পাফু ছিৰিজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাফু ছিৰিজ অসমীয়া ডিটেকটিভ সাহিত্যৰ কিছুমান থ্ৰিলাৰ উপন্যাসৰ সমষ্টি।[1] এই ছিৰিজটোত মুঠ ২২খন কিতাপ আছে। ইয়াৰ লেখক আছিল প্ৰেমনাৰায়ণ।[1] ১৯৪৬ চনত পাফু ছিৰিজৰ প্ৰথমটো খণ্ড ‘দিন ডকাইত’ লিখি উলিওৱা প্ৰেমনাৰায়ণৰ আচল নাম আছিল প্ৰেমনাৰায়ণ দত্ত[1] এই ছিৰিজটি প্ৰকাশ কৰি উলিয়াইছিল গুৱাহাটীৰ পাণবজাৰৰ ‘মণি-মাণিক’ প্ৰকাশে।[1] ইয়াৰে প্ৰথম পুথি ‘দিন ডকাইত' প্ৰথম প্ৰকাশ হয় ১৯৪৬ চনত,[1] ষষ্ঠ প্ৰকাশ ২০১৫ চনত। ষষ্ঠ প্ৰকাশৰ মুদ্ৰণ চিত্ৰাচল প্ৰিণ্টাৰ্ছ, শিলপুখুৰী, গুৱাহাটী।

কাহিনীবোৰৰ মূল চৰিত্ৰ হ’ল ‘পাফু’ নামৰ এটা দল যি দুখীয়া, নিষ্পেষিত জনগণৰ প্ৰতি সদা দয়ালু কিন্তু অপৰাধীবোৰৰ প্ৰতি অতি নিষ্ঠুৰ। পাফুদলক ধৰিবলৈ সদা সষ্টম এক পুলিছ আৰু চোৰাংচোৱা বাহিনী এই কাহিনীৰ অন্যতম চৰিত্ৰ।

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

পাফু দল
  • পাৰ্বতী ফুকন
  • কেপ্টেন ভীমসেন
  • উগ্ৰগতি
  • পাৰ্থ সিং
  • হেমিল্টন
  • মালতী
  • ডা° নকুল ৰায়
  • মাধৱ
  • বিকাশ দেউৰী
পুলিছ আৰু চোৰাংচোৱা দল
  • মিষ্টাৰ ডেভিদ
  • আনন্দমোহন ডাওৰা
  • নগেন্দ্ৰ শইকীয়া
  • মিষ্টাৰ হেলেম
  • মুকুল বৰ্মন
  • মধুসূদন নাথ

পাফু ছিৰিজৰ উপন্যাসসমূহ[সম্পাদনা কৰক]

  • দিনডকাইত
  • ৰামটাঙোন
  • নাৰীদস্যু
  • প্ৰহেলিকা
  • বিভীষিকা
  • সোণৰ পাহাৰ
  • দৰ্পচূৰ্ণ
  • বিপ্লৱী বাহিনী
  • শক্তিশেল
  • মাধমাৰ
  • ৰূপান্তৰ
  • অদৃশ্য সন্ধান
  • চিপজৰী
  • সমসৰী
  • অজান আততায়ী
  • প্ৰতিঘাত
  • ছায়াবাজী
  • বিপৰ্য্যয়
  • পাষণ্ড মৰ্দন
  • জোঁটপোট
  • বাজীকৰ
  • জাগৰণ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]