প্ৰহ্লাদ চৰিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰহ্লাদ চৰিত্ৰ হৈছে কয়াধু আৰু হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ জন্মৰ আগকথা, জন্ম, বাল্যকাল আৰু পিতৃৰ মৃত্যু হোৱালৈকে ভাগৱতত বৰ্ণিত আখ্যান।[1]

উল্লেখ[সম্পাদনা কৰক]

দ্বিজ কবিৰত্নই সপ্তম স্কন্ধ ভাগৱতত প্ৰহ্লাদ চৰিত্ৰভাগ উল্লেখ কৰিছে। অন্যহাতে ভাগৱতৰ অধ্যায়ৰ আধাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্ত্তনত প্ৰহ্লাদ চৰিত্ৰভাগৰ চৰিত্ৰবিলাক উল্লেখ কৰিছে।

আগকথা[সম্পাদনা কৰক]

ইন্দ্ৰক সহায়ৰ বাবে ভগৱান হৰিয়ে অসুৰ বধ কৰাৰ কথা শ্ৰীমদ্ভাগৱতৰ ষষ্ঠ স্কন্ধৰ অন্তত পৰীক্ষিতে শুকমুনিৰ মুখত শুনিছিল। সেয়ে তেওঁ সপ্তম স্কন্ধত শুকদেৱক এইবুলি প্ৰশ্ন কৰিছিল, “সমস্ত আত্মাত বিৰাজ কৰা সকলোৰে প্ৰতি সমভাবাপন্ন, সকলোৰে আত্মাস্বৰূপ দয়াশীল নাৰায়ণৰ মনত তেনে বিষমভাব কিয় হৈছিল?” উত্তৰত শুকদেৱে কৈছিল, “প্ৰহ্লাদৰ চৰিত্ৰ আৰু গোবিন্দৰ মহিমা শ্ৰৱণ-কীৰ্ত্তন কৰিলে একো দুখে চুব নোৱাৰে। ভগৱান হৰি প্ৰকৃতিতকৈ শ্ৰেষ্ঠ। ৰাগ-দ্বেষ আদি বিকাৰবোৰ, সত্ত্ব-ৰজাদি গুণ তথা ইন্দ্ৰিয়ৰ বৃত্তিবোৰ ঈশ্বৰত নাথাকে।” তাৰ পিছতে বিষ্ণুয়ে বধ কৰা অসুৰবোৰ কিদৰে পূৰ্বে শাপগ্ৰস্ত হৈ অসুৰ যোনিত জন্ম লাভ কৰা ভক্ত সেই বৰ্ণনা যুধিষ্ঠিৰ আৰু নাৰদৰ কথোপকথনৰ যোগেদি ব্যক্ত কৰিছে। নাৰদে যুধিষ্ঠিৰক কৈছে, “এসময়ত ব্ৰহ্মাৰ পুত্ৰ আৰু মোৰ জ্যেষ্ঠ ভাতৃ সনন্দন আদি পৰম জ্ঞানী আৰু সন্তপুৰুষ, বয়সত বৃদ্ধ কিন্তু দেখাত পাঁচবছৰীয়া যেন লগা যোগ সিদ্ধপুৰুষ, মৰীচি আদি নজন প্ৰজাপতিতকৈও শ্ৰেষ্ঠ, চাৰিজন মহৰ্ষি হঠাতে গৈ বৈকুণ্ঠত উপস্থিত হৈছিল। বস্ত্ৰহীন সেই চাৰিজন বালখিল্য মুনিক শিশু বালক যেন দেখি দুৱৰী দুজনে দুৱাৰমুখৰ পৰা বেতেৰে ঠেলি নি আঁতৰাই পঠালে। লগে লগে তেওঁলোকৰ মনত ভীষণ খঙ উঠি অসুৰ হ'বলৈ অভিশাপ দিয়ে।”[1]

লগে লগে দুয়োজন বৈকুণ্ঠৰ পৰা খহিপৰা দেখি মুনিকেইজনে কৈছিল, “পাৰিষদ দুজনে শুনা। তোমালোকে তিনিটা জন্মৰ পাছত পুনৰ এই লোক পাবাহি। গতিকে দুখ নকৰিবা, তিনি জন্মত মুক্তি পাবা আৰু পুনৰ আহি ঈশ্বৰক সেৱা কৰিব পাৰিবা।”[1]

