পুৰুষোত্তম ঠাকুৰ
পুৰুষোত্তম ঠাকুৰ | |
---|---|
জন্ম | ১৪৮৩ শক অসম |
মৃত্যু | ১৫৩৮ শক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।
জন্ম
[সম্পাদনা কৰক]১৪৮৩ শকৰ ফাগুনৰ সাত তাৰিখে শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান পুৰুষোত্তমৰ জন্ম হয়।[1]
সাহিত্যৰাজি
[সম্পাদনা কৰক]পুৰুষোত্তম ঠাকুৰে বৰগীতৰ আৰ্হিৰে কিছু গীত আৰু 'নৱ-ঘোষা'নামে এখনি ঘোষা পুথি ৰচনা কৰে। এওঁ আনৰ ওপৰত ৰোহ কৰি 'নৱ-ঘোষা' ৰচনা কৰিছিল;পিছত নিজৰ ভুল বুজিব পাৰি পুথিখন এপাত এপাতকৈ জুইত দিবলৈ ধৰে। বৰভকতি নামে এজন ভক্তই তাকে দেখি বাকী থকা পাতখিনি ৰক্ষা কৰে। 'নৱ-ঘোষা'খনি মাধৱদেৱৰ 'নাম-ঘোষা'ৰ মানৰ ৰচনা নহলেও ঠায়ে ঠায়ে পুৰুষোত্তম ঠাকুৰৰ ভক্তি-প্ৰৱণ কবিত্বৰ প্ৰকাশ দেখা পোৱা যায়। ইয়াত 'নাম-ঘোষা'ত নথকা বিল্বমঙ্গলৰ কৃষ্ণ-স্তোত্ৰ আদিৰ ভাঙনি সন্নিৱিষ্ট কৰা হৈছে। 'সন্তসাৰ' আৰু 'বুঢ়া-ভাষ্য' নামে দুখন পুথিও পুৰুষোত্তম ঠাকুৰৰ নামত চলা দেখা যায়।[2]
মৃত্যু
[সম্পাদনা কৰক]পুৰুষোত্তম ঠাকুৰ ১৫৩৮ শকত ইহজীৱন সমাপ্ত কৰে।[3]