সমললৈ যাওক

পামেলা ৰুক্‌ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পামেলা ৰুক্‌ছ
জন্ম পামেলা জুনেজা
১৯৫৮
কলিকতা, ভাৰত
মৃত্যু ১ অক্টোবৰ ২০১০
নতুন দিল্লী, ভাৰত
পেচা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৯২–২০০৫
দাম্পত্যসঙ্গী কনৰাড ৰুকছ, (বিচ্ছেদিত, ১৯৮৫)

পামেলা ৰুক্‌ছ (ইংৰাজী: Pamela Rooks, ১৯৫৮ – ১ অক্টোবৰ ২০১০) আছিল এগৰাকী ভাৰতীয় ছবি পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ১৯৯৮ চনত মুক্তিলাভ কৰা 'ট্ৰেইন টু পাকিস্তান' শীৰ্ষক ছবিখনৰ বাবে তেখেত সুপৰিচিত। এই ছবিখনৰ পটভূমি আছিল ভাৰতৰ বিভাজন আৰু ছবিখনৰ আধাৰগ্ৰন্থ আছিল খুছৱন্ত সিঙৰ একে নামৰ উপন্যাস। ছবিখন পৃথিৱীৰ অনেক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। পামেলা ৰুক্‌ছে 'মিছ বিটিছ ছিলড্ৰেন' (১৯৯২), 'ডেন্স লাইক এ মেন' (২০০৩)-ৰ দৰে ছবি নিৰ্মাণ কৰাৰ লগতে আন কেইবাখনো মূল্যৱান তথ্যচিত্ৰ নিৰ্মাণ কৰিছে আৰু একাংশ কৰ্মৰ বাবে বঁটা-বাহনেৰে সন্মানীতও হৈছে।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পামেলা ৰুক্‌ছৰ জন্মতে নাম আছিল পামেলা জুনেজা। তেখেতৰ পিতৃ আছিল কৰ্ণেল এ. এন. জুনেজা আৰু মাতৃ আছিল গুডি জুনেজা। পামেলাই নাইনিতাল আৰু ছিমলাৰ বৰ্ডিং স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। শিক্ষাগ্ৰহণৰ সময়ছোৱাতেই তেখেত নাটকৰ প্ৰতি আকৃষ্ট হৈ উঠে।[2] পৰৱৰ্তী সময়ত ১৯৭০ৰ দশকত দিল্লীত গণমাধ্যমৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা অৱস্থাত পামেলাই দিল্লীস্থ থিয়েটাৰ গোষ্ঠী 'থিয়েটাৰ একছন গ্ৰুপ' (TAG)-ৰ লগত জড়িত হৈ পৰে। এইটো গোষ্ঠীৰ প্ৰতিষ্ঠাতা আছিল থিয়েটাৰ পৰিচালক বেৰিজন আৰু সিদ্ধাৰ্থ বসু, ৰোশন শেঠ, লিলেট ডুবেই, মীৰা নায়াৰ আদি।[3][4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

পামেলাই এগৰাকী সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু টেলিভিছনৰ পৰ্দাত সাম্প্ৰতিক জ্ঞান (Current affairs)-ৰ কাৰ্যসূচী পৰিৱেশন কৰে। তেনে এটা সময়তে, এটা সাক্ষাৎকাৰৰ মুহূৰ্তত পামেলাই পৰিচালক কনৰাড ৰুকছক লগ পায়। ১৯৭২ চনত মুক্তিলাভ কৰা আৰু সমাদৃত হোৱা কথাছবি 'সিদ্ধাৰ্থ'ৰ বাবে কনৰাড ৰুকছে পৰিচয় লাভ কৰিছিল। কনৰাডৰ লগতে পামেলাই বৈবাহিক জীৱন আৰম্ভ কৰে।[4][5]

