পেৰামেচিয়াম
অৱয়ব
| পেৰামেচিয়াম | |
|---|---|
| Paramecium aurelia | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| সাম্ৰাজ্য: | Eukaryota |
| ৰাজ্য: | Chromalveolata |
| মহাপৰ্ব: | Alveolata |
| পৰ্ব: | Ciliophora |
| শ্ৰেণী: | Oligohymenophorea |
| বৰ্গ: | Peniculida |
| পৰিয়াল: | Parameciidae |
| গণ: | Paramecium Müller, 1773 |
পেৰামেচিয়াম (ইংৰাজী: Paramecium) এবিধ এককোষী প্ৰাণী। সাধাৰণতে পানীত বাস কৰা পেৰামেচিয়াম নিচেই ক্ষুদ্ৰ প্ৰাণী। ইহঁতক খালী চকুৰে মণিব নোৱাৰি। ধাৰণা কৰা মতে এইবিধ প্ৰাণী পৃথিৱীৰ আদিম জীৱবোৰৰ মাজৰে এবিধ। পেৰামেচিয়ামৰ শৰীৰটো অসংখ্য নোমৰ দৰে বস্তুৰে আবৃত। এইবোৰক চিলিয়া বুলি কোৱা হয়। চিলিয়াৰ সহায়েৰে পেৰামেচিয়ামবোৰে লৰচৰ বা গতি কৰিব পাৰে। পানীত থকা অতি ক্ষুদ্ৰ প্ৰাণী বা উদ্ভিদ নিজৰ দেহেৰে সামৰি লৈ পেৰামেচিয়ামে আহাৰ গ্ৰহণ কৰে। প্ৰাপ্তবয়স্ক বা পূৰঠ অৱস্থাত পেৰামেচিয়ামৰ দেহটো দুভাগত বিভক্ত হৈ পৰে। প্ৰত্যেক ভাগে দেহৰ একোটা অংশ আৱৰি লয় আৰু এটা জনক পেৰামেচিয়ামৰ পৰা দুটা সদ্যোজাত পেৰামেচিয়ামৰ সৃষ্টি হয়।
