পাৰুল দেৱী দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰুল দেৱী দাস

পাৰুল দেৱী দাসৰ ফাইল ফটো
জন্ম ১৯৫০ চন
শ্বিলং, মেঘালয়
মৃত্যু ২৬ এপ্ৰিল, ২০২১
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়

পাৰুল দেৱী দাস (ইংৰাজী: Parul Devi Das) হ'ল অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া। ২০২১ চনৰ ২৬ এপ্ৰিল তাৰিখে ক'ভিড আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।[1]

জন্ম আৰু ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৫০ চনত শ্বিলঙত পাৰুল দাসৰ জন্ম হয়। তেওঁৰ দেউতাক প্ৰয়াত ৰামনাথ দাস বন বিভাগৰ কেবিনেট মন্ত্ৰী আছিল আৰু মাক উৰ্মিলা দেৱী। ৰামনাথ দাস দেৰগাঁও অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰপৰা বিধায়ক হৈ অসম চৰকাৰৰ বন মন্ত্ৰী হৈছিল। ২০১০ চনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰূপে পাৰুল দাসে কৰ্ম জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰিছিল। দাসৰ ভাতৃ নৱকুমাৰ দাসো এগৰাকী প্ৰশাসনিক বিষয়া আৰু অসম চৰকাৰৰ মুখ্য সচিব ৰূপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছে।[2]

মৃত্যু[সম্পাদনা কৰক]

২০২১ চনৰ ২৬ এপ্ৰিল তাৰিখে গুৱাহাটীৰ এপ'ল' চিকিৎসালয়ত পাৰুল দাসৰ মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]