প্ৰাথমিক আৰোপন ত্ৰুটি
প্ৰাথমিক আৰোপন ত্ৰুটি (ইংৰাজী: fundamental attribution error)ৰ আন দুটা নাম হৈছে সংযুক্তি পক্ষপাতিতা (correspondence bias) আৰু আৰোপন প্ৰভাৱ (attribution effect)৷ সামাজিক মনোবিজ্ঞানত প্ৰাথমিক আৰোপন ত্ৰুটিক একধৰণৰ প্ৰৱণতাৰ জৰিয়তে চিহ্নিত কৰা হয়৷ যাৰ জৰিয়তে মানুহে কোনো ব্যক্তিবিশেষৰ আচৰণৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱা পৰিস্থিতিসৃষ্ট ব্যাখ্যাৰ নিম্নমূল্যায়ন কৰে আৰু স্বভাৱজাত, ব্যক্তিত্ব-জনিত ব্যাখ্যাৰ উচ্চমূল্যাংকন কৰে৷ এই বিশেষ প্ৰৱণতাটোৱে মানুহৰ দ্বাৰা সম্পাদিত হোৱা কামটোৱেই তেওঁলোকৰ প্ৰতিফলন হিচাপে মানি লোৱাৰ প্ৰৱণতাক বুজায় ৷ [1] অৰ্থাৎ, আচৰণবোৰৰ ক্ষেত্ৰত নিজৰ ব্যক্তিত্বৰ অতিআৰোপণ আৰু পৰিৱেশ অথবা প্ৰসংগটোৰ প্ৰতি নিম্নআৰোপণ৷
উৎপত্তিস্থল
[সম্পাদনা কৰক]পৰিভাষাটোৰ জন্ম দিছিল লি ৰছে৷ [2] এই পৰিভাষাটো তেখেতে আগবঢ়াইছিল এডৱাৰ্ড এ. জনছ্ আৰু ভিক্টৰ হেৰিছে ১৯৬৭ চনত সম্পাদন কৰা এটা ধ্ৰুপদী সম্পৰীক্ষাৰ কেইবছৰৰ পাছত৷[3] এখন বিখ্যাত কাকতত ৰছে যুক্তি দৰ্শাইছিল যে, প্ৰাথমিক আৰোপন ত্ৰুটিয়ে সামাজিক মনোবিজ্ঞান ক্ষেত্ৰখনৰ ধাৰণাটো গঢ় দিয়ে৷ এডৱাৰ্ড জনছে লিখিছিল যে, তেখেতে ৰজৰ পৰিভাষাটোক "অতি উত্তেজিত আৰু কিছুপৰিমাণে বিভ্ৰান্তিকৰ" হিচাপে দেখা পাইছে৷ ইয়াৰ লগতে তেখেতে এইবুলিও কৌতুক কৰিছিল যে: "তদুপৰি, মোৰ খঙো উঠিছে যে, ইয়াৰ বিষয়ে মই প্ৰথমতে ভবা নাছিলোঁ৷[4] ডেনিয়েল গিলবাৰ্টৰ দৰে এচাম মনোবিজ্ঞানীয়ে "correspondence bias" নামৰ পৰিভাষাটোহে প্ৰাথমিক আৰোপন ত্ৰুটিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰি আহিছে৷[4] অইন একাংশ মনোবিজ্ঞানীয়ে যুক্তি দাঙি ধৰিছে যে, প্ৰাথমিক আৰোপন ত্ৰুটি আৰু (correspondence bias) সংযুক্তি পক্ষপাতিতাৰ মাজত সম্বন্ধ আছে যদিও দুয়োটাই ভিন্ন প্ৰপঞ্চ৷ এই প্ৰেক্ষাপটত প্ৰথমটো ধাৰণা দ্বিতীয়বিধৰ বাবে এটা সাধাৰণ ব্যাখ্যা হৈ পৰে৷ [5]