পামেলাই এগৰাকী তথ্যচিত্ৰৰ পৰিচালক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে আৰু 'Chipko: A response to the forest crisis' আৰু 'Girl Child: fighting for survival'ৰ দৰে তথ্যচিত্ৰৰ বাবে চৰ্চালৈ আহে।[5] ১৯৯২ চনত তেখেতে প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কাহিনীমূলক চলচ্চিত্ৰ নিৰ্মাণ কৰে। যাৰ নাম আছিল-'Miss Beatty's Children'। চিনেমাখনৰ আধাৰ হৈছে তেখেতৰ দ্বাৰা লিখিত একে নামৰ উপন্যাস।[6] ছবিখনৰ জৰিয়তে পামেলাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ নৱাগতা পৰিচালকৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰে।[7] ১৯৯৮ চনত পামেলাই খুছৱন্ত সিঙৰ উপন্যাসৰ আধাৰত "ট্ৰেইন টু পাকিস্তান" নামৰ বহুলসমাদৃত ছবিখন নিৰ্মাণ কৰি উলিয়ায়।[8]

২০০৫ চনত পামেলাই সহ-লেখক আৰু চিত্ৰনাট্যকাৰ হিচাপে কাম কৰা 'ডেন্স লাইক এ মেন' নামৰ ছবিখনে মুক্তিলাভ কৰে।[9][10][11]

২০০৫ চনৰ নৱেম্বৰ মাহত পামেলা এটি মটৰ দুৰ্ঘটনাত পতিত হৈ পাঁচ বছৰ পৰ্যন্ত ক'মাত থাকে।[12][13] তেখেতে কোমাৰ পৰা কেতিয়াও উদ্ধাৰ নাপালে আৰু ২০১০ চনৰ ১ অক্টোবৰ তাৰিখে ৫২ বছৰ বয়সত তেখেতে মৃত্যুক সাবটি ল'লে।[1]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 "After 5 years in coma, Pamela Rooks dies". Indian Express. 3 October 2010. http://www.indianexpress.com/news/After-5-years-in-coma--Pamela-Rooks-dies/691709. 
  2. 'India today', Volume 24. Thomson Living Media India Ltd., 1999. p. 38'
  3. The drama of Barry John's life Divya Vasisht, The Times of India, 23 November 2002.
  4. 4.0 4.1 "After 5 years in coma, Pamela Rooks dies". Yahoo! News. 3 October 2010. http://in.news.yahoo.com/48/20101003/804/tnl-after-5-years-in-coma-pamela-rooks-d_2.html। আহৰণ কৰা হৈছে: 4 October 2010. [সংযোগবিহীন উৎস]
  5. 5.0 5.1 Pamela Rooks Archived 2020-05-07 at the Wayback Machine chaosmag.
  6. "Prompted by predicament". The Hindu. 8 October 2004. Archived from the original on 6 April 2005. https://web.archive.org/web/20050406152932/http://www.hinduonnet.com/thehindu/fr/2004/10/08/stories/2004100801750100.htm. 
  7. "Fifty summers after". Indian Express. 25 July 1997. http://www.indianexpress.com/res/web/pIe/ie/daily/19970725/20650843.html. 
  8. "No malice towards Rooks: Khushwant". Indian Express. 10 January 1999. http://www.indianexpress.com/res/web/pIe/ie/daily/19990110/01050445.html. 
  9. "All set to shoot Dance Like a Man". The Times of India. 13 December 2002. http://timesofindia.indiatimes.com/bangalore-times/all-set-to-shoot-dance-like-a-man/articleshow/31102210.cms. 
  10. "From stage to screen". The Hindu. 2 October 2004. http://www.hindu.com/mp/2004/10/02/stories/2004100200500300.htm. 
  11. "Dance Like A Man". The Hindu. 1 October 2004. Archived from the original on 27 November 2007. https://web.archive.org/web/20071127022038/http://www.hinduonnet.com/thehindu/thscrip/print.pl?file=2004100102160300.htm&date=2004%2F10%2F01%2F&prd=fr&। আহৰণ কৰা হৈছে: 29 April 2020. 
  12. "Rooks hurt in car crash". The Telegraph. 28 November 2005. http://www.telegraphindia.com/1051128/asp/nation/story_5529871.asp. 
  13. "Pamela Rooks in hospital". The Hindu. 28 November 2005. Archived from the original on 26 January 2013. https://archive.ph/20130126063543/http://www.hinduonnet.com/2005/11/28/stories/2005112816041500.htm.