ৰন্থ মানসাৰাৰ দ্বাৰা অনুপ্ৰাণিত বুলি বিশ্বাস কৰে। তেওঁলোকে পল্লৱ লিপি বিকশিত কৰিছিল। এই লিপিয়ে আন বহু লিপিৰ, যেনে দক্ষিণ-পূব এছিয়াৰ খ্মেৰ আদি লিপিৰ জন্ম দিয়ে। চীনা ভ্ৰমণকাৰী জুয়ানজাঙে পল্লৱ শাসনৰ সময়ত কাঞ্চিপুৰম ভ্ৰমণ কৰি তেওঁলোকৰ সৌহাৰ্দ্যপূৰ্ণ শাসনৰ প্ৰশংসা কৰি গৈছে।