সমললৈ যাওক

পিতৃ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পিতৃ দিৱস
ফাদাৰছ্ ডে
পিতৃ দিৱসফাদাৰছ্ ডে
কেনাই ৰাষ্ট্ৰীয় উদ্যানত পিতৃ দিৱস উদযাপিত এহাল পিতা-পুত্ৰ
পালন কৰে ১১১ খনতকৈ অধিক দেশ
প্ৰকাৰ বিশ্বব্যাপী
মহত্ব পিতৃলৈ সন্মান প্ৰদৰ্শন আৰু পিতৃত্বৰ তাৎপৰ্য
তাৰিখ দেশ ভেদে বেলেগ বেলেগ
জুন মাহৰ তৃতীয় দেওবাৰ ( ভাৰত)
আচাৰ উপহাৰ বিতৰণ, শ্ৰদ্ধা নিবেদন
সম্পৰ্কিত শিশু দিৱস, মাতৃ দিৱস
অৱধি 1 day
সংঘটন Annual

পিতৃ দিৱস বা ফাদাৰছ্ ডে বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পিতৃ দিৱসত পিতৃত্ব, পিতৃত্ব বান্ধোন তথা সমাজত পিতাসমূহৰ প্ৰভাৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধন্যবাদসূচক হিচাপে পালন কৰা হয়। পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱা পিতৃ দিৱস এক মাধ্যম। পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয়। ভাৰতকে আদি কৰি পৃথিৱীৰ প্ৰায়বোৰ দেশে পিতৃ দিৱস জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰে। মাতৃসকলৰ সন্মানৰ বাবে অনুষ্ঠিত মাতৃ দিৱস ইয়াৰ পৰিপূৰক।

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]