সমললৈ যাওক

প্ৰেতনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰেতনী বা চুড়ে'ল (হিন্দী: चुडे़ल, উৰ্দু: چڑیل) হৈছে নাৰীৰ সৈতে মিল থকা এক প্ৰকাৰৰ পৌৰাণিক বা কিংবদন্তিমূলক জীৱ। ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানকে আদি কৰি দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত প্ৰেতনীৰ কাহিনী বেছ জনপ্ৰিয়। প্ৰেতনীক সাধাৰণতে "অপবিত্ৰ জীৱৰ ভূত" বুলি গণ্য কৰা হয়। ই প্ৰায়ে গছত ওলমি থাকে ইয়াক গছ-আত্মা বুলিও কোৱা হয়।[1] কিছুমান কিংবদন্তি অনুসৰি প্ৰসৱ বা গৰ্ভাৱস্থাৰ সময়ত বা শহুৰেকৰ হাতত দুখ-কষ্টৰ ফলত মৃত্যু হোৱা মহিলাগৰাকীয়ে প্ৰতিশোধৰ বাবে, বিশেষকৈ পৰিয়ালৰ পুৰুষসকলক লক্ষ্য কৰি প্ৰেতনী হিচাপে ঘূৰি আহে।

প্ৰেতনীক বেছিভাগেই অত্যন্ত কুৎসিত আৰু জঘন্য বুলি বৰ্ণনা কৰা হয় যদিও পুৰুষক হাবি বা পাহাৰলৈ প্ৰলোভিত কৰিবলৈ এগৰাকী ধুনীয়া মহিলাৰ ৰূপ ধৰিবলৈ সক্ষম হয়। এনেদৰে প্ৰলোভিত কৰি নিয়াৰ পিছত লোকসকলক হয় হত্যা কৰে নহয় তেওঁলোকৰ জীৱনশক্তি বা পুৰুষত্বক শোষণ কৰি বুঢ়া মানুহলৈ ৰূপান্তৰ কৰে। ইহঁতৰ ভৰি দুখন ওলোটাকৈ ঘূৰোৱা বা ভৰিৰ আঙুলিবোৰ পিঠিৰ ফালে মুখ কৰি থাকে বুলি বিশ্বাস কৰা হয়।

ভূতৰ দৰে প্ৰেতনীৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই বিষয়ে বিশদভাৱে উল্লেখ কৰা বহুতো লোকপ্ৰতিকাৰ আৰু লোককথাৰ প্ৰচলিত আছে, আৰু বহু এনে ব্যৱস্থা আছে যিবোৰে কথিতভাৱে প্ৰেতনীক জীৱন্ত হৈ উঠাত বাধা দিয়ে। কিছুমান সমাজত কোনো মহিলাৰ দূৰ্ঘটনাজনিত, কৰুণ বা অস্বাভাৱিক মৃত্যু হ’লে পৰিয়ালৰ লোকে কিছুমান বিশেষ অনুষ্ঠান পালন কৰে যাতে ভুক্তভোগী মহিলাগৰাকী প্ৰেতনী হিচাপে ঘূৰি আহিব নোৱাৰে। সন্দেহযুক্ত প্ৰেতনীৰ মৃতদেহবোৰো এটা বিশেষ পদ্ধতি আৰু ভংগীমাত পুতি থোৱা হয় যাতে তাই ঘূৰি আহিব নোৱাৰে।

ভাৰত আৰু পাকিস্তানৰ পঞ্জাব অঞ্চলত প্ৰেতনীক ‘পিছল পৰী’, বংগ অঞ্চলত ‘পেতনি/শাকচুন্নী’, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত ‘পণ্টিয়ানাক’ নামেৰে জনা যায়। ভাৰত আৰু পাকিস্তানত ডাইনীৰ বাবেও "প্ৰেতনী" শব্দটো প্ৰায়ে কথিত বা ভুলকৈ ব্যৱহাৰ কৰা হয়।[2] আধুনিক যুগৰ সাহিত্য, চিনেমা, দূৰদৰ্শন আৰু ৰেডিঅ' আদিত প্ৰেতনীৰ কাৰ্যকলাপৰ বহু উল্লেখ পোৱাৰ লগতে এতিয়াও দক্ষিণ-পূব এছিয়াৰ গ্ৰাম্য অঞ্চলত প্ৰেতনীৰ প্ৰভাৱ দেখা পোৱা যায়।[3]

সৃষ্টি[সম্পাদনা কৰক]

