সমললৈ যাওক

প্ৰীতিকনা গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰীতিকনা গোস্বামী
জন্ম পশ্চিম বঙ্গ, ভাৰত
পেচা শিল্পকলা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী (২০২৩)

প্ৰীতিকনা গোস্বামী (ইংৰাজী: Pritikana Goswami; ) পশ্চিমবঙ্গ নিবাসী এগৰাকী ভাৰতীয় হস্তকলা বিশাৰদ। কাঁথা চিলাই বংগৰ এক পৰম্পৰাগত শিল্পকলা আৰু এই শিল্পক প্ৰীতিকনাই ইমান জনপ্ৰিয় কৰে যে বংগৰ বহুসংখ্যক মহিলা এই শিল্পকলাৰ প্ৰতি আকৰ্ষিত হয়। এই শিল্পকলালৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে প্ৰীতিকনা গোস্বামীক ২০২৩ বৰ্ষত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[1]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

প্ৰীতিকনা গোস্বামী পশ্চিমবঙ্গৰ দক্ষিণ চব্বিছ পৰগণা জিলাৰ বৰ্তমানৰ সোণাৰপুৰৰ ৯ নং ৱাৰ্ডৰ কামৰাবাদ অঞ্চলৰ বাসিন্দা। দহ বছৰ বয়সতে তেওঁ দেউতাকক হেৰুৱাইছিল। অভিভাৱহীন মাক আৰু পাঁচগৰাকী ভগ্নীৰ সৈতে এটি অতি দৰিদ্ৰ পৰিয়ালত প্ৰীতিকণাৰ জন্ম হৈছিল আৰু পৰিয়ালটোক সকাহ দিবৰ বাবে চিলাইকে জীৱিকা ৰূপে লৈছিল।[1][2] ডাঙৰ মহাকৰ আশ্ৰয়ত তেওঁ বিদ্যালয় শিক্ষা সমাপ্ত কৰিছিল। চিলাই কৰাৰ মাজেদি নতুন কিবা এটি কৰিবলৈও প্ৰীতিকনা আগ্ৰহী আছিল। কলকাতাৰ বালিগঞ্জৰ মাৰোৱাৰী ফাৰ্মৰ পৰা শাৰী চিলাইৰ অৰ্ডাৰ ঘৰলৈ আনি তেওঁ চিলাই কাম আৰম্ভ কৰিছিল। তেওঁ প্ৰায় পঞ্চাশ বছৰ এই কামটোৰ সৈতে জড়িত হৈ আছে।[2] ১৯৭৭ চনত, অমলেণ্ডু গোস্বামীৰ সৈতে প্ৰীতিকনাৰ বিয়া হয়। বিয়াৰ পিছত, পঢ়া-শুনা অব্যাহত ৰখাৰ মনেৰে প্ৰীতিকনা কলকাতাৰ চিটি কলেজত ভৰ্তি হৈছিল। কিন্তু গৰ্ভৱতী হোৱাৰ বাবে পঢ়া শুনাৰ আধাতে সামৰণি পৰিল। শহুৰেকৰ দৰিদ্ৰ পৰিয়ালটো পোহপাল দিয়াৰ অৰ্থে প্ৰীতিকনাই চিলাই কৰা অব্যাহত ৰাখিছিল। ১৯৮০ চনত তেওঁ এটি কন্যা সন্তানৰ মাতৃ হয়। অৱশেষত, পশ্চিম বংগৰ ক্ৰাফ্ট কাউন্সিলৰ তদানীন্তন অধ্যক্ষ ৰুবি পাল চৌধুৰীৰ সৈতে পৰিচয় সূত্ৰে, তেওঁ গাওঁখনৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ এখন কৰ্মশালা স্থাপন কৰে। কমলাদেৱী কণ্ঠ কেন্দ্ৰত, তেওঁ কোনো খৰচ নকৰাকৈ মহিলাসকলক চিলাই শিকায়। ১৯৯০ চনত, পশ্চিম বংগ ক্ৰাফ্ট কাউন্সিলৰ পৰা কাঁথা চিলাইৰ বাবে এটা অৰ্ডাৰ আহিছিল। তাৰ পিছত, তেওঁ আৰু তেওঁৰ সৈতে থকা মহিলাসকলে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই।[2][1] যিদৰে তেওঁ দূৰৱৰ্তী গাওঁবোৰত মহিলাসকলক বিনামূলীয়া এম্ব্ৰইডাৰী শিকোৱা অব্যাহত ৰাখিছে, ঠিক তেনেদৰে তেওঁ বংগৰ এই অতি পুৰণি কলাটোও বিভিন্ন ধৰণে পুনৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছে। কেৱল চিলাইৰ জৰিয়তে কলা সৃষ্টিয়েই তেওঁৰ কাম নহয়, মহিলা সৱলীকৰণৰ বাবেও প্ৰীতিকনাই সমানে কাম কৰিছে।[3] প্ৰীতিকনাৰ নিজৰ জীৱনো আন দহগৰাকী নাৰীৰ বাবে আদৰ্শ স্বৰূপ।

প্ৰীতিকনাই বংগৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা বিলুপ্ত প্ৰায় হাতৰ কামৰ কিছুমান নমুনা পুনৰ নিৰ্মাণ কৰিছে, যিবোৰ কলকাতাৰ গুৰুচাডে সংগ্ৰহালয়ত সংগ্ৰহ কৰা হৈছে। জ্যামিতিক ব্যৱস্থাৰ সূক্ষ্মতা তেওঁৰ কলা কৰ্মত আকৰ্ষণীয়, যি মজলীয়া আকাৰৰ বৰ্গ কাপোৰৰ ওপৰত সূতাৰ দ্বাৰা অংকিত হয়। বংগৰ পুৰণি শিল্পকৰ্মসমূহৰ পুনৰুদ্ধাৰৰ মাজেৰে প্ৰকাশিত তেওঁৰ শিল্পকৰ্ম দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো আলোচিত আৰু প্ৰশংসিত হৈছে। প্ৰীতিকনা গোস্বামীৰ শিল্পকৰ্ম ইতিমধ্যে ভিক্টোৰিয়া এলবাৰ্ট মিউজিয়াম, ফিলাডেলফিয়া মিউজিয়াম অৱ আৰ্ট, দ্য ৱাশ্বিংটন ডি.চি. টেক্সটাইল মিউজিয়াম আৰু হনুলুলু মিউজিয়াম অৱ আৰ্টৰ দৰে সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈছে।

প্ৰীতিকনাই মূলতঃ কাঁথা চিলাই কৰে, যাক বংগৰ ঐতিহাসিক নক্ষী কাঁথা বোলা হয়। সাধাৰণ কাঁথা চিলাইৰ ওপৰত পৰম্পৰাগত শৈলীৰে বিভিন্ন নক্সা তৈয়াৰ কৰাকে নক্ষী কাঁথা বোলে। নক্ষী কাঁথা ভাৰত আৰু বাংলাদেশৰ লোকশিল্পৰ এটা অংশ। ই পশ্চিম বঙ্গ, অসম, উড়িষ্যা আৰু বাংলাদেশত জনপ্ৰিয়।[1]

তথ্য উৎস

[সম্পাদনা কৰক]