ইয়াৰ পাছতে তেওঁলোক দুজন দিতিৰ গৰ্ভত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নামেৰে জন্ম লয়। হিৰণ্যকশিপু জ্যেষ্ঠ আৰু হিৰণ্যাক্ষ কনিষ্ঠ। বৰাহৰূপী বিষ্ণুৰ হাতত হিৰণ্যাক্ষৰ মৃত্যুৰ পিছত হিৰণ্যকশিপুয়ে বিষ্ণুক বৈৰীভাৱে চিন্তা কৰে আৰু বিষ্ণুক কেনেকৈ বধিব পাৰি তাকেই চিন্তা কৰি থাকে। তদুপলক্ষ্যে হিৰণ্যকশিপুয়ে সকলো দেৱতা আৰু ৰজাবোৰতকৈ শক্তিশালী হ'বলৈ মন্দৰাচললৈ গৈ বৰ কায়-ক্লেশ সহ্য কৰি বুঢ়া আঙুলিটো মাটিত থৈ তাৰ ওপৰত ভৰ দি আকাশৰ পিনে লক্ষ্য কৰি কঠোৰ তপস্যা কৰাত মগ্ন হৈছিল। এই কঠোৰ তপস্যাৰ অন্তত ব্ৰহ্মাৰ পৰা লাভ কৰা মাটি-পানী-আকাশ আদি ক’তোৱে,দেৱতা-মানুহ-জীৱ-জন্তু আদি একোৰে দ্বাৰা একো অস্ত্ৰৰে মৃত্যু নোহোৱাৰ বৰ লাভ কৰাৰ কাহিনী সপ্তম স্কন্ধৰ দ্বিতীয় অধ্যায়ত বৰ্ণনা কৰা আছে। ব্ৰহ্মাৰ বৰত প্ৰতাপী হৈ উঠা হিৰণ্যকশিপুয়ে ত্ৰৈলোক্যৰ অধিপতি হৈ সৃষ্টি কৰা সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি দেৱতাগণ বিষ্ণুৰ কাষ চাপে। বিষ্ণুয়ে তেওঁলোকক আশ্বাস দি ভক্ত প্ৰহ্লাদৰ দ্ৰোহ আচৰিলেই হিৰণ্যকশিপুক বধ কৰিব বুলি জনায়। এই প্ৰহ্লাদৰ বিষয়ে শ্ৰীমদ্ভাগৱতৰ সপ্তম স্কন্ধৰ তৃতীয়ৰ পৰা সপ্তম অধ্যায়লৈকে বৰ্ণিত হৈছে প্ৰহ্লাদ চৰিত্ৰত।[1]

তূতীয় অধ্যায়[সম্পাদনা কৰক]

তৃতীয় অধ্যায়ত আছে প্ৰহ্লাদৰ জন্ম, চাৰিত্ৰিক বিৱৰণ, আচৰণ, দিনে ৰাতিয়ে বিষ্ণুৰ নাম-গুণ কীৰ্ত্তন কৰি প্ৰহ্লাদে বিষ্ণুক ভকতি কৰা দেখি বিষ্ণুবৈৰী পিতৃৰ সহ্য নোহোৱা, অসুৰৰ গুৰু শুক্ৰাচাৰ্যই দুই পুত্ৰ ষণ্ডামৰ্ক (ষণ্ড আৰু অমৰ্ক)ক প্ৰহ্লাদক শিক্ষা দিবলৈ আজ্ঞা কৰাৰ আখ্যান। গুৰুৰ শিক্ষাত সন্তষ্ট নহৈ অনবৰতে ৰাম নাম লৈ থকা প্ৰহ্লাদক পিতৃয়ে প্ৰথমে মৰমেৰে বুজাই গুৰুদ্বয়ক শিক্ষা ভালকৈ দিবলৈ আদেশ দিয়ে। ষণ্ডামৰ্কই প্ৰহ্লাদক বুজনি দি, তিৰস্কাৰ কৰি বাকী শাস্ত্ৰ জ্ঞানৰ শিক্ষা দিয়ে। সকলো আয়ত্ত কৰে। পুনৰ পিতৃৰ ওচৰত গৈ বিষ্ণুৰ, ঈশ্বৰ ভক্তিৰ গুণানুকীৰ্তন কৰে। তেতিয়া হিৰণ্যকশিপুয়ে খঙত অগ্নিশৰ্মা হৈ ষণ্ডামৰ্কক গালি পাৰে। পিছত হৰি ভক্তিৰ শিক্ষা তেওঁলোকে নাই শিকোৱা বুলি জানিব পাৰি প্ৰহ্লাদৰ ওপৰত ক্ৰোধান্বিত হৈ বিভিন্ন ধৰণৰ শাস্তি দিবলৈ ধৰে। এইবোৰে প্ৰহ্লাদৰ একো অনিষ্ট কৰিব নোৱাৰাত তেওঁৰ সকলো শাস্তি ব্যৰ্থ হয়। পুনৰ ষণ্ডামৰ্কৰ কথা মানি প্ৰহ্লাদক ধৰ্মাদি বিষয়ে উপদেশ আৰু গৃহস্থ ধৰ্মৰ বিষয়ে শিক্ষা দিবলৈ গুৰুগৃহলৈ পঠিয়াই দিয়ে।[1]

চতুৰ্থ অধ্যায়[সম্পাদনা কৰক]

চতুৰ্থ অধ্যায়ত প্ৰহ্লাদে গুৰুৰ অনুপস্থিতিত দৈত্য শিশুগণক একত্ৰিত কৰি ভাগৱতী ধৰ্মৰ বিষয়ে উপদেশ দিয়াৰ কথা বৰ্ণনা কৰা আছে।[1]