প্ৰেতনীৰ কিংবদন্তিৰ উৎপত্তি কথিতভাৱে পাৰস্যৰ পৰা হৈছিল য'ত তেওঁলোকক "অনাকাংশিতভাবে অতৃপ্ত ইচ্ছাৰ সৈতে" মৃত্যু হোৱা মহিলাসকলৰ আত্মা বুলি বৰ্ণনা কৰা হৈছিল।[4]

দক্ষিণ-পূব এছিয়াত প্ৰেতনী হৈছে এনে এগৰাকী মহিলাৰ ভূত যিয়ে হয় প্ৰসৱৰ সময়ত, গৰ্ভৱতী অৱস্থাত, নহয় নিৰ্ধাৰিত "অশুচিৰ সময়ছোৱাত" মৃত্যুবৰণ কৰে। ভাৰতত অশুচিৰ সময় বুলিলে এটা সাধাৰণ অন্ধবিশ্বাসক বুজায়, য’ত এগৰাকী মহিলাক মাহেকীয়া ঋতুশ্ৰাৱৰ সময়ত আৰু সন্তান জন্ম দিয়াৰ বাৰ দিনলৈকে অশুচি বুলি গণ্য কৰা হয়।[5][6][7][8] কিছুমান সূত্ৰৰ মতে ভাৰতত যদি কোনো মহিলাৰ অস্বাভাৱিক মৃত্যু বা প্ৰসৱৰ সময়ত বিশেষকৈ দীপাৱলীৰ সময়ত মৃত্যু হয় তেন্তে তেওঁ প্ৰেতনী হয়।[9]

মিৰ্জাপুৰৰ কোৰৱাসকলে কয় যে যদি কোনো মহিলাৰ মৃত্যু প্ৰসূতি কোঠাত (মহিলা সন্তান জন্ম দিয়া ঠাই) হয় তেন্তে তেওঁ প্ৰেতনী হৈ পৰে। পাটাৰী আৰু মাঝোৱাৰসকলে কয় যে গৰ্ভাৱস্থাত বা অশুচিৰ সময়ত ছোৱালীৰ মৃত্যু হ’লে প্ৰেতনী হৈ বগা কাপোৰ পিন্ধি ধুনীয়া সৰু ছোৱালীৰ ৰূপত আবিৰ্ভাৱ হৈ পুৰুষক পাহাৰলৈ প্ৰলোভিত কৰি লৈ যায়; এনেকৈ নিয়া লোকসকলক মুক্ত কৰাৰ একমাত্ৰ উপায় হ’ল এটা ছাগলী বলি দিয়া। ভূঞাসকলে কয় যে বিশ দিন বয়সৰ আগতেই যদি ছোৱালীৰ মৃত্যু হয় তেন্তে তাই প্ৰেতনী হৈ পৰে।[1]

পঞ্জাৱত যদিও এই কথা কোনেও দেখা নাই, কিছুমান মানুহৰ মতে যদি কোনো মানুহৰ বিচনাত মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ পিছত যদি তেওঁৰ বিচনাৰ লগত জড়িত কিছুমান বস্তুৰ সঠিক দান কৰা নহয়, তেওঁৰ আত্মা ভূত (ভূত) হৈ পৰে, আৰু... এগৰাকী মহিলা প্ৰেতনী হৈ পৰে।[10] খাৰৱাৰসকলে ভাবে যে যেতিয়া আত্মাই শৰীৰৰ পৰা ওলাই যায় তেতিয়া ই বায়ুত পৰিণত হয় কিন্তু যদি ই কোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহে তেন্তে আত্মাটো অশান্তিদায়ক হৈ পৰে।[11] পশ্চিম ভাৰত বিশেষকৈ গুজৰাটত যিকোনো মহিলাই অস্বাভাৱিক মৃত্যুৰ ফলত প্ৰেতনীলৈ ৰূপান্তৰিত হয় বুলি বিশ্বাস কৰা হয়, যাক জাকিহন, জাখাই, মুকাই, নাগুলাই আৰু আলভাণ্টিন বুলিও কোৱা হয়।[12][13] মূলতঃ বিশ্বাস কৰা হৈছিল যে কেৱল নিম্নবৰ্ণৰ মহিলাসকলহে প্ৰেতনীলৈ ৰূপান্তৰ হয়।[6]

পশ্চিম বংগ আৰু বাংলাদেশত এগৰাকী নাৰী অবিবাহিত হৈ মৃত্যু হ’লে বা তেওঁৰ অপূৰণীয় ইচ্ছা থাকিলে পেত্নি/শকচুন্নীলৈ ৰূপান্তৰ হয়।

আৱিৰ্ভাব[সম্পাদনা কৰক]

