ছন্দঃপূৰ্ণ চক্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(প্ৰায়েদিন লয়ৰ পৰা পুনঃনিৰ্দেশিত)
ছন্দঃপূৰ্ণ চক্ৰ (Circadian rhythm)

মানুহৰ ২৪ ঘণ্টীয়া জৈৱিক ঘড়ীৰ কিছুমান বৈশিষ্ট্য
উচ্চাৰণ
বাৰংবাৰতা ২৪ ঘণ্টাত এবাৰ

ছন্দঃপূৰ্ণ চক্ৰ প্ৰতি ২৪ ঘণ্টাৰ বাবে নিদ্ৰা-জাগ্ৰত চক্ৰ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা এক প্ৰাকৃতিক আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়া।[1] ই ২৪ ঘণ্টাজুৰি চলা যিকোনো অভ্যন্তৰীণ জৈৱিক প্ৰক্ৰিয়াক সূচায়। জৈৱিক ঘড়ীয়ে নিয়ন্ত্ৰণ কৰা এনে কাৰ্য উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু চায়ান'বেক্টেৰিয়াত দেখা পোৱা যায়।[2]

circadian শব্দটো লেটিন circa ("প্ৰায়") আৰু diēm ("দিন")-ৰ পৰা আহিছে। ২৪ ঘণ্টাৰ বাবে দোলন হোৱা প্ৰক্ৰিয়াবোৰক সাধাৰণতে আহ্নিক ছন্দ (diurnal rhythms) বোলা হয়; অভ্যন্তৰীণ প্ৰকৃতি নিৰূপণ নোহোৱালৈকে সেইবোৰক ছন্দঃপূৰ্ণ চক্ৰ বুলিব নালাগে।[3]

ছন্দঃপূৰ্ণ চক্ৰ অভ্যন্তৰীণ বা স্বয়ংসম্পূৰ্ণ যদিও এইবোৰে পোহাৰ, তাপ আৰু জাৰণ-বিজাৰণ প্ৰক্ৰিয়াৰ দৰে বাহ্যিক সংকেত (zeitgeber)-ৰ সহায়ত স্থানীয় পৰিবেশৰ লগত খাপ খাব পাৰে।[4]

দ্ৰ'চ'ফিলিয়া গণৰ মাখিত "ছন্দঃপূৰ্ণ চক্ৰ নিয়ন্ত্ৰণৰ আণৱিক কাৰ্যপ্ৰণালী আৱিষ্কাৰৰ বাবে" জেফ্ৰি চি. হল, মাইকেল ৰছবাশ্ব আৰু মাইকেল ডব্লিউ. ইয়ং-ক ২০১৭ চনত শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।[5]

মাপকাঠী[সম্পাদনা কৰক]

ছন্দঃপূৰ্ণ বুলি ক'বৰ বাবে এটা জৈৱিক ছন্দ‌ই তিনিটা সাধাৰণ মাপকাঠী পূৰণ কৰিব লাগে:[6]

  1. ছন্দটোৰ প্ৰায় ২৪ ঘণ্টাৰ বাবে অভ্যন্তৰীণ মুকলি ম্যাদ থাকিব লাগে। নিচল পৰিবেশতো (যেনে নিচল অন্ধকাৰ) ছন্দটো প্ৰায় ২৪ ঘণ্টাৰ বাবে চলিব লাগিব।
  2. ছন্দটোৱে বিপৰীত পৰিবেশত খাপ খাপ পাৰে (entrainable)। বাহ্যিক সংকেতে (যেনে পোহৰ আৰু তাপ) ছন্দটো নকৈ আৰম্ভ কৰিব পাৰে। আন সময় অঞ্চললৈ যাত্ৰা কৰোঁতে প্ৰথমে জেট লেগ হয়, কিন্তু পাছত জৈৱিক ঘড়ীয়ে স্থানীয় সময়ৰ লগত নিজকে খাপ খুৱাই লয়।
  3. ছন্দটোৱে তাপমাত্ৰাৰ সালসলনিত প্ৰভাৱিত নহয়। বহু জীৱ‌ই বিস্তৃত তাপমাত্ৰাত বাস কৰে। তাপৰ সালসলনিয়ে কোষৰ ৰাসায়নিক প্ৰক্ৰিয়াবোৰত প্ৰভাৱ পেলালেও আহ্নিক ছন্দটোৱে ২৪ ঘণ্টীয়া সময় বাহাল ৰাখিব ৰাখিব।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "What makes us sleep?". NICHD - Eunice Kennedy Shriver National Institute of Child Health and Human Development. https://www.nichd.nih.gov/health/topics/sleep/conditioninfo/causes। আহৰণ কৰা হৈছে: 6 May 2019. 
  2. "Peroxiredoxins are conserved markers of circadian rhythms". Nature খণ্ড 485 (7399): 459–64. May 2012. doi:10.1038/nature11088. PMID 22622569. 
  3. "Overview of circadian rhythms". Alcohol Research & Health খণ্ড 25 (2): 85–93. 2001. PMID 11584554. Archived from the original on 2019-03-31. https://web.archive.org/web/20190331070116/https://pubs.niaaa.nih.gov/publications/arh25-2/85-93.htm। আহৰণ কৰা হৈছে: 2019-09-05. 
  4. "Circadian topology of metabolism". Nature খণ্ড 491 (7424): 348–56. November 2012. doi:10.1038/nature11704. PMID 23151577. 
  5. "The Nobel Prize in Physiology or Medicine 2017". www.nobelprize.org. https://www.nobelprize.org/nobel_prizes/medicine/laureates/2017/। আহৰণ কৰা হৈছে: 2017-10-06. 
  6. Johnson, Carl (2004). Chronobiology: Biological Timekeeping. প্ৰকাশক Sunderland, Massachusetts, USA: Sinauer Associates, Inc.. পৃষ্ঠা. 67–105. 

অতিৰিক্ত পাঠ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]