প্ৰভাস চন্দ্ৰ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰভাস চন্দ্ৰ গোস্বামী
জন্ম ১১ ডিচেম্বৰ, ১৯২২
নলবাৰী
মৃত্যু ৬ ফ্ৰেব্ৰুৱাৰী, ১৯৯২
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়


প্ৰভাস চন্দ্ৰ গোস্বামী (ইংৰাজী: Prabhas Chandra Goswami) এগৰাকী অৰ্থনৈতিক বুৰঞ্জী সাহিত্যৰ লেখক হোৱাৰ লগতে এজন অধ্যাপক আছিল।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১১ডিচেম্বৰ, ১৯২২ চনত তেখেতৰ জন্ম হয়। [1]

শিক্ষা[সম্পাদনা কৰক]

  • তেখেতে নলবাৰী গৰ্ডনৰ পৰা হাইস্কুলীয়া শিক্ষা শেষ কৰে।
  • যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৪৩ চনত আই-কম ডিগ্ৰী লাভ কৰে।
  • স্নাতক ডিগ্ৰী লাভ কৰে কলিকতাৰ এখন মহাবিদ্যালয়ৰ পৰা ১৯৪৫ চনত।
  • স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে কলিকতাৰ এখন  বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৭ চনত।
  • বি এল ডিগ্ৰী লাভ কৰে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৯॥ [2]

চাকৰি জীৱন[সম্পাদনা কৰক]

  • প্ৰভাস চন্দ্ৰ গোস্বামীয়ে ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰিছিল।
  • তেখেতে ১৯৬০-৭৪ চনত উত্তৰ-পূৱ ভাৰতৰ কৃষি-অৰ্থনীতি গৱেষণা কেন্দ্ৰ, যোৰহাট, ক্ৰমে গৱেষণা বিষয়া, সহকাৰী সঞ্চালক ৰূপে কাম কৰিছিল।
  • তেখেতে ১৯৭৪-৮৩ চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ  অধ্যাপক আছিল।
  • ১৯৮৩-৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক আছিল।
  • আমেৰিকা যুক্তৰাজ্যৰ মিনেচোটা বিশ্ববিদ্যালয়ৰ ভ্ৰমণকাৰী অধ্যাপক (১৯৭৭)॥[3]


সাহিত্যৰাজি[সম্পাদনা কৰক]

  • Economic Development of Assam (1962)
  • Problems and Prospects of Industrialisation- A Study in North-East India (1987)
  • Problems of Industrial Development in a backward Economy- A Study in North-East India (1985)
  • Role of Small-scale Industries in Economic Development of North-East India (1986)
  • Rural Development Programme and Role of Commercial Banks- A Study in North-East India (1987)
  • Financial Resources and Economic Development in the State Sector- A Study(1990)[4]


মৃত্যু[সম্পাদনা কৰক]

প্ৰভাস চন্দ্ৰ গোস্বামী ১৯৯২ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত মৃত্যু হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
  2. অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
  3. অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
  4. অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