প্ৰেতনীৰ প্ৰকৃত ৰূপটোক অত্যন্ত কুৎসিত বুলি বৰ্ণনা কৰা হৈছে, ওলমি পৰা বক্ষ, জিভা ক’লা, ওঁঠ ডাঠ ৰুক্ষ যদিও কেতিয়াবা তাইৰ মুখ একেবাৰেই নাই বুলিও কোৱা হয়। ইয়াৰ উপৰিও ইহঁতৰ ডাঙৰ ডাঙৰ দাঁত থকা গাহৰীৰ দৰে মুখ থকা নাইবা চোকা দাঁত থকা মানুহৰ দৰে মুখ আৰু দীঘল বনৰীয়া চুলি থকা বুলিও বৰ্ণনা কৰা হৈছে।[9][12][14][15] কেতিয়াবা তাইৰ সন্মুখভাগ ধুনীয়া আৰু পিঠিখন ক'লা বুলিও বৰ্ণনা কৰা হয়, কিন্তু তাইৰ ভৰি দুখন পিছলৈ ঘূৰি থাকে।[1][16]

প্ৰেতনীয়ে নিজৰ ৰূপো সলনি কৰিব পাৰে। তাই এগৰাকী ধুনীয়া যুৱতীৰ ৰূপ ল'ব পাৰে, যিকোনো পুৰুষক মোহিত কৰিবলৈ মূৰ ঢাকি হাতত বন্তি লৈ যায়।[1][9][12][14][15] পাটাৰী আৰু মাঝোৱাৰে ভাবে যে তাই বগা কাপোৰ পিন্ধা সৰু ছোৱালী হৈ দেখা দিয়ে।[1][16]

লল্লা ৰাধা আৰু চুড়ে'ল কবিতা অনুসৰি তেওঁ মোহনীয় চকুৰ মৰমলগা নাৰীৰ ৰূপ লয় যদিও ভৰিৰকেইটা পিছলৈ ঘূৰি থকা বাবে দেখিবলৈ আচহুৱা হয়।[17]

পশ্চিম বংগ আৰু বাংলাদেশৰ পেত্‌নি/শকচুন্নীয়ে খোলা আৰু ৰঙা, বগা শাৰীৰে সৈতে পৰম্পৰাগত চুড়ি (বঙালী খাৰু) পিন্ধে।

ক্ৰিয়াকলাপ[সম্পাদনা কৰক]

সাধাৰণতে কবৰস্থান আৰু ইয়াৰ আশে-পাশে, শ্মশান, পৰিত্যক্ত যুদ্ধক্ষেত্ৰ, ঘৰৰ দুৱাৰমুখ, চৌহদ আৰু শৌচাগাৰত প্ৰেতনী দেখা পোৱা যায়।[14][15][18] প্ৰেতনী দেখা ব্যক্তিসকলক কোনো মাৰাত্মক ৰোগে আক্ৰমণ কৰিব পাৰে আৰু তাইৰ কথাৰ উত্তৰ দিয়া সকলৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।[1][2][9][11][16][17][19]

পৰিত্ৰাণৰ উপায়[সম্পাদনা কৰক]

