সমললৈ যাওক

পুলক বন্দ্যোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুলক বন্দ্যোপাধ্যায়
জন্ম ৩১ মে', ১৯৩১
সালকিয়া, হাওড়া, পশ্চিম বংগ
মৃত্যু ০৭ ছেপ্টেম্বৰ, ১৯৯৯ (৬৮ বছৰ)
পেচা গীতিকাৰ, সুৰকাৰ

পুলক বন্দ্যোপাধ্যায় (২ মে ১৯৩১ – ৭ চেপ্তেম্বৰ ১৯৯৯)[1] এজন ভাৰতীয় বাঙালী গীতিকাৰ, সুৰকাৰ আৰু চাৰি হাজাৰৰো অধিক গীতৰ স্ৰষ্টা।[2]

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পুলক বন্দ্যোপাধ্যায়ৰ জন্ম হাওড়াৰ সালকিয়াত।[3] পিতৃ কান্তিভূষণ বন্দ্যোপাধ্যায় আছিল শান্তিনিকেতনৰ আৰম্ভণিৰ সময়ৰ ছাত্ৰ আৰু নিৰ্বাকযুগৰ চলচ্চিত্ৰ-নায়ক।[4] হাওৰাৰ এংলো সংস্কৃত স্কুলত পুলক বন্দ্যোপাধ্যায়ৰ পঢ়া-শুনা আৰম্ভ আৰু পৰৱৰ্তী সময়ত কলকাতাৰ স্কটিশ চাৰ্চ কলেজৰ পৰা বাংলা বিষয়ত অনাৰ্চসহ স্নাতক।[5] পুলক বন্দ্যোপাধ্যায়‍ে মাত্ৰ ১৭ বছৰ বয়সতে‍ চলচ্চিত্ৰৰ বাবে‍ গীত ৰচনা কৰিছিল আৰু সৰোজ মুখোপাধ্যায়ৰ অভিমান বোলছবিত তেওঁ ৰচিত গীতে‍ প্ৰথম প্ৰাণ পাইছিল।[5]

কৰ্ম-জীৱন

[সম্পাদনা কৰক]

সঙ্গীত, নাটক আৰু সাহিত্যত পুলক বন্দ্যোপাধ্যায়‍ৰ পৰিয়ালৰ যথেষ্ট খ্যাতি আছিল আৰু পৰিয়ালৰ সেই পৰিৱেশেই তেওঁক এজন গীতিকাৰ হিচাপে‍ প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছিল।[6] পঞ্চম/ষষ্ঠ শ্ৰেণীত পঢি় থাকেোঁতই আনন্দবাজাৰআনন্দমেলাত তেওঁৰ কবিতা ছপা হৈছিল আৰু তাৰ বাবদ আলোচনীৰ পৰা পাঁচ টকা মাননি লাভ কৰিছিল।[7] কলেজীয়া জীৱনৰ আৰম্ভণিতেই তেওঁৰ গল্প মাহেকীয়া ভাৰতবৰ্ষ আলোচনীত ছপা হৈছিল।[8] বাংলা আধুনিক গীতৰ জগতত এসময়ত মান্না দে আৰু পুলক বন্দ্যোপাধ্যায়ৰ জুটি‍ আছিল এক জনপ্ৰিয় জুটি। মান্না দেই গোৱা প্ৰেমৰ গীতবোৰৰ সিংহভাগৰে‍ই গীতিকাৰ পুলক বন্দ্যোপাধ্যায়।[5] পুলক বন্দ্যোপাধ্যায় ৰচিত গীতত মান্না দে, হেমন্ত মুখোপাধ্যায়, গীতা দত্ত, লতা মঙ্গেশকৰ, আশা ভোছলে, হৈমন্তী শুক্লা, শ্যামল মিত্ৰ, ভূপেন হাজৰি‍কা, আৰতী মুখোপাধ্যায়সহ অনেক বিখ্যাত শিল্পীয়ে‍ কণ্ঠ নিগৰাইছিল।[5] তেওঁ গীত ৰচনাৰ লগতে‍ উপন্যাস, চিত্ৰনাট্য আৰু শিশু সাহিত্য ৰচনা কৰি থৈ‍ গৈছে। তেওঁ প্ৰান্তৰেখা, ৰাগ-অনুৰাগ, নন্দিতা, হাৰানো প্ৰাপ্তি নিৰুদ্দেশ, বন্দীবলাকা, নাগপঞ্চমী, নাগজ্য‍োতি আদি চলচ্চিত্ৰৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল।[8] তেওঁৰ গীতৰ সংকলন আমাৰ প্ৰিয় গান, শিশু কবিতাৰ সংকলন বাহাত্তুৰে‍ আৰু গল্প সংকলন শেষ সংলাপ। তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ কথায় কথায় ৰাত হয়ে যায়[9] পুলক বন্দ্যোপাধ্যায় ৰচিত বাংলা আধুনিক গীতসমূহৰ ভিতৰত শ্ৰ‍োতাৰ পৰিচিত দুটিমান গীত হ'ল - ‘ক ফোঁটা চোখেৰ জল’, ‘তুমি নিজেৰ মুখে বললে যেদিন’, ‘পৌষেৰ কাছাকাছি ৰোদমাখা সেই দিন’, ‘চিৰদিনই তুমি যে আমাৰ’, ‘বহুদূৰ থেকে এ কথা’, ‘ভালোবাসা ছাড়া আৰ আছে কী’, ‘ৰঙ্গিলা বাঁশিতে কে ডাকে’, ‘আমাৰ বলাৰ কিছু ছিল না’, ‘নিঝুম সন্ধ্যায় পান্থ পাখিৰা’, ‘এক বৈশাখে দেখা হলো দুজনায়’, ‘আজ মন চেয়েছে আমি হাৰি‍য়ে যাব হাৰি‍য়ে যাব’, ‘মা মাগো মা, মা গো মা, আমি এলাম তোমাৰ কোলে’।[2]