প্ৰাথমিক আৰোপন ত্ৰুটিয়ে বুজাব খোজা এটা আচৰণৰ সৰল উদাহৰণৰ বিষয়ে ক'বলৈ গ'লে এলিছ নামৰ গাড়ীচালকৰ কথা মনলৈ আনিব পাৰি৷ এনে এটা পৰিস্থিতিৰ কল্পনা কৰক, য'ত বব নামৰ মানুহজনে এলিচক যান-জঁটৰ সময়ত অতিক্ৰম কৰি গ'ল৷ তেতিয়া এলিচে ববৰ আচৰণক তেওঁৰ মৌলিক ব্যক্তিত্বৰ লগত সংযোগ কৰিব৷ যেনে-ববে কেৱল নিজৰহে কথা ভাবে, তেওঁ এজন উন্মাদ, তেওঁ এজন অদক্ষ চালক৷ এলিচে সেইটো মুহূৰ্তত ববৰ পৰিস্থিতিগত প্ৰসংগটোৰ বিষয়ে নাভাবে৷ যেনে-ববে বিমানযাত্ৰা হেৰুৱাৰ উপক্ৰম হৈছে, ববৰ পত্নীয়ে চিকিৎসাকেন্দ্ৰত এটি কেঁচুৱাৰ জন্ম দিছে, নাইবা ববৰ জীয়েকজনীয়ে বিদ্যালয়ত অসুবিধাৰ সমুখীন হৈছে৷ কিন্তু এলিছে নিজৰ বেলিকা সদায়েই পৰিস্থিতিগত কাৰণকেই দোষাৰোপ কৰিব আৰু নিজকে ক্ষমাদান কৰিব৷ যেনে-মই মোৰ সাক্ষাৎকাৰৰ বাবে পলম হৈছোঁ, মোৰ পুত্ৰক দন্ত চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে৷ তেনে এক প্ৰেক্ষাপটত এলিছে নিজকে উন্মাদ অথবা 'অইন মানুহক বিব্ৰত কৰি তুলিছোঁ', বা 'মই গাড়ীচালনাত অদক্ষ' ইত্যাদি স্বভাৱগত ত্ৰুটিৰ বিষয়ে নাভাবে৷ [6]
১৯৬৭ চনৰ জনছ আৰু হেৰিছৰ অধ্যয়ন
[সম্পাদনা কৰক]সংবাদদাতা অনুমান তত্ত্ব (correspondent inference theory)ৰ ওপৰত ভিত্তি কৰি জনছ আৰু হেৰিছে ধাৰণা কৰিছিল যে, মানুহে মুক্তভাৱে বাছনিকৃত আচৰণক অভ্যাসৰ লগত আৰু সুযোগ-নিৰ্দেশিত আচৰণক পৰিস্থিতিৰ লগত আৰোপ কৰিব৷ এই ধাৰণাটোক প্ৰাথমিক আৰোপন ত্ৰুটিয়ে বিভ্ৰান্ত কৰে৷ [3]
এটা বিশেষ পৰীক্ষাত অংশগ্ৰহণকাৰীসকলক (Subjects) ফিডেল কাষ্ট্ৰ' সম্বন্ধীয় প্ৰবন্ধ পঢ়িবলৈ কোৱা হ'ল৷ ইয়াৰ পিছত তেওঁলোকক লেখকসকলৰ কাষ্ট্ৰপন্থী (Pro-Castro Attitude) মনোভাৱক মূল্যাঙ্কন কৰিবলৈ কোৱা হৈছিল৷ যেতিয়া অংশগ্ৰহণকাৰীসকলে বিশ্বাস কৰিছিল যে, লেখকসকলে মুক্তমনেৰে কাষ্ট্ৰ'ৰ সপক্ষে বা বিৰুদ্ধে নিজৰ স্থানসমূহ গ্ৰহণ কৰিছে, তেতিয়া তেওঁলোকে সেইসকলক কাষ্ট্ৰ'ৰ পক্ষৰ অধিক ইতিবাচক মনোভাৱাপন্ন বুলি গণ্য কৰিছিল৷ কিন্তু জনছ্ আৰু হেৰিছৰ ধাৰণাৰ এটা বিপৰীত স্বৰূপহে দেখিবলৈ পোৱা গ'ল তেতিয়া, যেতিয়া অংশগ্ৰহণকাৰীসকলক কোৱা হ'ল যে লেখকৰ স্থিতিসমূহ এটা মুদ্ৰা-প্ৰক্ষেপণৰ জৰিয়তেহে নিৰ্ণয় কৰা হৈছে৷ তেনে একে প্ৰেক্ষাপটতো কাষ্ট্ৰ'ৰ পক্ষত থিয় দিয়া লেখকসকলৰ প্ৰতি অংশগ্ৰহণকাৰীসকলে ইতিবাচক দৃষ্টিভংগী বৰ্তাই ৰাখিল আৰু যাৰ মাত্ৰা কাষ্ট্ৰ'ৰ বিপক্ষত থিয় দিয়া লেখকতকৈ বেছি৷ অন্য এক অৰ্থত, অংশগ্ৰহণকাৰীসকলে লেখকৰ ওপৰত পৰা পৰিস্থিতিৰ সীমাবদ্ধ প্ৰভাৱ সম্পূৰ্ণৰূপে দেখিবলৈ অসমৰ্থ হ'ল৷ তাৰ পৰিণতিস্বৰূপে, তেওঁলোকে লেখকসকলৰ প্ৰতি তৈয়াৰ কৰা আৰোপনক একাশৰীয়া কৰাতো অকৃতকাৰ্য হ'ল৷ তেওঁলোকে লেখকসকলৰ প্ৰতি অধিক আভ্যন্তৰীণ আৰোপন দাখিল কৰিলে৷ [7]