প্ৰেতনীৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন সমাজত বিভিন্ন পৰম্পৰা অনুষ্ঠিত কৰা দেখা পোৱা যায়। ইয়াৰ ভিতৰত আটাইতকৈ উত্তম উপায় হ’ল তাইৰ সৃষ্টিক বাধা দিয়া। অৰ্থাৎ গৰ্ভৱতী মহিলাৰ ভালদৰে যত্ন ল’ব লাগে।[20] কিন্তু এগৰাকী মহিলাৰ মৃত্যু হ’লেও প্ৰেতনীৰ সৃষ্টি ৰোধ কৰিব পৰা যায় আৰু ল’ব পৰা কিছুমান সতৰ্কতামূলক ব্যৱস্থা আছে। তামিল সংস্কৃতিত মানৱ পুৰোহিতসকল মৃত মহিলাগৰাকীৰ চাৰিওফালে গোট খায় আৰু সামূহিকভাৱে তাইৰ প্ৰশংসা কৰে।[21]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Crooke, William (1894). An Introduction to the Popular Religion and Folklore of Northern India. পৃষ্ঠা. 69. https://archive.org/stream/introductiontopo00croorich#page/69/mode/1up. 
  2. 2.0 2.1 Chawla, Janet (1994). Child-bearing and Culture: Women Centered Revisioning of the Traditional Midwife : the Dai as a Ritual Practitioner. Indian Social Institute. পৃষ্ঠা. 15. OCLC 30546821. 
  3. "Haunted Tales: In Conversation with 'Dhaka Paranormal Society". Daily Sun. 2015-10-29. Archived from the original on 2019-02-03. https://web.archive.org/web/20190203085150/http://www.daily-sun.com/arcprint/details/86647/HAUNTED-TALES:-IN-CONVERSATION-WITH-%E2%80%98DHAKA-PARANORMAL-SOCIETY%E2%80%99/2015-10-29. 
  4. DeCaroli, Robert (2000). "Reading Bhājā: A Non-Narrative Interpretation of the Vihāra 19 Reliefs". East and West খণ্ড 50 (1/4): 271. 
  5. Leshnik, Lorenz S. (1967). "Archaeological Interpretation of Burials in the Light of Central Indian Ethnography". Zeitschrift für Ethnologie খণ্ড 92 (1): 23–32. 
  6. 6.0 6.1 Raymond Buckland (2009). The Weiser Field Guide to Ghosts: Apparitions, Spirits, Spectral Lights and Other Hauntings of History and Legend. Weiser Books. পৃষ্ঠা. 33. ISBN 978-1-57863-451-4. 
  7. Lehman, F. K. (2006). "Burmans, others, and the community of spirits". Crossroads: An Interdisciplinary Journal of Southeast Asian Studies খণ্ড 18 (1): 127–132. 
  8. Fane, Hannah (1975). "The Female Element in Indian Culture". Asian Folklore Studies খণ্ড 34 (1): 51–112. doi:10.2307/1177740. 
  9. 9.0 9.1 9.2 9.3 Bane, Theresa (2010). "Churel". Encyclopedia of Vampire Mythology. McFarland. পৃষ্ঠা. 47–8. ISBN 978-0-7864-4452-6. 
  10. Crooke, William (1909). "Death; Death Rites; Methods of Disposal of the Dead among the Dravidian and Other Non-Aryan Tribes of India". Anthropos খণ্ড 4 (2): 457–476. 
  11. 11.0 11.1 Pioneer Press. North Indian Notes and Queries, Volume 1. 1891.
  12. 12.0 12.1 12.2 Melton, J. Gordon (1999). The Vampire Book: The Encyclopedia of the Undead. Visible Ink Press. পৃষ্ঠা. 372. 
  13. Hildburgh, W. L. (October 1917). "103. Note on a Magical Curative Practice in Use at Benares". Man খণ্ড 17: 158. doi:10.2307/2788048. https://zenodo.org/record/2488277. 
  14. 14.0 14.1 14.2 Cheung, Theresa (2006). The Element Encyclopedia of the Psychic World. Harper Element. পৃষ্ঠা. 112. ISBN 978-0-00-721148-7. 
  15. 15.0 15.1 15.2 Bob Curran (2005). Vampires: A Field Guide To The Creatures That Stalk The Night. Career Press. পৃষ্ঠা. 138–9. ISBN 978-1-56414-807-0. https://archive.org/details/vampiresfieldgui0000curr. 
  16. 16.0 16.1 16.2 Ploss, Hermann Heinrich; Bartels, Max; Bartels, Paul (1935). Woman: An Historical Gynæcological and Anthropological Compendium. 3. প্ৰকাশক London: William Heinemann. পৃষ্ঠা. 408. https://archive.org/details/b20442117M003/page/408/mode/1up?q=Churel. 
  17. 17.0 17.1 Hope, Laurence (November 1903). "Lalla Radha and the Churel". Fortnightly Review খণ্ড 74 (443): 874–876. সাঁচ:ProQuest. 
  18. Rajaram Narayan Saletore (1981). Indian Witchcraft. Abhinav Publications. পৃষ্ঠা. 121. ISBN 978-0-391-02480-9. https://books.google.com/books?id=ETz3_bv8t0cC&pg=PA121। আহৰণ কৰা হৈছে: 2012-10-22. 
  19. Crooke, W. (1923). "The Dīvālī, the Lamp Festival of the Hindus". Folklore খণ্ড 34 (4): 267–292. doi:10.1080/0015587x.1923.9719262. 
  20. Jonathan Maberry; Da Kramer (2008). "They Thirst: Vampres". THEY BITE!: Endless Cravings of Supernatural Predators. Citadel Press. পৃষ্ঠা. 67. ISBN 978-0-8065-2820-5. https://archive.org/details/theybiteendlessc00mabe. 
  21. Strickland, Lily (1929). "Aboriginal and Animistic Influences in Indian Music". The Musical Quarterly খণ্ড 15 (3): 371–387. doi:10.1093/mq/xv.3.371.