পানী লতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পানী লতা Cissus repanda
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Tracheophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Vitales
পৰিয়াল: Vitaceae
গণ: Cissus
প্ৰজাতি: Cissus repanda
সমাৰ্থক

Vitis wightiana Wall.
Vitis wallichii Kurz
Vitis rosea Royle
Vitis repanda (Vahl.) Wight & Arn.
Vitis laeta Wall.
Vitis fluminicola Steud.
Vitis angulata Kurz
Rinxostylis repanda (Vahl.) Rafin.
Cissus roseus Royle
Cissus rosea (Royle) Walp.
Cissus riparia Laws.
Cissus indica Rottl.
Cissus indica Koen. ex Steud.
Cissus glauca Thw.
Cissus aquosa Buch.-Ham. ex Wall.

পানী লতা (বৈজ্ঞানিক নাম: Cissus repanda) এম্পেলিকেচি (Ampelicaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ প্ৰকাণ্ড আকাৰৰ আৰোহী গুল্ম৷ এই লতা প্ৰধানকৈ নামনি অসমৰ শালনি হাবিবোৰত পোৱা যায়৷ লতাডাল দুটুকুৰা কৰিলে বহু পৰিমাণৰ পানী ওলায়৷ হাবিত কাম কৰা মানুহে এই পানী খাই পিয়াহ পলুৱায় বুলি জনা যায়৷[1]

বিৱৰণ[সম্পাদনা কৰক]

নতুনকৈ ওলোৱা কুমলীয়া অংশ নোমেৰে আবৃত৷ কাণ্ড কোমল, পৰ্য্যাপ্তভাৱে ছিদ্ৰ থাকে, পুৰঠ হ’লে মৌচাকৰ দৰে জালিযুক্ত সোপোকা হয়৷

পাত সৰল, দীঘ-পুতল ক্ৰমে প্ৰায় ১২ ছেমি আৰু ৭ ছেমি৷পাতৰ আকৃতি উপবৃত্তকাৰ আৰু গভীৰ ভাৱে হৃদয়াকাৰ হয়৷ পাত দেখিবলৈ কেতিয়াবা সপ্ত-কোণাকাৰ বালতিকাৰ, দন্তাকাৰ অথবা কৰতাকাৰ, হ্ৰস্ব কুশাগ্ৰী, পাতল, লোমবিহীন সিৰ সামান্য কেশযুক্ত হয়৷ পাতৰ আধাৰিত সিৰ ৫ ডাল, ইয়াৰে প্ৰথম সিৰ মূলতে শাখাযুক্ত, মাধ্যমিক সিৰ ৪-৬, খীণাকাৰ, সামান্যভাৱে ভাঁজখোৱা৷ পাত্ৰবৃণ্ড ৮-১৩ ছেমি দীঘল৷ উপপত্ৰ প্ৰায় স্বতন্ত্ৰ, কেশযুক্ত, দীৰ্ঘায়তাকাৰ, গোল আৰু কেতিয়বা কাঁচিৰ আকাৰৰ হোৱা দেখা যায়৷

পুষ্পক্ৰম পত্ৰাভিমুখ, কোমল,কেশপূৰ্ণ, সঘন ছত্ৰাকাৰ, সমশীৰ্ষাকাৰভাৱে খতিত, সৰ্বশেষৰ কক্ষত বিকশিত ছত্ৰবিন্যাসে নিচেই কমেও ২০ পাহ ফুল ধাৰণ কৰে৷ পুষ্পবৃন্ত প্ৰায় ৬ ছেমি দীৰ্ঘ, কামিহাড় ওলোৱা, কেশযুক্ত, বৃতি আৰু বৃতিকা ক্ষুদ্ৰাকাৰ৷

ফুলৰ বৰণ ৰঙচুৱাকৈ মুগা, চাৰি পহীয়া, উভয়লিংগী৷ পাহি ডিম্বাকাৰ, দীৰ্ঘয়তাকাৰ, শীৰ্ষবিন্দু মুণ্ডাকাৰ কেশযুক্ত৷ চকা-চাৰি লতিকা ধাৰী৷ ফল এক বীজধাৰী৷[2]

তথ্যউৎস[সম্পাদনা কৰক]

  1. ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