প্ৰাকৃতিক দুৰ্যোগ
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
প্ৰাকৃতিক দুৰ্যোগ (ইংৰাজী: Natural Disaster) হ'ল একপ্ৰকাৰৰ প্ৰাকৃতিক ঘটনা, য'ত মানুহৰ আৰ্থ-সামাজিক ক্ষতি হয়; যদিও সেয়া স্বাভাৱিক প্ৰাকৃতিক ঘটনা হিচাপেই বিবেচিত, কিন্তু বহুত ক্ষেত্ৰত মানুহৰ কাম-কৰ্মৰ প্ৰভাৱে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱাত এই ধৰণৰ ঘটনা ঘটি থাকে। সাধাৰণ ভাষাত, প্ৰাকৃতিক দুৰ্যোগ হ'ল স্বাভাৱিক প্ৰাকৃতিক নিয়মৰ ব্যতিক্ৰম।
প্ৰাকৃতিক দুৰ্যোগ প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা দুৰ্য্যোগ।" প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহৰ লগতে আন বেলেগ প্ৰাণীৰো জীৱন হেৰুৱাব পাৰে বা সম্পত্তিৰ ক্ষতি কৰিব পাৰে, আৰু সাধাৰণতে ইয়াৰ পিছত কিছু অৰ্থনৈতিক ক্ষতিৰ সৃষ্টি হয়। অধিক জনসংখ্যা আৰু অট্টালিকা নিৰ্মাণৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ পৰা ক্ষতিও অধিক হৈছে। মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ ফলত প্ৰকৃতিৰ ভাৰসাম্য হেৰুৱাইছে যাৰ ফলত প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে। ক্ষতিৰ ভয়াৱহতা প্ৰভাৱিত জনসংখ্যাৰ স্থিতিস্থাপকতা আৰু উপলব্ধ আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰাকৃতিক বিপদৰ উদাহৰণ হ’ল: বানপানী, খৰাং, ভূমিকম্প, শিলাবৃষ্টি, হাৰিকেন (গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ), বৰফৰ ধুমুহা, ভূমিস্খলন, বিজুলী, নদীৰ পাৰৰ বানপানী, প্ৰবল বতাহ, টৰ্নেডো, চুনামী, আগ্নেয়গিৰিৰ উদ্গিৰণ।