সমললৈ যাওক

প্ৰিয়া জিংগান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেজৰ
প্ৰিয়া জিংগান
আনুগত্য  ভাৰত
চাকৰি/শাখা  ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল ১০
পদমৰ্যদা মেজৰ

প্ৰিয়া জিংগান (ইংৰাজী: Priya Jhingan) এগৰাকী ভাৰতীয় সেনা বিষয়া আৰু লেডী কেডেট নং ১ আৰু ১৯৯৩ চনত ভাৰতীয় সেনাবাহিনীত নিযুক্তি পোৱা প্ৰথমটো গোটৰ ২৫ গৰাকী মহিলা বিষয়াৰ ভিতৰত ৰূপৰ পদক বিজয়ী।[1][2][3][4][5]

সেনা-বাহিনীত

[সম্পাদনা কৰক]

প্ৰিয়া এগৰাকী আৰক্ষী বিষয়াৰ কন্যা হোৱাৰ বাবে তেওঁ প্ৰথমে ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিব বিচাৰিছিল যদিও সেনাবাহিনীত যোগদান কৰিবলৈ অনুমতি দিবলৈ তদানীন্তন সেনা মুৰব্বী জেনেৰেল সুনিথ ফ্ৰান্সিছ ৰড্ৰিগেছলৈ চিঠি লিখিবলৈ সিদ্ধান্ত লয়।[1] তেওঁৰ অনুৰোধ গ্ৰহণ কৰা হৈছিল আৰু ১৯৯২ চনত চেন্নাইঅফিচাৰ্ছ ট্ৰেইনিং একাডেমীত প্ৰশিক্ষণৰ বাবে তেওঁক মতা হয়। ১৯৯২ চনৰ ২১ ছেপ্টেম্বৰৰ পৰা আন ২৪ গৰাকী লেডী কেডেটৰ সৈতে প্ৰিয়াই সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰে। ১৯৯৩ চনৰ ৬ মাৰ্চত প্ৰথম মহিলা পাঠ্যক্ৰমৰ ৰূপৰ পদক বিজয়ী হৈ স্নাতক ডিগ্ৰী লাভ কৰে৷[1][3] পদাতিক বেটেলিয়নত যোগদান কৰিবলৈ ইচ্ছা কৰিছিল যদিও তেওঁৰ অনুৰোধ সেনাই নাকচ কৰিছিল, কাৰণ তাৰ বাবে তেতিয়া তেনে কোনো ব্যৱস্থা নাছিল ৷ আইনৰ স্নাতক হোৱাৰ বাবে তেওঁ কৰ্পছৰ জাজ এডভোকেট জেনেৰেলত যোগদান কৰে।[1] দহ বছৰ ধৰি জজ এডভোকেট জেনেৰেল বিভাগত তেওঁ অসংখ্য ক'ৰ্ট মাৰ্শ্বেল পৰিচালনা কৰি বিশিষ্ট সেৱা আগবঢ়োৱাৰ পিছত, মেজৰ প্ৰিয়াক সেৱাৰ চুক্তি অনুসৰি মেজৰ ৰেংকৰ পৰা ২০০৩ চনত অব্যাহতি দিয়া হয়৷[1] ভাৰতীয় সেনাবাহিনীত নাৰীক পুৰুষৰ সমানে স্থান দিয়াৰ বাবে প্ৰিয়াই সদায় জোৰদাৰ পোষকতা কৰি আহিছে৷ তেওঁ ভাৰতীয় সেনাবাহিনীৰ মহিলা লেফটেনেণ্ট সুস্মিতা চক্ৰৱৰ্তীৰ বিতৰ্কিত আত্মহত্যাৰ পিছত সেনাবাহিনীত মহিলাৰ অধিকাৰৰ বিষয়ে মাত মাতিছিল, য’ত তেতিয়াৰ সেনাবাহিনীৰ ভাইচ-চিফ অৱ আৰ্মী ষ্টাফ লেফটেনেণ্ট জেনেৰেল এছ পট্টাভিৰনে সেনাবাহিনীৰ মহিলাসকলৰ বিষয়ে কৰা অসংবেদনশীল মন্তব্যৰ বাবে ক্ষমা খুজিবলগীয়া হৈছিল।[6] ভাৰতীয় সেনাৰ পৰা অব্যাহতি লোৱাৰ পিছত ভাৰতীয় সেনাবাহিনীৰ মহিলা বিষয়াক স্থায়ী কমিচন আৰু মহিলাই ইউনিটক কমাণ্ড দিয়াৰ পোষকতা সদায় কৰিছিল। তেওঁৰ মতামত ১৭ ফেব্ৰুৱাৰী ২০২০ তাৰিখে দ্য টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশ পাইছিল আৰু আইন নিৰ্মাতাসকলে এই কথাটো গুৰুত্ব দিছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰিয়াই সেনাবাহিনীৰ পৰা অব্যাহতি লোৱাৰ ১৭ বছৰৰ পাছত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় সেনাবাহিনীৰ ইউনিট কমাণ্ডৰ বাবে মহিলাক সম সুযোগ প্ৰদান কৰাৰ সপক্ষে ৰায়দান কৰে।

পিছৰ জীৱন

[সম্পাদনা কৰক]

