প্ৰভাতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

প্ৰভাতী গোৱা অসমৰ ঠাইবিশেষে প্ৰতিবছৰে পুহমাহত চলি অহা এটা পৰম্পৰা৷ এই পৰম্পৰাৰ সৈতে মাঘবিহুৰ ওচৰ সম্পৰ্ক আছে বুলি ধাৰণা কৰা হয়৷[1]

ৱিৱৰণ[সম্পাদনা কৰক]

সমগ্ৰ পুহমাহ জুৰি সুৰ্যোদয়ৰ পূৰ্বেই গাঁৱৰ যুৱক আৰু আদহীয়া লোকসকলে গাঁৱৰ বাটে বাটে প্ৰভাতী গায়৷ এই প্ৰভাতী গোৱাত শংখ, ঘন্টা, খুটিতাল, খোল, মৃদংগ, ডম্বৰু আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়৷ সমনীয়াই শংখ বজাই দলৰ বাকীসকলক পুৱাতে জগোৱাৰ নিয়ম৷ তাৰপাছত সকলোৱে দল বান্ধি হৰিধ্বনি দি গীত জোৰে৷

প্ৰভাতীত সাধাৰণতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতসমূহ পৰিবেশন কৰা হয়৷ এই বৰগীতসমূহ বাদ্যযন্ত্ৰ সংগত কৰি সমস্বৰে গায়৷[1]

লোকবিশ্বাস[সম্পাদনা কৰক]

লোকবিশ্বাস অনুসৰি পুহ মাহত প্ৰভাতী নাগালে উৰুকাৰ ধুনি জ্বলাব নোৱাৰি৷ তেনেদৰে প্ৰভাতী নাগালে মাঘৰ বৰদোমাহীৰ দিন ৰাইজৰ চোতালত নাম গোৱাৰ পৰাও বিৰত থাকিব লাগে৷[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ’প্ৰভাতী আৰু মাঘ বিহু’-ববিতা কলিতা, প্ৰান্তিক, ১৬ জানুৱাৰী, ২০১২