সমললৈ যাওক

মাইকেল ডব্লিউ. ইয়ং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইকেল ৱাৰেন ইয়ং

২০১৭ চনত ইয়ং
জন্ম ২৮ মাৰ্চ, ১৯৪৯ (৭৭ বছৰ)
মিয়ামী, ফ্লৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ
ক্ষেত্ৰ ক্ৰন'বায়লজী
বংশগতি বিজ্ঞান
কৰ্মস্থান টেক্সাচ বিশ্ববিদ্যালয়, অষ্টিন
ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিন
ৰকফেলাৰ বিশ্ববিদ্যালয়
জনা যায় চিৰকাডিয়ান ৰিদম (Circadian rhythm)
উল্লেখনীয় বঁটা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা (২০১৭)

মাইকেল ৱাৰেন ইয়ং (ইংৰাজী: Michael Warren Young; জন্ম: ২৮ মাৰ্চ ১৯৪৯) এজন আমেৰিকান ক্ৰন'বায়লজীষ্ট আৰু বংশগতি বিজ্ঞানী। তেওঁ প্ৰায় তিনি দশক জুৰি জেনেটিকেলি নিয়ন্ত্ৰিত নিদ্ৰাৰ পেটাৰ্ণ আৰু Drosophila melanogaster (ফ্ৰুট ফ্লাই) ৰ অনিদ্ৰাৰ ওপৰত গৱেষণা কৰিছিল।[1] ৰকফেলাৰ বিশ্ববিদ্যালয়ত থকা কালছোৱাত তেওঁৰ গৱেষণাগাৰে ক্ৰন'বায়লজীৰ ক্ষেত্ৰ খনলৈ অপৰিসীম অৱদান আগবঢ়াইছিল। অভ্যন্তৰীণ ক্ৰিয়া কলাপ নিয়ন্ত্ৰিত কৰা অভ্যন্তৰীণ ঘড়ীৰ বাবে দায়ী ছন্দঃপূৰ্ণ চক্ৰ (circadian rhythm)-ৰ বিভিন্ন জিনৰ আৱিষ্কাৰ তেওঁৰ অন্যতম বৃহৎ সাফল্য। Drosophila ৰ সাধাৰণ নিদ্ৰা চক্ৰৰ বাবে গুৰুত্বপূৰ্ণ প্ৰিয়ড জিন (Period Gene) তেওঁ চিনাক্ত কৰিছিল। ছন্দঃপূৰ্ণ চক্ৰৰ বাবে অতি প্ৰয়োজনীয় প্ৰটিন সমূৰ সংশ্লেষণৰ বাবে দায়ী টাইমলেছ আৰু দবলটাইম জিনো ইয়ংৰ গৱেষণাগাৰতে আৱিষ্কৃত হৈছিল। তেওঁক জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে "ছন্দঃপূৰ্ণ চক্ৰ নিয়ন্ত্ৰণ কৰা আণৱিক সংৰচনা আৱিষ্কাৰৰ বাবে" যুটীয়ভাৱে ২০১৭ চনৰ চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪৯ চনৰ ২৮ মাৰ্চ তাৰিখে মিয়ামী, ফ্লৰিডাত মাইকেল ইয়ংৰ জন্ম হৈছিল।[4] তেওঁৰ পিতৃয়ে অলিন মেথিচন কেমিকেল কৰ্পৰেচনত কাম কৰিছিল। তেওঁৰ মাতৃ আইনৰ ফাৰ্ম এখনত চেক্ৰেটাৰী হিচাপে কাম কৰিছিল। বিজ্ঞানৰ লগত কোনো সম্পৰ্ক নথকা সত্ত্বেও মাইকেলৰ মাক দেউতাকে তেওঁক বিজ্ঞানসুলভ পৰিবেশ দিবলৈ যত্ন কৰিছিল। বিজ্ঞানৰ প্ৰতি ৰাপ থকা গম পাই তেওঁৰ পিতৃয়ে তেওঁলৈ অণুবীক্ষণ আৰু দুৰবিন আনি দিছিল। তেওঁৰ ঘৰৰ কাষতে এখনি ব্যক্তিগত চিৰিয়াখানা আছিল। তাৰ সংস্পৰ্শৰ বাবেই তেওঁৰ বিজ্ঞান সুলভ মন জীৱ বিজ্ঞানৰ প্ৰতি ঢাল খালে।[5]