১৯৯৯ চনৰ ৭ চেপ্তেম্বৰ তাৰিখে গঙ্গা নদীত নাৱৰ পৰা জঁপিয়াই তেওঁ আত্মহত্যা কৰে।[10][11] সে ঘটনাৰ দুদিন পূৰ্বে‍ অৰ্থাৎ ৭ চেপ্তেম্বৰ তাৰিখে তেওঁ লিখি‍ছিল এনেদৰে -‘আমাকে একটু জায়গা দাও মায়েৰ মন্দিৰে‍ বসি’ আৰু শেষৰফালে‍ লিখি‍ছিল, ‘যখন এমন হয়, জীৱনটা মনে হয় ব্যৰ্থ আৱৰ্জনা/ ভাবি গঙ্গায় ঝাঁপ দি, ৰে‍লেৰ লাইনে মাথা ৰাখি’।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "গানেৰ পাতা ডটকম". https://www.gaanerpata.com/pulak/ আহৰণ কৰা হৈছে: 8 October 2024.
  2. 1 2 3 "প্ৰথম আলো". https://www.prothomalo.com/entertainment/song/e6x3ph3ao4 আহৰণ কৰা হৈছে: 8 October 2024.
  3. "কেন নদীতে ঝাঁপ দিয়েছিলেন পুলক". https://nayabarta.com/%E0%A6%95%E0%A7%87%E0%A6%A8-%E0%A6%A8%E0%A6%A6%E0%A7%80%E0%A6%A4%E0%A7%87-%E0%A6%9D%E0%A6%BE%E0%A6%81%E0%A6%AA-%E0%A6%A6%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A6%B2%E0%A7%87/ আহৰণ কৰা হৈছে: 9 October 2024.
  4. পুলক বন্দ্যোপাধ্যায় (১৯৫৬). কথায় কথায় ৰাত হয়ে যায়. সাহিত্য সংসদ্. পৃষ্ঠা. ৮.
  5. 1 2 3 4 "পুলক বন্দ্যোপাধ্যায়েৰ চলে যাওয়াৰ দিন আজ". https://www.newsg24.com/feature-news/16245/ আহৰণ কৰা হৈছে: 8 October 2024.
  6. "জন্মদিনে বিশিষ্ট ব্যক্তিত্ব পুলক বন্দোপাধ্যায়কে শ্ৰদ্ধাঞ্জলি". https://chintannews.com/tribute-to-eminent-personality-pulak-bandopadhyay-on-his-birthday/ আহৰণ কৰা হৈছে: 9 October 2024.[সংযোগবিহীন উৎস]
  7. পুলক বন্দ্যোপাধ্যায় (১৯৫৬). কথায় কথায় ৰাত হয়ে যায়. সাহিত্য সংসদ্. পৃষ্ঠা. ৭.
  8. 1 2 "কবিদেৰ সভা". https://www.milansagar.com/kobi/pulak_bandyopadhyay/kobi-pulakbandopadhyay.html আহৰণ কৰা হৈছে: 9 October 2024.
  9. "পুলক বন্দ্যোপাধ্যায়েৰ প্ৰয়াণ". https://www.jagonews24.com/feature/article/792411 আহৰণ কৰা হৈছে: 9 October 2024.
  10. "সুৰেৰ ওপৰ গান লেখাৰ আশ্চৰ্য গুণ". https://www.anandabazar.com/rabibashoriyo/untold-story-of-bengali-lyricist-music-composer-pulak-bandyopadhyay-1.660722 আহৰণ কৰা হৈছে: 9 October 2024.
  11. "লঞ্চ থেকে গঙ্গায় ঝাঁপ দিয়ে আত্মহনন; কোন অৱসাদ গ্ৰাস কৰে‍ছিল পুলক বন্দ্যোপাধ্যায়কে?". https://www.prohor.in/pulak-bandyopadhyay-killed-himself-by-drowning-in-ganges আহৰণ কৰা হৈছে: 9 October 2024.