প্ৰতাপচন্দ্ৰ বৰুৱা
অৱয়ব
প্ৰতাপচন্দ্ৰ বৰুৱা (ইংৰাজী: Pratapchandra Boruah; ১৯১১-১৯৩৮ চন) হৈছে অসমীয়া আধুনিকতাৰ উন্মেষ ঘটোৱা এজন চিত্ৰশিল্পী।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]তেওঁ ১৯১১ চনত নগাঁৱৰ হাতীচোঙত জন্ম লাভ কৰে। প্ৰতাপচন্দ্ৰ বৰুৱাৰ পিতৃ আছিল ৰমাকান্ত বৰুৱা। সৰুতে পিতৃ বিয়োগ ঘটাত তেজপুৰৰ মোমায়েক গোলাপচন্দ্ৰ দাসৰ ঘৰত থাকি বৰুৱাই পঢ়া-শুনা কৰিছিল।
শিক্ষা
[সম্পাদনা কৰক]মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ পাছতে মোমায়েকে বৰুৱাক কলিকতাত আৰ্ট স্কুলত পঢ়িবলৈ পঠাইছিল আৰু ১৯৩৪ চনত বৰুৱা চিনেমেট'গ্ৰাফী শিকিবলৈ লাহোৰলৈ যায়।
কৰ্মজীৱন
[সম্পাদনা কৰক]প্ৰতাপচন্দ্ৰ বৰুৱা লাহোৰৰ মেয়ো আট স্কুলৰৰ উপাধ্যক্ষ অছিল ডিব্ৰুগড়ৰ প্ৰখ্যাত চিত্ৰকৰ ভৱেশ সান্যাল। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চিনেমাৰ কামটো কৰ্ম নিয়োগ কৰিছিল।
শিল্পকৃতি
[সম্পাদনা কৰক]মৃত্যু
[সম্পাদনা কৰক]প্ৰতাপচন্দ্ৰ বৰুৱা লাহোৰত থাকোঁতেই যক্ষ্মাৰোগত আক্ৰান্ত হৈ ১৯৩৮ চনত তেজপুৰত মৃত্যু বৰণ কৰে।
সহায়ক গন্থ
[সম্পাদনা কৰক]- কথা বৰেণ্য ১০০, শোণিত বিজয় দাস অৰু মুনিন বায়ন, প্ৰথম সংস্কৰন:২০০৬, পৃষ্ঠা নং:১৩৬-১৩৭