প্ৰবীণ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড° প্ৰবীণ শইকীয়া
Dr Prabin Saikia
জন্ম ১৭ জুন, ১৯৫৫ (৬৮ বছৰ)
মাধৱপুৰ, উত্তৰ লখিমপুৰ জিলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক , বিহপুৰীয়া মহাবিদ্যালয়
জনা যায় সেউজপ্ৰাণ, বনতীৰ্থ
উল্লেখযোগ্য কৰ্ম পৰিৱেশ সংৰক্ষণ, আপদীয়া পদ্য
দাম্পত্যসঙ্গী বৰ্ণালী হাজৰিকা শইকীয়া
পিতৃ-মাতৃ শৈলেন্দ্ৰ নাথ শইকীয়া আৰু কিৰণময়ী শইকীয়া


ড° প্ৰবীণ শইকীয়া একেধাৰে এগৰাকী প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশুসাহিত্যিক আৰু পৰিৱেশ কৰ্মী৷

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

১৯৫৫ চনত উত্তৰ লখিমপুৰ জিলাৰ মাধৱপুৰত জন্মগ্ৰহণ কৰা শইকীয়া পিতৃ-মাতৃ আছিল যথাক্ৰমে শৈলেন্দ্ৰ নাথ শইকীয়া আৰু কিৰণময়ী শইকীয়া৷ তেখেতৰ জীৱনসংগী বৰ্ণালী হাজৰিকা শইকীয়া৷

শিক্ষা আৰু শৈশৱ[সম্পাদনা কৰক]

ড° শইকীয়াই বেদেতীৰ (জামুগুৰি) নেহৰু হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সাং কৰাৰ পিছত নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ৰ পৰা বিএ পাছ কৰে৷ ১৯৮২ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এমএ উত্তীৰ্ণ হয়৷

১৯৮৭ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এমফিল ডিগ্ৰী লাভ কৰে৷

১৯৯৯ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰে পৰা “খামতিসকলৰ ভাষা আৰু সমাজ: এটি অধ্যয়ন” বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ তেখেতৰ গৱেষণা নিৰ্দেশক আছিল ড° সত্যেন্দ্ৰ নাথ গোস্বামী৷

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮২ এমএ পাছ কৰি উঠাৰ লগে লগে তেখেতে বিহপুৰীয়া মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগ দি ২০১৫ চনত সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেত বিভাগীয় মুৰব্বী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ তত্ত্বাৱধানত দুগৰাকী গৱেষকে এমফিল ডিগ্ৰী লাভ কৰে৷

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

শিশু কবিতা, লিমাৰিক, গীত আদি বিষয়ত তেখেতৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে৷ সঁফুৰা নামৰ শিশু আলোচনী আৰু প্ৰান্তিকৰ তেখেত এসময়ত নিয়মীয়া প্ৰবন্ধকাৰ আছিল৷

কিতাপ[সম্পাদনা কৰক]

  1. সুৰৰে জিঞ্জিৰি (স্বৰচিত গীতৰ পুথি), বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯১
  2. অসমীয়া লিমাৰিক চয়ন (লিমাৰিকৰ সংকলন), বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯৭
  3. মাণিকী মৌ (শিশু কবিতা সংকলন), কিৰণময়ী প্ৰকাশন, বিহপুৰীয়া, ১৯৯৯
  4. History of Assamese Literature, Directorate of Distance Education, Dibrugarh University, 2008
  5. আপদীয়া পদ্য (ব্যংগ কবিতাৰ সংকলন), কিৰণময়ী প্ৰকাশন, বিহপুৰীয়া, ২০০০

গৱেষণা পত্ৰ[সম্পাদনা কৰক]

  • খামতিসকলৰ ভাষা আৰু সমাজ: এটি অধ্যয়ন (পিএইচডি থেছিছ), গৌহাটী বিশ্ববিদ্যালয়, ১৯৯৯

পুৰস্কাৰ আৰু সন্মান[সম্পাদনা কৰক]

  1. গৌৰৱ বঁটা, ২০১৮, মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ
  2. Plant Genome Saviour Farmer's Reward নামৰ ৰাষ্ট্ৰীয় বঁটা, ২০১৬-১৭

তথ্যসূত্ৰ[সম্পাদনা কৰক]