প্ৰতাপচন্দ্ৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰতাপচন্দ্ৰ বৰুৱা (ইংৰাজী: Pratapchandra Boruah; ১৯১১-১৯৩৮ চন) হৈছে অসমীয়া আধুনিকতাৰ উন্মেষ ঘটোৱা এজন চিত্ৰশিল্পী।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেওঁ ১৯১১ চনত নগাঁৱৰ হাতীচোঙত জন্ম লাভ কৰে। প্ৰতাপচন্দ্ৰ বৰুৱাৰ পিতৃ আছিল ৰমাকান্ত বৰুৱা। সৰুতে পিতৃ বিয়োগ ঘটাত তেজপুৰৰ মোমায়েক গোলাপচন্দ্ৰ দাসৰ ঘৰত থাকি বৰুৱাই পঢ়া-শুনা কৰিছিল।

শিক্ষা[সম্পাদনা কৰক]

মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ পাছতে মোমায়েকে বৰুৱাক কলিকতাত আৰ্ট স্কুলত পঢ়িবলৈ পঠাইছিল আৰু ১৯৩৪ চনত বৰুৱা চিনেমেট'গ্ৰাফী শিকিবলৈ লাহোৰলৈ যায়।

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰতাপচন্দ্ৰ বৰুৱা লাহোৰৰ মেয়ো আট স্কুলৰৰ উপাধ্যক্ষ অছিল ডিব্ৰুগড়ৰ প্ৰখ্যাত চিত্ৰকৰ ভৱেশ সান্যাল। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চিনেমাৰ কামটো কৰ্ম নিয়োগ কৰিছিল।

শিল্পকৃতি[সম্পাদনা কৰক]

  • প্ৰতাপচন্দ্ৰ বৰুৱা কেইবাখনো চিত্ৰ আৱাহনত ছপা হৈছিল।
  • তেওঁ পানীৰঙৰে সন্ন্যসী আৰু শিপিনীৰ স্থানীয় চেতনাৰ প্ৰভাৱত চিত্ৰ অংকন কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

প্ৰতাপচন্দ্ৰ বৰুৱা লাহোৰত থাকোঁতেই যক্ষ্মাৰোগত আক্ৰান্ত হৈ ১৯৩৮ চনত তেজপুৰত মৃত্যু বৰণ কৰে।

সহায়ক গন্থ[সম্পাদনা কৰক]

  • কথা বৰেণ্য ১০০, শোণিত বিজয় দাস অৰু মুনিন বায়ন, প্ৰথম সংস্কৰন:২০০৬, পৃষ্ঠা নং:১৩৬-১৩৭

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]