পিদাৰী
পিদাৰী | |
---|---|
প্ৰাণী | ৰ্সৰ্প |
সঙ্গী | শিৱ |
অঞ্চল | তামিলনাডু |
পিদাৰী বা পিটাৰী হিন্দুসকলৰ এগৰাকী দেৱী। তামিলনাডুত তেওঁৰ পূজা-অৰ্চনা কৰা হয়। স্থানীয় পৰম্পৰা অনুযায়ী ত্ৰিমূৰ্তিৰ অৰ্ধাংগিনী শক্তিৰ নটা দিশৰ (নৱশক্তি) ভিতৰত তেওঁক অন্যতম বুলি গণ্য কৰা হয়।[1] কিছুমান পৰম্পৰাত দেৱীগৰাকীক সৰ্প ধৰা দেৱী আৰু শিৱৰ পত্নী হিচাপে চিত্ৰিত কৰা হৈছে।[2]
চিত্ৰায়ন
[সম্পাদনা কৰক]পিদাৰী এগৰাকী গ্ৰাম্য দেৱী আৰু তেওঁৰ গাত কালীৰ অধিকাংশ গুণ নিহিত হৈ আছে। তেওঁ হাতত কপালা, খড়্গ, পাশ আৰু ত্ৰিশূল ধাৰণ কৰে। পাশৰ সলনি কেতিয়াবা তেওঁৰ হাতত অঙ্কুশো দেখা যায়। তেওঁ ধাৰণ কৰা ডম্বৰুত এটা সৰ্পই মেৰিয়াই থাকে। তেওঁ ত্ৰিনয়ন ধাৰিণী। তেওঁৰ স্তনযুগলত কুণ্ডলীবদ্ধ হৈ সৰ্প থাকিব পাৰে। তেওঁৰ তীক্ষ্ণ দাঁত দুটা সামান্য বাহিৰ ওলাই থাকে। মালা হিচাপে তেওঁৰ গলত চূণৰ এক চিহ্ন বিৰাজমান। কালী দেৱীৰ স্বৰূপ হিচাপে তেওঁৰ সংগী হৈছে শিৱ। তেওঁৰ প্ৰিয় খাদ্য ইলুমিচ্চাই মলাই। গ্ৰাম্য ধাৰণা অনুসৰি তেওঁ শিৱ আৰু শক্তিৰ দ্বৈত ৰূপ অদাংঘা পিদাৰী।[3]
কোনো কোনো সময়ত তেওঁক এটা শিলেৰেও প্ৰতিনিধিত্ব কৰা হ’ব পাৰে। ইয়াক কোৱা হয় বীৰাক্কাল। তেওঁৰ পূজা-অৰ্চনা কৰা মন্দিৰবোৰে পিদাৰী আম্মান নাম ধাৰণ কৰে। পিদাৰী দেৱীৰ কথা চোল ৰাজবংশৰ প্ৰত্নলিপিসমূহত বিৰাজমান। উক্কলৰ বিষ্ণু মন্দিৰৰ প্ৰত্নলিপিত দেৱী শত আৰু পিদাৰীৰ উল্লেখ পোৱা যায়। মহীশূৰৰ কলাৰাম্মা মন্দিৰৰ প্ৰত্নলিপিত পিদাৰী দেৱীৰ উল্লেখ আছে।[3]
কিংবদন্তী
[সম্পাদনা কৰক]পিদাৰীয়ে নৱশক্তিৰ আন সংগীসকলৰ সৈতে এসময়ত গৌৰৱোজ্বল আছিল যদিও তেওঁলোকৰ অহংকাৰৰ বাবে তেওঁলোকক পৃথিৱীলৈ নিৰ্বাসিত কৰা হৈছিল। মানুহৰ কাম-কাজ চোৱাচিতা কৰা আৰু সুৰক্ষা দিয়াৰ দায়িত্বভাৰ তেওঁলোকৰ ওপৰত ন্যস্ত কৰা হৈছিল। ইয়াৰ ফলত তেওঁলোকৰ সন্মানৰ অৰ্থে উৎসৱ পালন কৰা গাঁৱলীয়া লোকসকলে তেওঁলোকক পূজা কৰিছিল আৰু সেয়েহে তেওঁলোক গ্ৰামদেৱতা (গ্ৰামদেৱী) হৈ পৰিছিল।[4]
পন্থা
[সম্পাদনা কৰক]পিদাৰীৰ পূজা কালী দেৱীৰ এক সত্তাৰ সৈতে থলুৱা মাতৃ দেৱীৰ সংশ্লেষণ হিচাপে বিকশিত হৈছিল। দেৱী কালীৰ সংবৰ্দ্ধন হিচাপে তান্ত্ৰিক পন্থাৰ প্ৰভাৱত থলুৱা সমৰ কলাৰ পৰা পিদাৰীৰ বিকাশ ঘটি গুৰুত্ব লাভ কৰিছিল আৰু তেওঁক কাল পিদাৰী নামেৰে জনা গৈছিল।[3] বহু গাঁৱত অশুভ শক্তি দূৰ কৰি অসুৰক নাশ কৰিবলৈ দেৱীগৰাকীক আহ্বান কৰা হয়। খ্ৰীষ্টীয় সপ্তম শতিকাৰ ভিতৰত এই পন্থাটো আঞ্চলিক সাহিত্যত প্ৰতিফলিত হৈছিল। ই মূলতঃ তামিলনাডুক কেন্দ্ৰ কৰি গঢ় লৈছিল। ক্ৰমান্বয়ে তেওঁৰ পূজা-পাতলে প্ৰসাৰিত ৰূপ লাভ কৰে আৰু অষ্টম আৰু দ্বাদশ শতিকাৰ ভিতৰত পূব ভাৰতত চৰম শিখৰত উপনীত হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ziegenbalg, Bartholomaeus; Germann, Wilhelm (1869) (en ভাষাত). Genealogy of the South-Indian Gods: A Manual of the Mythology and Religion of the People of Southern India, Including a Description of Popular Hinduism. Higginbotham. পৃষ্ঠা. 37. https://books.google.com/books?id=EXsOAAAAQAAJ&dq=pidari+shiva&pg=RA1-PA37.
- ↑ Jordan, Michael (2014-05-14) (en ভাষাত). Dictionary of Gods and Goddesses. Infobase Publishing. পৃষ্ঠা. 247. ISBN 978-1-4381-0985-5. https://books.google.com/books?id=aqDC5bwx4_wC&dq=pidari+navashakti&pg=PA247.
- ↑ 3.0 3.1 3.2 "Devi Pidari is Kali in rural India". vedicgoddess.weebly.com. 20 July 2012. https://vedicgoddess.weebly.com/goddess-vidya-blog/devi-pidari-is-kali-in-rural-india। আহৰণ কৰা হৈছে: 25 March 2023.
- ↑ Ziegenbalg, Bartholomaeus; Germann, Wilhelm (1869) (en ভাষাত). Genealogy of the South-Indian Gods: A Manual of the Mythology and Religion of the People of Southern India, Including a Description of Popular Hinduism. Higginbotham. পৃষ্ঠা. 137. https://books.google.com/books?id=EXsOAAAAQAAJ&dq=pidari+shiva&pg=RA1-PA37.