১৯৭১ চনত ইয়ঙে টেক্সাচ বিশ্ববিদ্যালয়, অষ্টিনৰ পৰা জীৱ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।[1] তাৰ পিছত তেওঁ ব্ৰুক জুডৰ লগত Drosophilaৰ জিনমৰ ওপৰত গৱেষণা কৰি ১৯৭৫ চনত পিএইছডি ডিগ্ৰী লাভ কৰে।[4] এই সময়তে তেওঁ Drosophilaৰ ওপৰত গৱেষণা কৰিবলৈ মন মেলে।[5] স্নাতকৰ কালছোৱাত তেওঁ ৰনণ কোনোপকা আৰু চেইমূৰ বেঞ্জাৰৰ দ্ৰ'চ'ফিলা চাৰ্কাডিয়ান মিউটেণ্টৰ ওপৰত কৰা গৱেষণাৰ কথা গম পাইছিল, আৰু পিছলৈ ইয়াৰে ওপৰত গৱেষণা কৰি তেওঁ প্ৰিয়ড জিনৰ ক্লনিংত কাম কৰিছিল।[5]

তাৰ পিছত তেওঁ ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনত আণৱিক বংশগতিৰ ওপৰত পোষ্ট ডক্টৰেল ট্ৰেইনিং কৰিছিল।[1] তাৰ পিছত তেওঁ ডেভিড হগনেছ গৱেষণাগাৰত ৰিকবিএণ্ট ডিএনএৰ বিভিন্ন প্ৰক্ৰিয়াৰ লগত চিনাকি হয়।[5] দুবছৰ পিছত তেওঁ ৰকফেলাৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক ৰূপে যোগ দিয়ে। ১৯৮৪ চনত তেওঁ সহযোগী অধ্যাপক আৰু পিছলৈ ১৯৮৮ চনত তেওঁ অধ্যাপকৰ পদ পায়।[6]২০০৪ চনত ইয়ংক শৈক্ষিক পৰিক্ৰমাৰ উপ সভাপতি নিযুক্ত হয় আৰু ৰিচাৰ্ড আৰু জেনী ফিচাৰ আসনত অধিষ্ঠিত হয়।[4]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 "2009 Neuroscience Prize- Michael W. Young". Biology. Gruber Foundation. http://gruber.yale.edu/neuroscience/michael-w-young আহৰণ কৰা হৈছে: April 6, 2015.
  2. Cha, Arlene Eujung (2017-10-02). "Nobel in physiology, medicine awarded to three Americans for discovery of ‘clock genes’". Washington Post. https://www.washingtonpost.com/news/to-your-health/wp/2017/10/02/nobel-prize-in-medicine-or-physiology-awarded-to-tktk/?hpid=hp_hp-more-top-stories_nobel-550am%3Ahomepage%2Fstory&utm_term=.63fe52a2e0d7 আহৰণ কৰা হৈছে: 2017-10-02.
  3. "The 2017 Nobel Prize in Physiology or Medicine - Press Release". The Nobel Foundation. 2017-10-02. https://www.nobelprize.org/nobel_prizes/medicine/laureates/2017/press.html আহৰণ কৰা হৈছে: 2017-10-02.
  4. 1 2 3 "Biographical Notes of Laureates". Biology. The Shaw Foundation. Archived from the original on 2020-01-26. https://web.archive.org/web/20200126155247/http://www.shawprize.org/en/shaw.php?tmp=3&twoid=94&threeid=219&fourid=370 আহৰণ কৰা হৈছে: 2015-04-06.
  5. 1 2 3 4 "Autobiography of Michael Young". Biology. The Shaw Foundation. Archived from the original on 2017-12-10. https://web.archive.org/web/20171210092311/http://www.shawprize.org/en/shaw.php?tmp=3&twoid=94&threeid=219&fourid=386&fiveid=184 আহৰণ কৰা হৈছে: 2015-04-06.
  6. 1 2 3 4 5 "Mike Young to Receive Shaw Prize". The Rockefeller University. https://www.rockefeller.edu/news/6984-mike-young-to-receive-shaw-prize/ আহৰণ কৰা হৈছে: 2017-10-02.
  7. "Michael W. Young | The Gruber Foundation" (en ভাষাত). gruber.yale.edu. http://gruber.yale.edu/neuroscience/michael-w-young আহৰণ কৰা হৈছে: 2017-10-02.
  8. "Wiley: Twelfth Annual Wiley Prize in Biomedical Sciences Awarded to Dr. Michael Young, Dr. Jeffrey Hall and Dr. Michael Rosbash.". Biology. John Wiley & Sons, Inc.. Archived from the original on 2017-12-10. https://web.archive.org/web/20171210092311/http://www.shawprize.org/en/shaw.php?tmp=3&twoid=94&threeid=219&fourid=386&fiveid=184 আহৰণ কৰা হৈছে: 2015-04-06.
  9. Sample, Ian (2017-10-02). "Jeffrey C Hall, Michael Rosbash and Michael W Young win 2017 Nobel prize in physiology or medicine – as it happened" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. http://www.theguardian.com/science/live/2017/oct/02/the-2017-nobel-prize-in-physiology-or-medicine-live আহৰণ কৰা হৈছে: 2017-10-02.