পঞ্চম অধ্যায়[সম্পাদনা কৰক]

দৈত্যশিশুসকলে প্ৰহ্লাদৰ কথাবোৰ শুনি তেওঁৰ ধৰ্ম বা ভক্তি তত্ত্ব লাভ কেনেকৈ হৈছিল তাক জানিবলৈ বিচাৰিলে। প্ৰহ্লাদে তাৰ উত্তৰত দিয়া বৰ্ণনা পঞ্চম অধ্যায়ত আছে। নাৰদে ইন্দ্ৰৰ হাতৰ পৰা গৰ্ভাৱস্থাৰ দৈত্যপত্নী কয়াধুক মুক্ত কৰি নিজৰ আশ্ৰমলৈ লৈ যায়। তাত কিদৰে নাৰদে কয়াধুক দিয়া ধৰ্মতত্ত্ব বিষয়ক জ্ঞান মাতৃগৰ্ভত থাকোঁতেই প্ৰহ্লাদে লাভ কৰে সেইয়া বৰ্ণনা কৰে।[1]

ইফালে ষণ্ডামৰ্কৰ মুখেৰে প্ৰহ্লাদ সহিতে দৈত্যশিশুগণেও ঈশ্বৰ সাধনা কৰাৰ কথা জানিব পাৰি হিৰণ্যকশিপু খঙত একো নাই হৈ প্ৰহ্লাদক ভৰ্ৎসনা কৰে।[1]

ষষ্ঠ অধ্যায়[সম্পাদনা কৰক]

ষষ্ঠ অধ্যায়ত আছে নৰসিংহৰ হাতত হিৰণ্যকশিপুৰ বধ। প্ৰহ্লাদৰ যুক্তিবোৰ শুনি হিৰণ্যকশিপুয়ে “তই মোক বিদ্ৰূপ কৰিছ? তিনিও লোকৰ ময়েই ঈশ্বৰ আৰু তই আনক ঈশ্বৰ মানিছ? খাণ্ডাৰে তোৰ মই আজি মূৰ কাটি পেলাম। চাওঁ, আজি তোক হৰিয়ে কেনেকৈ ৰক্ষা কৰে!” “ক,তোৰ হৰি ক'ত আছে?” বুলি প্ৰশ্ন কৰাত প্ৰহ্লাদে “সকলো ঠাইতে আছে” বুলি উত্তৰ দিয়ে। “তেনেহ'লে মই কিয় দেখা নাই খাটাংকৈ ক! মোক তৎক্ষণাৎ তই দেখুৱাই দে, -যদি তই দেখিছ।” বুলি পিতৃয়ে কোৱা শুনি প্ৰহ্লাদে এটা স্তম্ভত হৰিক দেখাৰ কথা কয়। লগে লগে পুত্ৰক নাকাটি সেই স্তম্ভত প্ৰহাৰ কৰে। তেতিয়াই বিষ্ণুয়ে নৰসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুৰৰ লগত যুদ্ধ কৰে। শেহত দিন-ৰাতিৰ সন্ধিক্ষণত পানীপোটালৈ নি নৰসিংহই নিজৰ উৰুৰ ওপৰত হিৰণ্যকশিপুৰক উঠাই লৈ তাৰ বুকু ফালি, নাড়ীডাল উলিয়াই মূৰত বান্ধি লৈ তাৰ তেজ পান কৰে। এনেদৰে হিৰণ্যকশিপুৰ বধ হয়।[1]

সপ্তম অধ্যায়[সম্পাদনা কৰক]

সপ্তম অধ্যায় অনুসৰি ব্ৰহ্মা, ৰুদ্ৰ আদি দেৱতা, ঋষি মুনি, লক্ষ্মী আদি কোনেও বিষ্ণুৰ নৰসিংহ ৰূপৰ ক্ৰোধ নাইকিয়া কৰিব নোৱাৰিলে। সৰ্বশেষত প্ৰহ্লাদৰ মৌন স্তুতিত নৰসিংহৰূপী বিষ্ণুৰ অন্তৰ কৰুণাৰে ভৰি পৰে আৰু সংহাৰ মূৰ্ত্তিৰো সম্বৰণ কৰে। পিতৃক উদ্ধাৰৰ কাৰণে কৰা প্ৰহ্লাদৰ স্তুতিত নৰসিংহৰূপী বিষ্ণুয়ে কয় যে প্ৰহ্লাদে তেওঁৰ ঘৰত জন্ম লোৱাৰ কাৰণেই একৈশপুৰুষ পৰ্যন্ত উদ্ধাৰ হৈছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 ড° সুনীল কুমাৰ গোস্বামী (২০১৮). সম্পূৰ্ণ দ্বাদশ স্কন্ধ কথা ভাগৱত. শ্ৰী ইলা শৰ্মা. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]