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Bicchieri, Cristina. "Scripts and Schemas". Coursera - Social Norms, Social Change II. https://www.coursera.org/learn/change/lecture/3m1nZ/9-5। আহৰণ কৰা হৈছে: 15 June 2017.
- ↑ Ross, L. (1977). "The intuitive psychologist and his shortcomings: Distortions in the attribution process". In Berkowitz, L.. Advances in experimental social psychology. 10. প্ৰকাশক New York: Academic Press. পৃষ্ঠা. 173–220. ISBN 978-0-12-015210-0.
- ↑ 3.0 3.1 Jones, E. E.; Harris, V. A. (1967). "The attribution of attitudes". Journal of Experimental Social Psychology খণ্ড 3 (1): 1–24. doi:10.1016/0022-1031(67)90034-0.
- ↑ 4.0 4.1 Gilbert, D. T. (1998). "Speeding with Ned: A personal view of the correspondence bias". In Darley, J. M.; Cooper, J.. Attribution and social interaction: The legacy of E. E. Jones. প্ৰকাশক Washington, DC: APA Press. https://web.archive.org/web/20110709090156/http://www.wjh.harvard.edu/~dtg/SpeedingwithNed.pdf.
- ↑ Gawronski, Bertram (2004). "Theory-based bias correction in dispositional inference: The fundamental attribution error is dead, long live the correspondence bias". European Review of Social Psychology খণ্ড 15 (1): 183–217. doi:10.1080/10463280440000026. https://www.researchgate.net/publication/235413133.
- ↑ "Fundamental Attribution Error". Ethics Unwrapped. McCombs School of Business, The University of Texas at Austin. 2018. http://ethicsunwrapped.utexas.edu/glossary/fundamental-attribution-error.
- ↑ McLeod, Dr. Saul (2018). "Fundamental Attribution Error". Simplypsychology. https://www.simplypsychology.org/fundamental-attribution.html। আহৰণ কৰা হৈছে: 3 June 2021.