অৱসৰৰ পিছত মেজৰ প্ৰিয়াই হাৰিয়ানা ন্যায়িক সেৱাত উত্তীৰ্ণ হৈছিল যদিও ন্যায়িক সেৱাত যোগদানৰ বিৰুদ্ধে কাম কৰিবলৈ সিদ্ধান্ত লয়। ইয়াৰ পিছত সাংবাদিকতা আৰু গণসংযোগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি গেংটকত ছিকিম এক্সপ্ৰেছ নামৰ সাপ্তাহিক এখনৰ সম্পাদনাৰ দায়িত্ব লয়। ২০১৩ চনত তেওঁ খট্ৰোঁ কে খিলাড়ি ছিজন ১ৰ অন্যতম অংশগ্ৰহণকাৰী আছিল।[7] ২০১৩ চনত তেওঁ ছানাৱাৰৰ লৰেন্স স্কুলত ইংৰাজী ভাষাৰ শিক্ষয়িত্ৰী[8] আৰু হাউচ মিষ্ট্ৰেছ হিচাপে যোগদান কৰে।[9] প্ৰিয়া জিংগানৰ বিবাহ লেফটেনেণ্ট কৰ্ণেল মনোজ মালহোত্ৰাৰ সৈতে হৈছে, যিয়ে পেপ টাৰ্ফ নামৰ এডভেঞ্চাৰ স্পৰ্টছ কোম্পানী এটা চলাই আছে ৷ ভাৰতৰ চণ্ডীগড়ত বাস কৰা এই দম্পতীহালৰ এজন পুত্ৰ, নাম আৰ্যমন।[6][10] ২০২০ চনৰ আগষ্ট মাহত তেওঁ সাতগৰাকী মহিলা ছাত্ৰী আৰু দ্য লৰেন্স স্কুলৰ আন এগৰাকী মহিলা শিক্ষয়িত্ৰীৰ সৈতে আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বত মাউণ্ট কিলিমাঞ্জাৰো, ইয়াৰ শিখৰটো ইয়াৰ গুৰিৰ পৰা প্ৰায় ৪,৯০০ মিটাৰ(১৬,১০০ ফুট), আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৫,৮৯৫ মিটাৰ(১৯,৩৪১ ফুট) আৰোহণ কৰে৷[11]

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা আন ১১২ গৰাকী বিশিষ্ট মহিলাৰ মাজত ভাৰতীয় সেনাবাহিনীত মহিলাৰ পথ প্ৰদৰ্শক হোৱাৰ বাবে মেজৰ প্ৰিয়া জিংগানক সম্বৰ্ধনা জনায়।

তথ্য সূ্ত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "Priya Jhingan army's first woman officer". archive.indianexpress.com. http://archive.indianexpress.com/news/army-s-first-woman-officer-comes-to-its-defence/6959/1 আহৰণ কৰা হৈছে: 2017-07-17.
  2. "List of 'First' Indian women in Indian history". indiatoday.intoday.in. Archived from the original on 2017-12-23. https://web.archive.org/web/20171223085630/http://indiatoday.intoday.in/education/story/first-indian-women/1/448279.html আহৰণ কৰা হৈছে: 2017-07-17.
  3. 1 2 Dr. Saroj Kumar Singh (2017). Role of Women in India. REDSHINE. ISBN 978-93-86483-09-6. https://books.google.com/books?id=C6wsDwAAQBAJ&pg=PA24.
  4. "First Women". zeenews.india.com. Archived from the original on 2017-08-06. https://web.archive.org/web/20170806145228/http://zeenews.india.com/IndiaFirst/Women-p2.html আহৰণ কৰা হৈছে: 2017-07-20.
  5. "Indian women Making India proud". timeskuwait.com. Archived from the original on 2018-11-06. https://web.archive.org/web/20181106092850/http://www.timeskuwait.com/Times_Indian-women-Making-India-proud আহৰণ কৰা হৈছে: 2017-07-17.
  6. 1 2 "Vice-Chief apologises". archive.indianexpress.com. http://archive.indianexpress.com/news/army-s-first-woman-officer-comes-to-its-defence/6959/2 আহৰণ কৰা হৈছে: 2017-07-20.
  7. Team, Editorial (2017-09-30). "Meet Major Priya Jhingan (Lady Cadet-1) - First Woman to Join Indian Army" (en-US ভাষাত). SSBToSuccess. http://www.ssbtosuccess.com/major-priya-jhingan/.
  8. "The Faculty of English". sanawar.edu.in. Archived from the original on 2019-02-22. https://web.archive.org/web/20190222204640/http://sanawar.edu.in/faculties.aspx#eng আহৰণ কৰা হৈছে: 2017-08-06.
  9. "The Lawrence School, Sanawar". sanawar.edu.in. Archived from the original on 2019-02-22. https://web.archive.org/web/20190222204748/http://www.sanawar.edu.in/house.aspx#gnil আহৰণ কৰা হৈছে: 2017-07-19.
  10. "Major Priya Jhingan". indiaschoolnews.com. Archived from the original on 2019-02-22. https://web.archive.org/web/20190222204738/https://www.indiaschoolnews.com/blog/2016/04/04/major-priya-jhingan-first-woman-to-join-indian-army/ আহৰণ কৰা হৈছে: 2017-08-06.
  11. "Expedition to Mt Kilimanjaro". https://www.tribuneindia.com/news/archive/himachal/expedition-to-mt-kilimanjaro-814682.