পাঠ্যক্ৰম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

পাঠ্যক্ৰম (ইংৰাজী: Curriculum) হৈছে শিক্ষাদান প্ৰক্ৰিয়াৰ আধাৰ। 'curriculum' শব্দটো লেটিন ভাষাৰ পৰা উদ্ভৱ হৈছে। 'curriculum' শব্দটো লেটিন 'currere' শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ দৌৰা বা লক্ষ্যত উপনীত হ'বলৈ কৰা এটা ব্যৱস্থা। সাধাৰণ ভাৱে পাঠ্যক্ৰমৰ অৰ্থ হৈছে পাঠৰ লগত থকা বিষয় বস্তুৰ সমষ্টি, যাক শিক্ষা খণ্ডত বিষয়াসকলে শিক্ষা দি থাকিবৰ কাৰণে কৰা এটা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নিৰ্দিষ্টৰ লক্ষ্যত উপনীত হ'বলৈ তৈয়াৰ কৰাৰ এক ব্যৱস্থা।

শিক্ষাৰ সকলো লক্ষ্য আদৰ্শ, আশা, আকাংশা আৰু প্ৰয়োজন আদি পাঠ্যক্ৰমত বিবেচনা কৰিব লগা হয়। ইয়াৰ লগতে অতিত বৰ্তমান আৰু ভৱিষ্যতৰ সকলো কথা সাৱধানে বিচাৰ কৰিব লাগে। শিক্ষাৰ যোগেদি মানুহৰ ক্ৰমবিকাশৰ গতি কেনেধৰণে লৈ যোৱা হয় আৰু কি ধৰণে লৈ যোৱা হয় সেই সকলোবোৰ কথা পাঠ্যক্ৰমত জড়িত হৈ থাকে। এখন বিকাশশীল সমাজৰ অবিৰত বিকাশ প্ৰক্ৰিয়া এই পাঠ্যক্ৰমৰ ওপৰতেই নিৰ্ভৰশীল। সময়ৰ প্ৰভাৱ অনুসৰি সমাজৰ বৰ্তমানৰ প্ৰয়োজন ভৱিষ্যতৰ আশা-আকাংশা, জীৱনৰ লক্ষ্য, আদৰ্শ আদি সামূহিক বিবেচনাৰ ঠাই পাঠ্যক্ৰমত পাব লাগে। ভৱিষ্যতে আমি কেনে জীৱন আশা কৰো, কেনেধৰণে উন্নতি বিচাৰো, অতিতৰ কেনে অভিজ্ঞতা আমাৰ বৰ্তমানৰ বাবে প্ৰয়োজন, কোনবোৰ নতুন অভিজ্ঞতা আমাৰ গ্ৰহণযোগ্য সেইবোৰ কথা দাৰ্শনিকভাৱে পাঠ্যক্ৰমৰ প্ৰস্তুতিৰ লগত জড়িত। পাঠ্যক্ৰম হৈছে মানুহৰ বিকাশৰ দিশ দৰ্শনকাৰী এক ব্যৱস্থা।[1]

সংজ্ঞা[সম্পাদনা কৰক]

  • ১৯৫৩-৫৪ চনৰ মাধ্যমিক শিক্ষা আয়োগে দিয়া সংজ্ঞা বিশেষ ভাবে উল্লেখযোগ্য। আয়োগৰ মতে গতানুগতিকভাবে শিকোৱা বিষয় বোৰকেই পাঠ্যক্ৰম বুলিব নোৱাৰি। স্কুল আৰু ইয়াৰ শ্ৰেণী শ্ৰেণীকোঠা সমূহ, পুথি ভড়াল, পৰীক্ষাগাৰ, কৰ্ম শলা, খেলপথাৰ আৰু বিভিন্ন ক্ষেত্ৰত ছাত্ৰ শিক্ষকৰ সংস্পৰ্শত ছাত্ৰই লাভ কৰা বহুমুখী শিক্ষাৰ সামুহিক অভিজ্ঞতাকেইই পাঠ্যক্ৰম বুলি কোৱা হয়।
  • শিক্ষা দাৰ্শনিক ফ্ৰৱেলৰ মতে পাঠ্যক্ৰমৰ ব্যাপক দিশৰ সংজ্ঞা দি কয় যে মানৱ জাতিৰ সমগ্ৰ জ্ঞান অভিজ্ঞতাৰ সাৰাংস স্বৰূপ অৱস্থাকেই পাঠ্যক্ৰম বুলি কোৱা হয়।[1]

