প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা
Jump to navigation
Jump to search
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হ'ল ভাৰতৰ দুখীয়া পৰিয়ালৰ মহিলাসমূহৰ মুখত হাঁহি অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ২০১৬ চনৰ ১ মে'ত আৰম্ভ কৰা এটা যোজনা। এই যোজনাৰ অধীনত দুখীয়া মহিলাবোৰক বিনামুলীয়াকৈ এল.পি.জি. সংযোগ যোগান ধৰা হয়।
এই যোজনাৰ মুখ্য উদ্দেশ্য হ'ল গ্ৰামাঞ্চলত খাদ্য বনাবৰ বাবে ব্যৱহৃত জীৱাশ্ম ইন্ধনৰ ঠাইত এল.পি.জি.ৰ ব্যৱহাৰক অধিক গুৰুত্ব দিয়া। তাৰোপৰি মহিলাৰ সশক্তিকৰণক অধিক গুৰুত্ব দিয়াৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ সুৰক্ষাও এই যোজনাৰ আন এটি উদ্দেশ্য। এই যোজনাৰ বাবে মন্ত্ৰীমণ্ডলে ৮,০০০ কৌটি টকাৰ বাজেট নিৰ্মাণ কৰিছে।