পাঠ্যক্ৰমৰ দিশ[সম্পাদনা কৰক]

শিক্ষাবিদ সকলে পাঠ্যক্ৰমক সংকীৰ্ণ আৰু বহল এই দুয়োটা দিশৰ পৰা বিবেচনা কৰিছে। সংকীৰ্ণ অৰ্থত পাঠ্যক্ৰম হৈছে বিদ্যায়তনিক বিষয়ৰ সমষ্টি। নিদিষ্ট শৈক্ষিক সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব পৰা অধ্যয়নৰ বিষয়সূচী বা কাৰ্যসূচী হৈছে বৰ্তমান সীমিত বা সংযত অৰ্থৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰম নিৰ্দিষ্ট শিক্ষা কৰ্তীপক্ষই প্ৰস্তুত আৰু নিৰ্ধাৰণ কৰে। শিক্ষাৰ্থী সকলৰ নিৰ্ধাৰিত সময়ৰ ভিতৰতে সকলো কাৰ্য সম্পূৰ্ণ হ'ব লাগে। সকলো মূল্যায়ণৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ শৈক্ষিক কৃতকাৰ্য্যতা বা অকৃতকাৰ্য্যতা বিচাৰ কৰি যোগ্যতাৰ সাজিক স্বৃকীতি প্ৰদান কৰা হয়। এই হৈছে সংকীৰ্ণ বা সীমিত অৰ্থ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত ছাত্ৰ শিক্ষক সকলোৱে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সীমা নিৰ্ধাৰণ কৰা থাকে।[1]

পাঠ্যক্ৰমৰ নতুন ধাৰণা হৈছে বহল। এই পাঠ্যক্ৰমৰ ব্যৱস্থাই শিক্ষাৰ্থী সকলৰ সমগ্ৰ অভিজ্ঞতাৰ অন্তভূক্ত কৰে। যি শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ শ্ৰেণীকোঠা, পুথি ভড়াল, পৰীক্ষাগাৰ, কৰ্ম শলা আৰু শিক্ষাৰ সৈতে সংযোগ ঘটা বিভিন্ন দিশৰ জ্ঞান আহৰণ কৰে তেনে শিক্ষাই হৈছে বহল পাঠ্যক্ৰমৰ অন্তভূক্ত। গঠন আৰু ধৰণৰ দিশৰ পৰা এনে পাঠ্যক্ৰম কঠোৰ নহয়। ই বিভিন্ন বয়সৰ শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। বিখ্যাত জাৰ্মান শিক্ষাবিদ ফ্ৰৱেলৰ মতে মানৱ জাতিৰ সমগ্ৰ জ্ঞান আৰু অভিজ্ঞতাৰ সংক্ষিপ্ত হাৰ হিচাপে পাঠ্যক্ৰমক বিবেচনা কৰা উচিত। ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ প্ৰয়োজনীয় ব্যক্তিত্ব গুণ সমূহ সফলভাবে বিকশাই তুলিবলৈ আৰু সমাজৰ সুনাগৰিক স্বৰূপে নিজকে প্ৰতিষ্ঠিত কৰি তুলিবৰ কাৰণে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ সীমিত অধ্যয়নেই যথেষ্ট নহয়। ছাত্ৰ-ছাত্ৰীক দিব পৰা বিদ্যালয়ৰ সম্ভাব্য জ্ঞান অভিজ্ঞতা বহল দৃষ্টি-ভংগীৰে সামগ্ৰীক ৰূপত বিবেচনা কৰিব লাগে। বৰ্তমান শ্ৰেণীৰ বাহিৰে-ভিতৰে দিব পাৰা সামগ্ৰীক ভাবে জ্ঞান অভিজ্ঞতা বহল পৰিসৰৰ হ' ব লাগে যাতে এনে পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে যোগ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Trainer's of DIET,DARRANG